ETV Bharat / bharat

Udhayanidhi Controversy : উদয়ানিধিৰ বিৰুদ্ধে মানহানিকৰ টুইটৰ অভিযোগ; বিজেপি নেতা অমিত মালৱীয়ৰ বিৰুদ্ধে গোচৰ ডিএমকেৰ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:18 PM IST

ডিএমকেৰ হৈ দাখিল কৰা অভিযোগটোত মালৱীয়ৰ বিৰুদ্ধে ৩ ছেপ্টেম্বৰত এটা টুইট পোষ্ট কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । টুইটটোত মন্ত্ৰী উদয়ানিধিৰ এটা ভিডিঅ' আছিল আৰু সনাতন ধৰ্ম অনুসৰণ কৰা ভাৰতৰ জনসংখ্যাৰ ৮০% লোকক গণহত্যাৰ বাবে আহ্বান জনোৱা হৈছিল ।

Udhayanidhi Controversy
Udhayanidhi Controversy

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : মাদুৰাই চহৰৰ ডিএমকে আইনী শাখাৰ জিলা সংগঠকৰ বিজেপিৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়ক অমিত মালৱীয়ৰ বিৰুদ্ধে অভিযোগ দাখিল । মাদুৰাই মহানগৰ আৰক্ষী আয়ুক্তৰ ওচৰত আনুষ্ঠানিক অভিযোগ দাখিল কৰি মন্ত্ৰী উদয়ানিধি ষ্টেলিনক লক্ষ্য কৰি কৰা এক মানহানিকৰ টুইটৰ বাবে অমিত মালৱীয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

ডিএমকেৰ হৈ দাখিল কৰা অভিযোগটোত মালৱীয়ৰ বিৰুদ্ধে ৩ ছেপ্টেম্বৰত এটা টুইট পোষ্ট কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । টুইটটোত মন্ত্ৰী উদয়ানিধিৰ এটা ভিডিঅ' আছিল আৰু সনাতন ধৰ্ম অনুসৰণ কৰা ভাৰতৰ জনসংখ্যাৰ ৮০% লোকক গণহত্যাৰ বাবে আহ্বান জনোৱা হৈছিল ।

ঘটনাটোৰ আৰম্ভণি ২ ছেপ্টেম্বৰত হয় । সিদিনাখন মন্ত্ৰী উদয়ানিধিয়ে এটা ভাষণত সনাতন ধৰ্মক এক সামাজিক ব্যাধি বুলি উল্লেখ কৰিছিল । লগতে কোভিড-১৯, ডেংগু আৰু মেলেৰিয়াৰ দৰে ৰোগৰ সৈতে তুলনা কৰিছিল । পৰৱৰ্তী সময়ত অমিত মালৱীয়ই মন্ত্ৰীগৰাকীৰ ভাষণৰ ভিডিঅ' আপলোড কৰে আৰু অভিযোগ কৰে যে তেওঁ সনাতন ধৰ্মৰ অনুগামীসকলক গণহত্যাৰ বাবে আহ্বান জনাইছে ।

ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰী উদয়ানিধিয়ে টুইটাৰযোগে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে তেওঁ কেতিয়াও গণহত্যাৰ আহ্বান জনোৱা নাছিল আৰু সনাতন ধৰ্মই জাতি আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰি মানুহক বিভাজন কৰে বুলি গুৰুত্ব আৰোপ কৰিছিল । তেওঁ থানথাই পেৰিয়াৰ আৰু ডঃ আম্বেদকাৰৰ লেখনিৰ ওপৰত ভিত্তি কৰি গভীৰ গৱেষণাৰ বাবে তৎপৰতা প্ৰকাশ কৰি মানৱতা আৰু মানৱ সমতাৰ সপক্ষে ইয়াক উৎখাত কৰাৰ আহ্বান জনাইছিল ।

কিন্তু মন্ত্ৰী উদয়ানিধিৰ স্পষ্টীকৰণ সত্ত্বেও অমিত মালৱীয়ই ক্ষমা বিচৰা নাই বা তেওঁৰ বক্তব্য প্ৰত্যাহাৰ কৰা নাই । ডিএমকেৰ আইনী শাখাই যুক্তি দিছে যে মালৱীয়ই দিয়া বিবৃতিটো সমাজৰ ভিতৰত ঘৃণা আৰু সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যৰে কৰা দেখা গৈছে ।

লগতে পঢ়ক :Sanatan Dharma controversy : উধায়ানিধি ষ্টেলিনৰ বিৰুদ্ধে মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.