নেশ্যনেল ডেস্ক,12 নৱেম্বৰ: স্বাস্থ্য বিভাগে জনোৱা মতে,ঝাৰখণ্ডত COVID-19 আক্ৰান্তৰ সংখ্যা 105224 জনলৈ বৃদ্ধি পাইছে ৷ বৃহস্পতিবাৰে আৰু 284 জন নতুনকৈ COVID-19ত আক্ৰান্ত হৈছে ৷ নতুনকৈ আকৌ 3 জনৰ মৃত্যুৰে, মৃতকৰ সংখ্যা হৈছে গৈ 913 জন ৷ ৰাঁচী জিলাত সৰ্বাধিক 78 জন লোক COVID-19ত আক্ৰান্ত হৈছে ৷ তাৰ ভিতৰত বাকৰোত 40 জন, ধানবাদত 37 জন আৰু সিংভুমত 29 জন নতুনকৈ আক্ৰান্ত হৈছে ৷ পূৱ সিংভুম,বাকৰো আৰু ৰাঁচী জিলাত একোজনকৈ ৰোগীৰ মৃত্যু হৈছে ৷
ৰাজ্যখনত এতিয়ালৈ 4009 জন ৰোগী চিকিৎসাধীন হৈ আছে ৷ আনহাতে 100302 জন ৰোগী ইতিমধ্যে আৰোগ্য লাভ কৰি ঘৰলৈ উভতি গৈছে ৷ বুধবাৰৰ দিনটোত মুঠ 25320 টা নমুনা পৰীক্ষা কৰা হৈছে ৷
লগতে পঢ়ক :ডুমডুমা পৌৰ সভাৰ চাফাই কৰ্মীৰ কৰ্ম বিৰতি