ETV Bharat / bharat

মাৰ্চ মাহৰ পৰা প্ৰথমবাৰৰ বাবে শুকুৰবাৰে দিল্লীত দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস

author img

By

Published : May 29, 2021, 4:58 PM IST

ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংহাৰ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে দিল্লীত হ্ৰাস পালে দৈনিক আক্ৰান্তৰ সংখ্যা । শুকুৰবাৰে দিনটোত ৰাজধানী চহৰখনত ৯০০ জন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । মাৰ্চ মাহৰ পিছত প্ৰথমবাৰৰ বাবে দিল্লীত হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা । দিল্লীত আনলকৰ প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

DELHI LATEST COVID REPORT
দিল্লীত হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা

নেশ্যনেল ডেস্ক, ২৯ মে': দিল্লীত যোৱা ২৪ ঘণ্টাত প্ৰায় ৯০০ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে কয় যে, শুকুৰবাৰে ৰাজধানী চহৰখনত আক্ৰান্ত হোৱা লোকৰ সংখ্যা যোৱা মাৰ্চ মাহৰ পিছত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে । যোৱা ২৩ মাৰ্চত দিল্লীত ১,১০০ জন লোক কৰ'ণাত আক্ৰান্ত হৈছিল ।

শনিবাৰে কেজৰিৱালে এক সংবাদমেল সম্বোধন কৰি কয় যে, যোৱা ২৪ ঘণ্টাত ৯০০ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । শুকুৰবাৰে দিল্লী চৰকাৰে ক্ৰমান্বয়ে আনলক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাৰ কথা জানিব পৰা গৈছে । মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত যোৱা ১৯ এপ্ৰিলৰ পৰা কঠোৰ লকডাউনৰ জাৰি কৰা হৈছিল দিল্লীত ।

শুকুৰবাৰে দিল্লীত দৈনিক আক্ৰান্তৰ হাৰ ২ শতাংশতকৈ কম আছিল । ৰাজধানী চহৰখনত সক্ৰিয় ৰোগীৰ সংখ্যা ১৫ হাজাৰতকৈ হ্ৰাস পাইছে । লগতে হোম আইচ’লেশ্যনত থকা ক'ভিড ৰোগীৰ সংখ্যা ৭,০০০ জনতকৈ হ্ৰাস পাইছে । দিল্লীত যোৱা ২০ এপ্ৰিলত ২৮, হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছিল । আনহাতে ২২ এপ্ৰিলত সৰ্বাধিক দৈনিক আক্ৰান্তৰ হাৰ আছিল 36 শতাংশতকৈ অধিক ।

লগতে পঢ়ক:ক'ভিড-১৯: যোৱা ২৪ ঘণ্টাত ত্ৰিপুৰাত ১৩ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.