ETV Bharat / bharat

Couple died due to house fire: উত্তৰাখণ্ডত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত বৃদ্ধ দম্পতীৰ কৰুণ মৃত্যু - চৌকী পাবাউ অঞ্চল

উত্তৰাখণ্ডৰ পৌৰী জিলাত শোকাৱহ ঘটনা ৷ চৌকী পাবাউ অঞ্চলৰ অন্তৰ্গত থাপলিত সোমবাৰে নিশা এটা বাসগৃহত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত দুৰ্ভাগ্যজনকভাৱে কৰুণ মৃত্যুক সাবটি লয় এটা বৃদ্ধ দম্পতীয়ে ।

Elderly couple died due to house fire in thapli village of pauri
ভয়ংকৰ অগ্নিকাণ্ড, কৰুণ মৃত্যু এটা দম্পতীৰ
author img

By

Published : Nov 15, 2022, 7:13 PM IST

নেশ্যনেল ডেস্ক, 15 নৱেম্বৰ: উত্তৰাখণ্ডৰ পৌৰী জিলাত শোকাৱহ ঘটনা ৷ চৌকী পাবাউ অঞ্চলৰ অন্তৰ্গত থাপলিত সোমবাৰে নিশা এটা বাসগৃহত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত দুৰ্ভাগ্যজনকভাৱে কৰুণ মৃত্যুক সাবটি লয় এটা দম্পতীয়ে (Couple died due to house fire) । স্থানীয় ৰাইজে জুই নিৰ্বাপণ কৰিবলৈ বহু চেষ্টা কৰিছিল নুমুৱাব নোৱাৰিলে জুই ।

ইয়াৰ পাছতেই ঘটনা সন্দৰ্ভত ৰাইজে খবৰ দিয়ে স্থানীয় আৰক্ষীক । খবৰ পোৱাৰ পিছতে আৰক্ষীকে ধৰি অগ্নিনিৰ্বাপক বাহিনীৰ লোক সেই স্থানত উপস্থিত হৈ বহু চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ কিন্তু দম্পতীটোৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল অগ্নিনিৰ্বাপক বাহিনীৰ লোক ৷ অৱশেষত কোনোমতে দুয়োৰে অগ্নিদগ্ধ মৃতদেহ উলিয়াই আনিবলৈ সক্ষম হয় আৰক্ষীয়ে । আৰক্ষীয়ে দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে (House fire in Thapli village of Pauri) ।

Elderly couple died due to house fire in thapli village of pauri
ভয়ংকৰ অগ্নিকাণ্ড, কৰুণ মৃত্যু এটা দম্পতীৰ

মৃত বৃদ্ধ দম্পতী বান্দুৰ লাল (৯০) জোকী আৰু গোদাৱৰী (৮২) । দুয়ো বৃদ্ধ বয়সত অকলেই বাস কৰিবলগীয়া হৈছিল সেই বিশাল ঘৰখনত । কাৰণ দুয়োৰে আপোন বুলিব পৰা এই পৃথিৱীখনত নাছিল আন কোনো ৷ দুয়ো এজনে আনজনৰ অবিহনে অপৰিপূৰ্ণ আছিল ৷ কিন্তু কেইবছৰমান পূৰ্বে দুয়োৰে আছিল এখন সুন্দৰ সুখৰ সংসাৰ ৷ তিনিটি সন্তানৰ সৈতে ধুনিয়াকৈ আগুৱাই গৈছিল তেওঁলোকৰ জীৱন ৷ কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস, হঠাৎ উকা হৈ পৰিল তেওঁলোকৰ সেই সোণৰ সংসাৰখন ৷

এদিন হঠাৎ আহিছিল এটা দুৰ্ভাগ্যজনক খবৰ ৷ সেই খবৰটোৱে মুহূৰ্ততে সকলো সুখ-শান্তি কাঢ়ি লৈ গৈছিল তেওঁলোকৰ পৰা ৷ খবৰ আহিল তিনি সন্তানৰ বাহন দুৰ্ঘটনাৰ ৷ দুৰ্ঘটনাই থিতাতে কাঢ়ি নিলে তিনিওটা সন্তানৰ প্ৰাণ ৷ তাৰ পিছৰে পৰা দুয়ো অকলেই পাৰ কৰিছিল জীৱনৰ বিয়লি বেলা ৷ শেষত দুয়ো একেলগেই অগ্নিকাণ্ডৰ কৰুণ ঘটনাত অগ্নিদগ্ধ হৈ গুচি গ’ল এই ধৰাৰ পৰা (Elderly couple died due to house fire) ৷

উল্লেখ্য যে পাকঘৰৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । পাবাউ আউটপোষ্টৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক পানৱাৰে জনোৱা মতে, আউটপোষ্টৰ পৰা প্ৰায় ৩০ ৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত আছিল থাপলি গাঁওখন । উদ্ধাৰকাৰী দলটো থাপলি গাঁৱত উপস্থিত হোৱাৰ সময়লৈকে বহু দেৰি হৈ গৈছিল । উদ্ধাৰকাৰী দলে জুই নিয়ন্ত্ৰণৰ বাবে বহু প্ৰচেষ্টা চলাইছিল । কিন্তু জুই নিয়ন্ত্ৰণ কৰিব পৰা নাছিল । ঘৰটো কাঠ আৰু শিলেৰে নিৰ্মিত হোৱাৰ বাবে জুই ভয়াৱহ ৰূপত বিয়পি পৰিছিল ।

লগতে পঢ়ক: Mizoram quarry collapse : ৪ জন লোক এতিয়াও সন্ধানহীন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.