ETV Bharat / bharat

কৰ’ণাৰ ত্ৰাস : ত্ৰিপুৰাত সকলো অফলাইন পৰীক্ষা স্থগিত - ক’ভিড 19

কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ ফলত ত্ৰিপুৰাৰ সকলো ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত সকলো ধৰণৰ অফলাইন পৰীক্ষা বাতিল কৰা হৈছে ৷ ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে ৷

covid-scare-all-offline-exams-postponed-in-tripura
কৰ’ণাৰ ত্ৰাস: ত্ৰিপুৰাত সকলো অফলাইন পৰীক্ষা স্থগিত
author img

By

Published : Apr 25, 2021, 10:17 PM IST

আগৰতলা, 25 এপ্ৰিল : কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ ফলত ত্ৰিপুৰাৰ সকলো ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত সকলো ধৰণৰ অফলাইন পৰীক্ষা বাতিল কৰা হৈছে ৷ এপ্ৰিল আৰু মে’ মাহত বিদ্যালয়, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত শাৰীৰিক উপস্থিতিৰে পৰীক্ষা আয়োজন কৰা কাৰ্য স্থগিত ৰখাৰ বাবে গুৰুতৰ প্ৰতিবাদ আৰু দাবীৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে দেওবাৰে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে ৷

ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, "এখন জৰুৰী বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ সকলো পৰীক্ষা পৰৱৰ্তী আদেশলৈ স্থগিত ৰখা হ'ব । পৰৱৰ্তী সময়ত প্ৰাক-ব'ৰ্ড পৰীক্ষাও অনুষ্ঠিত হ'ব, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষাও অতি সোনকালেই আৰম্ভ হ'ব ৷ "

তদুপৰি নাথে কয় যে, চৰকাৰে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সকলো পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছিল কিন্তু ক’ভিড 19ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পৰীক্ষাবোৰ পিছুৱাই দিয়া হৈছে ।
লগতে পঢ়ক: বৰ্তমান লকডাউনৰ প্ৰয়োজনীয়তা নাই অসমত : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.