নেশ্যনেল ডেস্ক, ২০ এপ্ৰিল: মঙলবাৰে ক'ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিত সেনাই কৰিব পৰা সহায় সন্দৰ্ভত সেনাপ্ৰধান এম এম নাৰাৱানে, প্ৰতিৰক্ষা সচিব আৰু ডি আৰ ডি অ'ৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ।
এই সংকটৰ সময়ত নাগৰিকক প্ৰয়োজনীয় সুবিধা প্ৰদানৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে আলোচনা কৰিবলৈ সেনাপ্ৰধান এম এম নাৰাৱানেক নিৰ্দেশ দিয়ে । তেওঁ কয় যে, সেনাৰ স্থানীয় কামাণ্ডাৰসকলে সংশ্লিষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সহযোগিতা আগবঢ়াব ।
ইয়াৰ পিছতে প্ৰতিৰক্ষা সচিব অজয় কুমাৰে নিৰ্দেশনা জাৰি কৰে যে, বৰ্তমান কৰ'ণা সংক্ৰমণ বৃদ্ধি হৈ থকা সময়ত সমগ্ৰ ভাৰতৰ ৬৭ খন কেণ্ট ব'ৰ্ড চিকিৎসালয়ক কেণ্টৰ বাসিন্দা আৰু আন ৰোগীৰ চিকিৎসা সেৱা নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হ'ব । ভাৰতত বৰ্তমান ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে ।
ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৭৬১ জন লোকে মহামাৰীত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, সোমবাৰ পৰ্যন্ত দেশত ১৯,২৯,৩২৯ টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । যোৱা ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা ১,৭৮,৭৬৯ জনলৈ বৃদ্ধি পাইছে ।
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নিৰ্দেশনা অনুসৰি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই সোমবাৰে উত্তৰ প্ৰদেশ চৰকাৰক ১৫০টা জাম্ব' চিকিৎসা অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিছে । ডি আৰ ডি অ'ৰ দ্বাৰাও অতিৰিক্ত এহাজাৰটা চিলিণ্ডাৰ প্ৰদান কৰা হ'ব । ক'ভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ বাবে লক্ষ্নৌৰ চিকিৎসালয়সমূহলৈও অক্সিজেন যোগান ধৰা হ'ব ।
লগতে পঢ়ক: তেলেংগানাত নৈশ সান্ধ্য আইন জাৰি