ETV Bharat / bharat

আৰক্ষীৰ সন্মুখত হাজিৰ হ'ব লাগিব ক্ৰিকেটাৰ যুৱৰাজ সিং - যুৱৰাজ সিঙক গোচৰটোৰ তদন্তত যোগদান কৰিবলৈ আহ্বান জনাইছিল

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ সন্মুখত আন এক প্ৰত্যাহ্বান । আৰক্ষীৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে যুৱৰাজ সিঙক । আদালতে দিছে এই নিৰ্দেশনা । কিহৰ বাবে ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে এই নিৰ্দেশনা ?

Yuvraj Singh
আৰক্ষীৰ সন্মুখত হাজিৰ হ'ব লাগিব ক্ৰিকেটাৰ যুৱৰাজ সিং
author img

By

Published : Oct 7, 2021, 12:20 PM IST

নেশ্যনেল ডেস্ক,৭ অক্টোবৰ : প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান । হাৰিয়ানা আৰক্ষীৰ সন্মুখত হাজিৰ হ'ব লাগিব ক্ৰিকেটাৰগৰাকী । তেওঁৰ বিৰুদ্ধে থকা এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে আদালতে ।

বুধবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰি আদালতে তদন্তকাৰী বিষয়াৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে ক্ৰিকেটাৰগৰাকীক । যদি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে তেনেহ'লে তেওঁৰ সন্তুষ্টিৰ বাবে জামিন মঞ্জুৰ কৰাটোও উচিত বুলি কয় আদালতে । এই খবৰ পোৱাৰ লগে লগে এতিয়া ক্ৰিকেটাৰগৰাকীৰ একাংশ অনুৰাগীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে ২০২০ চনৰ ১ এপ্ৰিলত, যুৱৰাজ সিঙে তেওঁৰ সংগী ৰোহিত শৰ্মাৰ সৈতে সামাজিক মাধ্যমক লাইভ চাট কৰি আছিল, তেতিয়া তেওঁ লকডাউনৰ ওপৰত আলোচনাৰ সময়ত তেওঁৰ সহকৰ্মী যুজবেন্দ্ৰ সিং আৰু কুলদীপ যাদৱক ধেমেলীয়াকৈ কেইটামান কথা কৈছিল । দলিত সমাজৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল ।

এই সন্দৰ্ভত হান্সিত যুৱৰাজ সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল । যুৱৰাজ সিঙে গোচৰটোত তেওঁ গ্ৰেপ্তাৰ নকৰিবলৈ উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল । উচ্চ ন্যায়ালয়ে আৱেদনখনৰ শুনানিৰ সময়ত যুৱৰাজ সিঙক গোচৰটোৰ তদন্তত যোগদান কৰিবলৈ আহ্বান জনাইছিল আৰু পৰৱৰ্তী নিৰ্দেশ নহালৈকে তেওঁৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা ল'বলৈ আৰক্ষীক বাধা দিছিল ।

লগতে পঢ়ক :উচ্চতম ন্যায়ালয়ত লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ শুনানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.