ETV Bharat / bharat

Delhi Cop killed : ট্ৰাকৰ খুন্দাত নিহত দিল্লী আৰক্ষীৰ পৰিদৰ্শক - Delhi Cop Killed

দেওবাৰে পশ্চিম দিল্লীৰ পাঞ্জাবী বাগৰ ৰোহটক পথত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত নিহত হয় এজন দিল্লী আৰক্ষীৰ পৰিদৰ্শক ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষী বিষয়াজনৰ গাড়ী পথৰ কাষত ৰৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ৷

Delhi Cop Killed in a Road Accident
পথ দুৰ্ঘটনাত নিহত আৰক্ষী বিষয়া
author img

By

Published : Jul 30, 2023, 4:02 PM IST

নিউজ ডেস্ক, 30 জুলাই : পশ্চিম দিল্লীৰ পাঞ্জাৱী বাগৰ ৰোহটক পথত দেওবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত নিহত হয় দিল্লী আৰক্ষীৰ এজন পৰিদৰ্শক ৷ এখন ট্ৰাকে খুন্দা মৰাৰ ফলত নিৰাপত্তা শাখাৰ দিল্লী আৰক্ষী পৰিদৰ্শকজন নিহত হয় বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, দেওবাৰে পুৱতি নিশা মাডিপুৰ মেট্ৰ’ ষ্টেচনৰ সমীপৰ ৰোহটক ৰোডত এক দুৰ্ঘটনা সংঘটিত হয়, য’ত এখন গাড়ীক পিছফালৰ পৰা এখন ট্ৰাকে খুন্দা মাৰে ৷

পুলিচ কণ্ট্ৰল ৰুমক ঘটনা সন্দৰ্ভত খবৰ দিয়াত এটা দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় ৷ বিষয়াগৰাকীয়ে কয় যে, যান্ত্ৰিক বিজুতিৰ বাবে গাড়ীখন এই স্থানত আৰু তেতিয়াই পিছফালৰ পৰা ট্ৰাকখনে খুন্দা মাৰে ৷ লগতে বাহিৰত থিয় হৈ থকা গাড়ীখনৰ চালকজনকো খুন্দা মাৰে ট্ৰাকে ৷ তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয় ৷ আইএনএছৰ এক প্ৰতিবেদন অনুসৰি নিহত লোকজন বৰ্তমান নিৰাপত্তা ইউনিটত কৰ্মৰত দিল্লী আৰক্ষীৰ পৰিদৰ্শক জগবীৰ সিং বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক : Delhi High Court : মাৰ পিটৰ গোচৰত শাস্তি হিচাবে 200 গছপুলি ৰোপনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

বিষয়াগৰাকীয়ে কয় যে, দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকজনে ট্ৰাকখন এৰি সেই স্থানৰ পৰা পলায়ন কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু চালকজনৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰা হৈছে। বিষয়টোৰ অধিক তদন্ত চলি আছে ৷ কি যান্ত্ৰিক বিজুতিৰ বাবে আৰক্ষীজনৰ গাড়ীখন ৰৈ গৈছিল সেই কথা বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে ট্ৰাকখনৰ পঞ্জীয়নৰ সবিশেষৰ ভিত্তিত কৰ্তৃপক্ষই এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : Reshuffle in Assam Police: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.