ETV Bharat / bharat

পশ্চিম বংগৰ সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ জাননী - নিৰ্বাচন আয়োগৰ জাননী '

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক স্পষ্টীকৰণৰ বাবে জাননী জাৰি কৰাৰ পাচতেই নিৰ্বাচন আয়োগে এইবাৰ বিজেপিৰ নেতা সুভেন্দু অধিকাৰীক জাননী জাৰি কৰিছে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত কিছু সাম্প্ৰদায়িক মন্তব্যৰে ভাষণ দিয়াৰ বাবে সুভেন্দু অধিকাৰীক জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে ৷

পশ্চিম বংগৰ সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ জাননী

author img

By

Published : Apr 9, 2021, 12:59 PM IST

নিউজ ডেস্ক, 9 এপ্ৰিল : সাম্প্ৰদায়িক মন্তব্যৰে ৰাইজৰ কাষ চপা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক স্পষ্টীকৰণৰ বাবে জাননী জাৰি কৰাৰ পাচতেই নিৰ্বাচন আয়োগে এইবাৰ বিজেপিৰ নেতা সুভেন্দু অধিকাৰীক জাননী জাৰি কৰিছে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত কিছু সাম্প্ৰদায়িক মন্তব্যৰে ভাষণ দিয়াৰ বাবে সুভেন্দু অধিকাৰীক জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে ৷

নিৰ্বাচন আয়োগে সুভেন্দু অধিকাৰীক 24 ঘণ্টাৰ ভিতৰত সেই ভাষণৰ স্পষ্টীকৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ অন্যথা সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে কঠুৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও স্পষ্ট কৰি দিছে নিৰ্বাচন আয়োগে ৷

উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰত সাম্প্ৰদায়িক মন্তব্য কৰাৰ বুলি নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল চিপিআই(এমএল)ৰ নেতা কবিতা কৃষ্ণানে ৷ কবিতা কৃষ্ণানৰ অভিযোগ অনুসৰি 29 মাৰ্চত নন্দীগ্ৰামৰ এখন ৰাজহুৱা সভাত বিজেপি প্ৰাৰ্থী সুভেন্দু অধিকাৰীয়ে কিছু বিতৰ্কি মন্তব্য প্ৰকাশ কৰিছিল ৷

নিৰ্বাচন আয়োগে সদৰি কৰা মতে নন্দিগ্ৰামৰ ভাষণত সুভেন্দু অধিকাৰীয়ে কৈছিল যে, মই কীৰ্তন গাবলৈ আৰু শুনিবলৈ ভাল পাওঁ । মোৰ এই কথা নতুন নহয় । বেগমে আমাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে । আপুনি বেগমক ভোট দিয়া নাই । যদি আপুনি বেগমক ভোট দিয়ে তেন্তে আপোনাৰ অঞ্চল ক্ষুদ্ৰ পাকিস্তানলৈ পৰিণত হ'ব। এজন দাউদ ইব্ৰাহিম আপোনাৰ এলেকাত আহিছে বুলি মন্তব্য প্ৰকাশ কৰে সুভেন্দু অধিকাৰীয়ে ৷

মন কৰিবলগীয়া যে নন্দিগ্ৰামত সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছে মমতা বেনাৰ্জীয়ে ৷ নিৰ্বাচন আয়োগৰ মতে সুভেন্দু অধিকাৰীৰ ২৯ মাৰ্চত দিয়া এই ভাষণটো সম্পূৰ্ণভাৱে পৰীক্ষা কৰা হৈছে ৷ এই ভাষণত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ আচৰণ বিধিৰ প্ৰথম অংশৰ দফা 2 আৰু 3 উলংঘন কৰা হৈছে সদৰি কৰিছে নিৰ্বাচন আয়োগে ৷

পশ্চিম বংগৰ 294 টা বিধান সমষ্টিৰ 8 টা পৰ্যায়ত অনুষ্ঠিত হৈছে নিৰ্বাচন ৷ ইতিমধ্যে নিৰ্বাচনৰ প্ৰথম তিনিটা পৰ্যায় ভোটগ্ৰহণ সমাপ্ত হৈছে ৷ বাকী 5 টা পৰ্যায়ৰ ভোটগ্ৰহণ অহা 10 এপ্ৰিল, 17 এপ্ৰিল, 22 এপ্ৰিল, 26 এপ্ৰিল আৰু 29 এপ্ৰিলত অনুষ্ঠিত হ'ব। ফলাফল ঘোষণা অহা 2 মে'ত ৷

লগত পঢ়ক: ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.