ETV Bharat / bharat

ৰাজধানী দিল্লীত ঘন কুঁৱলী, দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই জাৰি কৰিছে নিৰ্দেশনা

author img

By ANI

Published : Jan 15, 2024, 9:49 AM IST

Updated : Jan 15, 2024, 11:59 AM IST

ৰাজধানী দিল্লীত ঘন কুঁৱলীয়ে সৃষ্টি কৰিছে সমস্যাৰ ৷ এনে পৰিস্থিতি যাত্ৰীৰ সুবিধাৰ্থে বাবে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে বিমান সংস্থাসমূহৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

Delhi airport issues advisory
দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী: ঘন কুঁৱলীয়ে সমস্যাৰ সৃষ্টি কৰিছে ৰাজধানী দিল্লীত ৷ কুঁৱলীৰ পৰিমাণ হ্ৰাস নোপোৱা পৰ্যন্ত দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে বিমান সংস্থাসমূহৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

X যোগে বিমানবন্দৰ কৰ্তৃপক্ষই কয়, "ঘন কুঁৱলীৰ বাবে দিল্লী বিমানবন্দৰৰ বিমানৰ কাম-কাজত প্ৰভাৱ পৰিব পাৰে । যাত্ৰীসকলক বিমানৰ আপডেট তথ্যৰ বাবে সংশ্লিষ্ট বিমান সংস্থাটোৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।" ইয়াৰ পূৰ্বে দেওবাৰে দেশৰ সমগ্ৰ উত্তৰ অংশত কম দৃশ্যমানতা আৰু ঘন কুঁৱলীৰ পৰিস্থিতিয়ে ইণ্ডিগ’ৰ বিমান পৰিচালনাত প্ৰভাৱ পেলাইছিল, যাৰ ফলত বিমান যাত্ৰা কৰা যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হৈছিল ।

ইণ্ডিগ’ এয়াৰলাইন্সৰ এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে, "সমগ্ৰ উত্তৰ ভাৰতত হোৱা ঘন কুঁৱলীৰ বাবে দেখা পোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছিল 2024 চনৰ 14 জানুৱাৰীত আৰু ইয়ে ইণ্ডিগ'ৰ বিমান পৰিচালনাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছিল । ইয়াৰ ফলত সমগ্ৰ দিনটোৰেই আমাৰ কাৰ্যকলাপত প্ৰভাৱ পৰিছিল । আমাৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক পূৰ্বৰে পৰা অৱগত কৰিছিল । বিমানবন্দৰসমূহৰ সকলো পলম আৰু বাতিলৰ তথ্য আৰু যাত্ৰীসকলৰ সুবিধাৰ বাবে সকলো প্ৰচেষ্টা চলাইছিলোঁ ।"

সোমবাৰে দিল্লীত ঘন কুঁৱলী দেখিবলৈ পোৱা গৈছিল ৷ আৰ কে পুৰম অঞ্চলত নূন্যতম তাপমাত্ৰা হৈছিলগৈ 4 ডিগ্ৰী চেলছিয়াছ । ৰাজধানী চহৰখনক ডাঠ কুঁৱলীয়ে ঢাকি ধৰা পৰিলক্ষিত হৈছিল ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (চিপিচিবি)ৰ তথ্য অনুসৰি দেওবাৰে বায়ুৰ গুণাগুণ সূচকাংক ‘ভয়ংকৰ’ শিতানলৈ নামি আহিছিল ।

বায়ুৰ গুণাগুণ উন্নত হোৱাৰ পিছত 1 জানুৱাৰীত GRAP ৰ নিষেধাজ্ঞা বাতিল কৰা হৈছিল । দেওবাৰে দিল্লী পৰিবহণ বিভাগে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বি এছ-III পেট্ৰ’ল আৰু বি এছ-IV ডিজেল চাৰিচকীয়া বাহন নিৰ্মাণ আৰু চলোৱাত নিষেধাজ্ঞা আৰোপ কৰে । পৰৱৰ্তী নিৰ্দেশ বলবৎ নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিষেধাজ্ঞা ।

নিষেধাজ্ঞা বলবৎ হোৱাৰ লগে লগে গাজীপুৰ আৰু অপসৰা সীমান্তত যান-বাহনৰ পৰিদৰ্শন তীব্ৰতৰ হৈ পৰে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰ আৰু মঙলবাৰে উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু হাৰিয়ানাৰ কেইবাটাও স্থানত ‘জাৰ সম্বন্ধীয় সতৰ্কবাণী’ জাৰি কৰে । ইফালে দিল্লী শিক্ষা বিভাগে সকলো শ্ৰেণীৰ বাবে শাৰীৰিক শিক্ষণ মোডত বিদ্যালয় খোলাৰ নিৰ্দেশ দিছে ৷ নাৰ্চাৰী, কেজি আৰু প্ৰাথমিক শ্ৰেণীসমূহ সোমবাৰৰ পৰা আৰম্ভ হ’ব ।

লগতে পঢ়ক: দিল্লীত ঘন কুঁৱলীৰ প্ৰভাৱ, ১০০ ৰো অধিক বিমানৰ যাত্ৰাত বিলম্ব

Last Updated : Jan 15, 2024, 11:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.