ETV Bharat / bharat

DCW Chief Swati Maliwal in Manipur : মণিপুৰৰ ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ মহিলা আয়োগৰ নেত্ৰী মালিৱালৰ

author img

By

Published : Jul 25, 2023, 6:27 PM IST

দিল্লীৰ পৰা গৈ কোনো নিৰাপত্তা অবিহনে মণিপুৰৰ ভুক্তভোগী মহিলাৰ পৰিয়ালক সাক্ষাৎ কৰে দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে । চৰকাৰে তেওঁক নিৰাপত্তা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ অভিযোগ । মুখ্যমন্ত্ৰী বীৰেণ সিঙক বৰ্খাস্ত কৰাৰ আহ্বান মালিৱালৰ ।

DCW Chief Swati Maliwal in Manipur
মণিপুৰৰ ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ মহিলা আয়োগৰ নেত্ৰী মালিৱালৰ

নেশ্যনেল ডেস্ক,২৫ জুলাই : মণিপুৰৰ বিবস্ত্ৰ মহিলাৰ ভাইৰেল ভিডিঅ'ক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । একাংশ লোকৰ উৎপীড়নৰ মণিপুৰৰ দুই মহিলাৰ ন্যায়ৰ বাবেও বিভিন্নজনে দাবী জনাইছে । ইয়াৰ মাজতে ভুক্তভোগী দুই মহিলাৰ ঘৰত উপস্থিত দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱাল । মালিৱালে ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে । দিল্লী মহিলা আয়োগৰ এগৰাকী বিষয়াই জনোৱা মতে আয়োগৰ সদস্য বন্দনা সিঙৰ সৈতে মালিৱাল সোমবাৰে ইম্ফলত উপস্থিত হয় আৰু পৰিয়ালৰ সদস্যসকলক সাক্ষাতৰ বাবে হিংসাগ্ৰস্ত চুৰাচান্দপুৰ জিলা ভ্ৰমণ কৰে ।

মালিৱালে ভুক্তভোগী দুই মহিলাৰ মাতৃ আৰু স্বামীৰ সৈতে বৈঠকত মিলিত হয় । হিন্দীত লিখা এটা টুইটত আয়োগৰ মুৰব্বীয়ে কৈছে যে তেওঁ মণিপুৰৰ দুয়োগৰাকী কন্যাৰ পৰিয়ালক সাক্ষাৎ কৰিছে । এগৰাকীৰ স্বামী নিৰাপত্তা বাহিনীত কৰ্মৰত আছিল বুলি তেওঁ উল্লেখ কৰে । ভুক্তভোগীৰ স্বামীয়ে তেওঁ কৈছে এতিয়ালৈকে কোনেও তেওঁক সাক্ষাতৰ বাবে অহা নাই আৰু আয়োগৰ মুৰব্বী হৈছে তেওঁৰ ওচৰলৈ যোৱা প্ৰথমগৰাকী লোক । আনগৰাকী ভুক্তভোগীৰ মাতৃকো তেওঁ সাক্ষাৎ কৰিছে । মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে প্ৰশ্ন কৰিছে যদি তেওঁ নিৰাপত্তা অবিহনে তালৈ যাব পাৰে তেনেহ'লে মুখ্যমন্ত্ৰী বা প্ৰশাসনৰ বাকীসকল লোক কিয় যাব নোৱাৰে ?

  • मणिपुर में जिस बेटी के साथ दुष्कर्म हुआ उनके पति से मिली। उन्होंने देश के लिए कारगिल का युद्ध लड़ा।उन्होंने मुझे बोला कि आप पहली हो जहां यहाँ हमसे मिलने आई। उन्होंने बोला कि “दिल्ली महिला आयोग हिम्मत और मोहब्बत से यहाँ इन मुश्किल हालातों में हमारे पास आया”…. मेरी अपील है… pic.twitter.com/D5NOjTbK9D

    — Swati Maliwal (@SwatiJaiHind) July 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দুয়োটা পৰিয়ালক সাক্ষাতৰ সময়ৰ দুখন ফটোও মালিৱালে শ্বেয়াৰ কৰে । ইয়াৰ উপৰিও মালিৱালে চুৰাচান্দপুৰ, মৈৰাং আৰু ইম্ফল জিলাও ভ্ৰমণ কৰে । য'ত তেওঁ কেইবাটাও সাহায্য শিবিৰত আশ্ৰয় লোৱা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে । ভ্ৰমণৰ সময়ত তেওঁৰ প্ৰত্যাহ্বানমূলক অভিজ্ঞতা শ্বেয়াৰ কৰি মালিৱালে দাবী কৰে যে ৰাজ্য চৰকাৰে সংঘৰ্ষগ্ৰস্ত অঞ্চলসমূহলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত তেওঁক সমৰ্থন দিবলৈ অস্বীকাৰ কৰিছে । মালিৱালে উল্লেখ কৰা মতে মণিপুৰ ভ্ৰমণৰ ৩ দিন তেওঁৰ বাবে অত্যন্ত কঠিন আছিল ।

  • मणिपुर की जिन दो बेटियों के साथ बर्बरता की गई मैं उनके परिवारों से मिली। एक लड़की के पति ने फौजी रहते हुए देश की सीमाओं की रक्षा करी। उन्होंने मुझे बोला कि अब तक उनसे मिलने तक कोई नहीं आया है, मैं उनके पास पहुँचने वाली पहली हूँ। दूसरी लड़की की माँ से भी मुलाक़ात हुई। जब मैं यहाँ… pic.twitter.com/2YwNNqR5Uh

তেওঁ আন এক টুইটত কয় যে ভাইৰেল ভিডিঅ'টো দেখাৰ পাছত তেওঁ মণিপুৰ ভ্ৰমণৰ বাবে সিদ্ধান্ত লৈছিল । স্থানীয় লোকে তেওঁক মণিপুৰ চৰকাৰৰ অমনোযোগিতাৰ কথাও কৈছে । চৰকাৰৰ পৰা তেওঁলোকে কোনো ধৰণৰ সমৰ্থন পোৱা নাই বুলিও কৈছে ।

মালিৱালে দাবী কৰা মতে যদি তেওঁ নিৰাপত্তা অবিহনে তেওঁলোকক লগ কৰিবলৈ দিল্লীৰ পৰা যাত্ৰা কৰিব পাৰে, তেন্তে মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু কেবিনেট সদস্যসকলেও তেওঁলোকক বুলেটপ্ৰুফ গাড়ীত গৈ সাক্ষাৎ কৰিব লাগে । মালিৱালে মণিপুৰৰ পৰিস্থিতিক অত্যন্ত চিন্তনীয় বুলি বৰ্ণনা কৰে । ৰাজ্য চৰকাৰে তেওঁলোকক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বুলিও কয় মালিৱালে । তেওঁ কেন্দ্ৰীয় চৰকাৰক বীৰেণ সিঙক বৰ্খাস্ত কৰাকে ধৰি জৰুৰী পদক্ষেপ ল'বলৈও আহ্বান জনায় । মালিৱালে প্ৰধানমন্ত্ৰীক হিংসাপীড়িত ৰাজ্যখন ভ্ৰমণৰ বাবেও আহ্বান জনায় ।

লগতে পঢ়ক :Manipur Woman naked parade case : মণিপুৰৰ ভাইৰেল ভিডিঅ' গোচৰৰ সপ্তমটো অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.