ETV Bharat / bharat

কানিসহ গ্ৰেপ্তাৰ CRPF জোৱান - Raid against Opium

ঝাৰখণ্ডত কানি সৰবৰাহৰ ভয়ংকৰ ৰহস্য ফাদিল । চিআৰপিএফ জোৱান এইবাৰ জড়িত হৈ পৰিছে কানি সৰবৰাহত (Opium smuggling in Jharkhand)। আৰক্ষীৰ অভিযানত কানিসহ গ্ৰেপ্তাৰ CRPF জোৱান ।

Jharkhand
কানিসহ গ্ৰেপ্তাৰ CRPF জোৱান
author img

By

Published : Sep 18, 2022, 6:33 PM IST

নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ : নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে ঝাৰখণ্ডৰ চাইবাছাত বৃহৎ অভিযান (Raid against Opium)। অভিযানত জব্দ প্ৰায় ২ কিলোগ্ৰাম কানি আৰু ২.৯৫ লাখ টকা (2 kg opium seized at Chaibasa)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কানি সৰবৰাহৰ সৈতে জড়িত চাৰিজন লোকক । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সেই কানি সৰবৰাহকাৰীৰ ভিতৰত এজন চিআৰপিএফ জোৱানো আছে ।

চক্ৰধৰপুৰ আৰক্ষী থানাৰ অধীনৰ এটা অঞ্চলৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰি আটাইকেইজনকে ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে । গ্ৰেপ্তাৰ হোৱা চিআৰপিএফ জোৱান জনক ৰবি কুমাৰ বুলি চিনাক্ত কৰা হৈছে আৰু পাঞ্জাৱৰ জলন্ধৰত তেওঁ কৰ্মৰত আছিল (CRPF jawan arrested with opium)। কিন্তু চক্ৰধৰপুৰলৈ কানি সৰবৰাহৰ বাবে আহি আৰক্ষীৰ জালত পৰে চিআৰপিএফ জোৱান ৰবি কুমাৰ । ৰবি কুমাৰৰ উপৰিও চক্ৰধৰপুৰ আৰক্ষীয়ে পাঞ্জাৱ ফাজিলকা জিলাৰ বলবীৰ চান্দ, টেবোৰ ফ্ৰান্সিছ লুগুন আৰু খুণ্টিৰ বুধুৱা পূৰ্তি ।

আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে কানি সৰবৰাহৰ এক গোপন খবৰ লাভ কৰিছিল । এই তথ্যৰ ভিত্তিত এটা অভিযানকাৰী দলে কেইগৰাকীমান লোকক সোনুৱা চক্ৰধৰপুৰ ৰোডৰ পদমপুৰৰ সমীপক সন্দেহজনক অৱস্থাত কোনো সামগ্ৰী লেনদেন কৰা দেখা পাইছিল । লগে লগে আৰক্ষীৰ দলটোৱে লোক চাৰিজনক কৰায়ত্ত কৰে ।

লোক কেইজনক তালাচী চলোৱাৰ সময়ত তেওঁলোকৰ পৰা ২ কিলোগ্ৰাম কানি, নগদ ধন, মোবাইল আৰু বিভিন্ন ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰে । জেৰাৰ সময়ত তেওঁলোকে স্বীকাৰ কৰিছে যে ৰবি কুমাৰ আৰু বলবীৰ চান্দ নামৰ লোক দুজনে ফ্ৰান্সিছ লুগুন আৰু জোহান বোদ্ৰাৰ পৰা কানি ক্ৰয় কৰি পাঞ্জাৱ আৰু দিল্লীলৈ গৈ বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল ।

লগতে পঢ়ক :গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰৰ বাহিৰত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.