ETV Bharat / bharat

Deepawali cash gifts to journalists : সাংবাদিকক উৎকোচ দিয়াৰ অভিযোগ নস্যাৎ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে দীপাৱলীত সাংবাদিকসকলক নগদ ধনৰ উপহাৰ দিছিল (Karnataka CM Deepawali gifts controversy)। এই অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দিছে ৰাজ্যখনৰ এটা বেচৰকাৰী সংগঠনে । কংগ্ৰেছেও মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে । সমগ্ৰ অভিযোগ নস্যাৎ কৰিছে মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই ।

author img

By

Published : Oct 30, 2022, 9:47 PM IST

Deepawali cash gifts to journalists
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

নেশ্যনেল ডেস্ক,৩০ অক্টোবৰ : দীপাৱলীত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক ১ লাখ টকাৰ নগদ উপহাৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে (Deepawali cash gifts to journalists)। বিৰোধী কংগ্ৰেছে শনিবাৰে অভিযোগ কৰা মতে মুখ্যমন্ত্ৰীয়ে দীপাৱলীত সাংবাদিকসকলক ১ লাখ টকাৰ উৎকোচ দিয়াৰ চেষ্টা কৰিছে (Karnataka CM gifts cash to journalists)। এই ক্ষেত্ৰত ন্যায়িক তদন্তৰ দাবী কৰাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ পদত্যাগৰো দাবী কৰিছে কংগ্ৰেছে । এই অভিযোগৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই সাংবাদিকক উৎকোচ দিয়াৰ চেষ্টা কৰাৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Karnataka CM on Deepawali gifts controversy)। তেওঁ এই অভিযোগ মিছা আখ্যা দিছে লগতে এয়া কংগ্ৰেছৰ ষড়যন্ত্ৰৰ অংশ বুলি অভিহিত কৰিছে । মুখ্যমন্ত্ৰীয়ে কয় যে কোনোৱে লোকায়ুক্তৰ সন্মুখত এই বিষয়টোত অভিযোগ দাখিল কৰিছে আৰু সত্য পোহৰলৈ আহিবলৈ তদন্ত বিচাৰিছে ।

তেওঁ লগতে কয় যে এই ক্ষেত্ৰত বিভিন্নজনে সাংবাদিকসকলক চোৰৰ দৰে চাইছে । কংগ্ৰেছক তীব্ৰ সামলোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ শাসন কালত বিভিন্ন লোকে কি ধৰণৰ উপহাৰ দিছিল সেয়া স্পষ্টভাৱে জনা যায় আৰু সংবাদ মাধ্যমতে বাতৰি প্ৰকাশ পাইছিল । উপহাৰ হিচাপে আইফোন বা লেপটপ বা সোণৰ মুদ্ৰা দিছিল বুলিও তেওঁ অভিযোগ কৰে ।

মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে যে কংগ্ৰেছে কি ধৰণৰ নৈতিকতা দেখুৱাইছে ? সাংবাদিকক উপহাৰ দিয়া বা সকলো সাংবাদিকে ইয়াক গ্ৰহণ কৰা কথাটো বুজাটো সঠিক নহয় । কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰই ইয়াক ভুলকৈ ব্যাখ্যা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে । মুখ্যমন্ত্ৰী বাসৱৰাজে ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছে । সাংবাদিকসকলক কোনো উপহাৰ প্ৰেৰণ কৰিবলৈ তেওঁ কোনো নিৰ্দেশ দিয়া নাই বুলি দোহাৰি বোম্মাই কয় যে তদন্তৰ অন্তত ইয়াৰ সত্যটো পোহৰলৈ আহিব ।

উল্লেখ্য যে জনাধিকাৰা সংঘাষ পৰিষদ নামৰ এটা বেচৰকাৰী সংগঠনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰ্ণাটক লোকায়ুক্তৰ সন্মুখত বিষয়টো সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে (Complaint against CM before Karnataka Lokayukta)। অভিযোগকাৰী জেএছপিৰ আৰ আদৰ্শ আয়াৰ, প্ৰকাশ বাবু বি কে আৰু বিশ্বনাথ ভি বিয়ে কৈছিল যে কেইবাটাও মিডিয়া হাউচৰ মুখ্য সাংবাদিকসকলক মুখ্যমন্ত্ৰীয়ে তেওঁৰ ঘনিষ্ঠ সহায়কৰ জৰিয়তে উৎকোচ দিছিল আৰু এই বিষয়টো তেওঁলোকৰ একাংশই সংগঠনটোক অৱগত কৰিছিল আৰু উপহাৰৰ ধন উভতাই দিছিল ।

লগতে পঢ়ক :Kabadi player Sandeep Nangal murder : ফেচবুক লাইভযোগে স্বামীৰ হত্যাকাৰীৰ তথ্য দিলে ৰূপিন্দৰ কৌৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.