ETV Bharat / bharat

COVID-19 : ২৪ ঘণ্টাত ভাৰতত ১৪,৩১৩ জন নতুনকৈ আক্ৰান্ত

author img

By

Published : Oct 12, 2021, 1:03 PM IST

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাইছে দৈনিক ক'ভিড-১৯ (COVID-19)ত আক্ৰান্তৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে(Union Health Ministry) মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১৪,৩১৩ জন লোক আক্ৰান্ত হৈছে । এতিয়ালৈকে দেশত ৩,৩৯,৮৫,৯২০ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ।

COVID 19 India tracker
২৪ ঘণ্টাত ভাৰতত ১৪,৩১৩ জন নতুনকৈ আক্ৰান্ত

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ : বৰ্তমানেও ভাৰতত ক'ভিড-১৯ মহামাৰীৰ ভয়াৱহতা দূৰ হোৱা নাই । নিতৌ ১০ হাজাৰৰো অধিক লোক মহামাৰীৰ কবলত পৰিছে ৷ অৱশ্যে তুলনামূলকভাৱে দৈনিক আক্ৰান্তৰ হাৰ হ্ৰাস পাইছে ।

সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ ১৪,৩১৩ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । দেওবাৰৰ দিনটোত ভাৰতত ১৮,১৩২ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছিল । অৰ্থাৎ তুলনামূলকভাৱে দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বৰ্তমানলৈকে ৩,৩৯,৮৫,৯২০ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । বিগত ২৪ ঘণ্টাত ভাৰতত ১৮১ গৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু হৈছে । দেশত এতিয়ালৈকে ৪,৫০,৯৬৩ জন লোকে প্ৰাণ হেৰুৱাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, সোমবাৰৰ দিনটোত কেৰালাত মুঠ ৬,৯৯৬ জন লোক মহামাৰীৰ কবলত পৰিছে আৰু ৮৪ জন মৃত্যু হৈছে । বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ২,১৪,৯০০ জন ।

আনহাতে, এতিয়ালৈকে ৩,৩৩,২০,০৫৭ জন লোক সুস্থ হৈ উঠিছে । ইফালে, সমগ্ৰ দেশতে বৰ্তমান টীকাকৰণ অভিযান অব্যাহত আছে । বৰ্তমানলৈকে ৯৫,৮৯,৭৮,০৪৯ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে, ৬৫,৮৬,০৯২ জনক যোৱা ২৪ ঘণ্টাত প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ শ্বপিয়ানত এনকাউণ্টাৰ সমাপ্ত, ৩ সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.