ETV Bharat / bharat

মোডী মন্ত্ৰীসভাত সোণোৱালৰ অন্তৰ্ভুক্তি অসমৰ বাবে ইতিবাচক খবৰ হ’ব : কুইন ওজা - কুইন ওজা

সোণোৱালক মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’লে অসমৰ সকলো সাংসদে এজন অভিভাৱক লাভ কৰিব, যি তেওঁলোকক ৰাজ্যখনৰ উন্নয়নত পথ প্ৰদৰ্শক হিচাপে সহায় কৰিব বুলি মন্তব্য কুইন ওজাৰ ৷

entry-of-sonowal-into-modi-cabinet-will-be-beneficial-for-all-queen-oja
মোডী মন্ত্ৰীসভাত সোণোৱালে স্থান লাভ কৰিটো অসমৰ বাবে ইতিবাচক খবৰ: কুইন ওজা
author img

By

Published : Jun 20, 2021, 12:52 PM IST

Updated : Jun 20, 2021, 5:14 PM IST

নিউজ ডেস্ক, 20 জুন : নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda sonowal)ৰ স্থান লাভ কৰিলে, অসমৰ বাবে এয়া এক ইতিবাচক খবৰ হ’ব । নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্ভাব্য প্ৰৱেশ সন্দৰ্ভত শনিবাৰে গুৱাহাটীৰ বিজেপি সাংসদ কুইন ওজাই ইটিভি ভাৰতৰ আগত এই কথা ব্যক্ত কৰে ৷ ইটিভি ভাৰতক দিয়া এক বিশেষ সাক্ষাৎকাৰত ওজাই কয় যে, "সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে বিশাল অভিজ্ঞতা আছে আৰু তেওঁৰ প্ৰৱেশে নিশ্চিতভাৱে দেশৰ বাবে, বিশেষকৈ অসমলৈ ইতিবাচক ফলাফল আনিব ।"

উল্লেখ্য যে, অহা সপ্তাহত বহু প্ৰত্যাশিত কেবিনেট ৰদবদল হোৱাৰ আগতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সোণোৱালক ৰাষ্ট্ৰীয় ৰাজধানীলৈ মাতি আনিছে । সোণোৱালৰ ঘনিষ্ঠ সূত্ৰই তেওঁ এখন মন্ত্ৰণালয় পোৱাৰ সম্ভাৱনা আছে বুলি শনিবাৰে ই টিভি ভাৰতৰ আগত সদৰি কৰে । সোণোৱালে শনিবাৰে বিয়লি ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙ (DoNER Minister Dr Jitendra Singh )ক সাক্ষাৎ কৰে ।

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ মন্ত্ৰণালয় (The Ministry of Development for Northeastern Region) হৈছে মোডী চৰকাৰৰ এনে এক মন্ত্ৰণালয় যি সদায়ে উত্তৰ-পূবক অগ্ৰাধিকাৰ দি কাম কৰি আহিছে । বিজেপি সাংসদগৰাকীয়ে লগতে কয় যে, "যদি সোণোৱালে ড’নাৰ মন্ত্ৰণালয় লাভ কৰে, তেন্তে উত্তৰ-পূবত এক বৃহৎ পৰিৱৰ্তন আৰু উন্নয়ন হ'ব । তেওঁৰ নেতৃত্বত মন্ত্ৰণালয়ে নিশ্চিতভাৱে এটা প্ৰকল্পৰ অনুমোদন প্ৰদান কৰাৰ লগতে ৰূপায়ণত সহায় কৰিব ৷

ওজাই লগতে কয় যে, সোণোৱালক মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ লগে লগে অসমৰ সকলো সাংসদে এজন অভিভাৱক লাভ কৰিব, যি তেওঁলোকক ৰাজ্যখনৰ উন্নয়ণত পথ প্ৰদৰ্শক হিচাপে সহায় কৰিব । তেওঁ লগতে কয় যে, ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এজন অভিভাৱক হিচাপে লাভ কৰিছো আৰু যদি আমি সোণোৱালক পালে, ই নিশ্চিতভাৱে আমাক অধিক কাম কৰিবলৈ আমাৰ শক্তি বৃদ্ধি কৰিব ৷

উল্লেখ্য যে, সোণোৱালে অসমৰ এজন জনপ্ৰিয় নেতা হোৱাৰ লগতে তেওঁৰ নিকা ভাৱমূৰ্তিয়ে যোৱা পাঁচ বছৰ ৰাজ্য শাসন কৰাৰ পিছত মোডী চৰকাৰৰ মন্ত্ৰীসভাত তেওঁৰ প্ৰৱেশৰ সম্ভাৱনা অধিক হৈছে । বিজেপি সাংসদ কুইন ওজাই লগতে কয় যে, নতুন দিল্লীত আমাৰ অন্তিম বৈঠকত জে পি নাড্ডাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগত আমাক কৈছিল যে অহা পাঁচ বছৰৰ বাবে মই ৰাজ্য চৰকাৰ চলাম আৰু সৰ্বানন্দ সোণোৱালক এটা নতুন গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হ'ব ।

সোণোৱালে ইয়াৰ পূৰ্বে ২০১৪-২০১৬ বৰ্ষৰ পৰা নৰেন্দ্ৰ মোডী চৰকাৰৰ প্ৰথম কাৰ্যকালত কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০১৬ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বহ কৰিছিল ।

লগতে পঢ়ক : কেন্দ্ৰীয় কেবিনেট সম্প্ৰসাৰণ : কাৰ্যভাৰ গ্ৰহণ কৰা মন্ত্ৰীৰ নাম কৰ্তনৰ সম্ভাৱনা

Last Updated : Jun 20, 2021, 5:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.