নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: বুধবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আৰোগ্য কামনা কৰিলে তিব্বতী আধ্যাত্মিক গুৰু দালাই লামাই । ৰাষ্ট্ৰপতিগৰাকীলৈ প্ৰেৰণ কৰা এক বাৰ্তাত আধ্যাত্মিক গুৰুগৰাকীয়ে লিখিছে যে, তেওঁ ৰাষ্ট্ৰপতিগৰাকীৰ সু-স্বাস্থ্যৰ কামনাৰে প্ৰাৰ্থনা জনাইছে ।
লগতে তেওঁ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক পুৰণি বন্ধু বুলি উল্লেখ কৰে । তেওঁ কয় যে, কোবিন্দৰ সৈতে বহু বছৰ ধৰি তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু তেওঁক পুৰণি বন্ধু বুলি ভাৱে ।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি ভৱনৰ পৰা এক বিবৃতিযোগে প্ৰকাশ কৰা হৈছিল যে, মঙলবাৰে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সে(AIIMS)ত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাইপাছ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছিল ।
লগতে পঢ়ক: মিজোৰামত নতুনকৈ ৫ গৰাকী আক্ৰান্ত কৰ'ণাত