ETV Bharat / bharat

Delhi-NCR witness Heavy Rainfall : ৰাজধানী দিল্লীত ধাৰাসাৰ বৃষ্টিপাত - ধাৰাসাৰ বৰষুণৰ কবলত ৰাজধানী দিল্লী

ৰাজধানী চহৰ দিল্লী আৰু কাষৰীয়া অঞ্চলবোৰত ধাৰাসাৰ বৃষ্টিপাত (Delhi witnessed heavy rainfall)। পৰৱৰ্তী দুদিনলৈ বৰষুণৰ লগতে বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা ৷ প্ৰচণ্ড শীতৰ মাজতে বৰষুণৰ ফলত প্ৰভাৱিত হৈছে সাধাৰণ জনজীৱন ।

Delhi weather
ধাৰাসাৰ বৰষুণৰ কবলত ৰাজধানী দিল্লী
author img

By

Published : Jan 8, 2022, 12:37 PM IST

নেশ্যনেল ডেস্ক, ৮ জানুৱাৰী : প্ৰচণ্ড শীতৰ মাজতে দেশৰ ৰাজধানী দিল্লী আৰু সমীপৱৰ্তী অঞ্চলসমূহত শনিবাৰে প্ৰবল বৃষ্টিপাত হোৱা দেখা যায় (Delhi witnessed heavy rainfall) । বজ্ৰপাতৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত প্ৰভাৱিত হয় কেইবাটাও অঞ্চল ৷ বতৰ বিজ্ঞান বিভাগে টুইটযোগে জনোৱা মতে, দিল্লীৰ লগতে কাষৰীয়া অঞ্চল কাৰনাল, পানীপথ, গান্নুৰ, সোনিপত, খাৰখোড়, ঝাজ্জৰ, পালৱাল, উত্তৰ প্ৰদেশৰ বাগপত আৰু ৰাজস্থানৰ তজৰা আদি অঞ্চলতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

ইফালে শীতৰ মাজতে বৰষুণৰ ফলত দিল্লী আৰু কাষৰীয়া অঞ্চলৰ পাৰাস্তম্ভ অধিক নিম্নগামী হয় । যাৰ ফলত গৃহহীন বা পদপথৰ লোকসকলে বিভিন্ন নিশাৰ আশ্ৰয়স্থলত থাকিবলগীয়া হৈছে । বতৰ বিজ্ঞান বিভাগৰ জাননী অনুসৰি, ৯ জানুৱাৰী পৰ্যন্ত দিল্লীৰ আকাশ ডাৱৰীয়া হৈ থাকিব ।

বৰষুণৰ পাছতে দেখা গৈছে যে দিল্লী চহৰৰ বায়ুমণ্ডল পূৰ্বৰ তুলনা কিছু পৰিস্কাৰ হৈছে । প্ৰদূষণৰ ফলত ৰাজধানী চহৰৰ বায়ুৰ মানদণ্ড অতি দুৰ্বল শ্ৰেণীৰ পৰা কিছু উন্নত হৈছে ।

লগতে পঢ়ক : সাধাৰণ জ্বৰ-কাহ নে অ’মিক্ৰণ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.