নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : আন্তৰ্জাতিক বিশেষ প্ৰয়োজনীয়তা দিৱস উপলক্ষে, সাংসদ তেজস্বী সূৰ্যই বাংগালুৰু দক্ষিণৰ সাংসদৰ কাৰ্যালয়ৰ ওচৰত হুইলচেয়াৰ-অনুকূল বিশ্ৰামস্থান উন্মোচন কৰে । এইয়া দেশৰ প্ৰথম ঘটনা য’ত অনলাইন খাদ্য বিতৰণ কৰা কৰ্মীসকলক এই ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে ।
বাংগালুৰু দক্ষিণ সাংসদৰ সমষ্টি উন্নয়ন পুঁজিৰ অধীনত আৰু খাদ্য ডেলিভাৰী কোম্পানী জ’মেটোৰ সহযোগত এই কাৰ্য সাধন কৰা হৈছে । ইয়াত চাৰ্জিং পইণ্ট, আৰামদায়ক বহাৰ সুবিধা, শৌচাগাৰ, পানীৰ সুবিধা আদি উপলব্ধ । অনলাইন খাদ্য বিতৰণ কৰা কৰ্মীসকলে জিৰণি ল’ব পৰাকৈ এই ঠাই নিৰ্মাণ কৰা হৈছে । হুইল চেয়াৰৰ বাবে ই অনুকূল ঠাই ।
"জ’মেটো কোম্পানীটোৰ সমগ্ৰ দেশতে ২০০ ৰো অধিক হুইলচেয়াৰত বহি খাদ্য বিতৰণ কৰা কৰ্মী আছে আৰু ইয়াৰে ১০০ জন আমাৰ বাংগালুৰুত আছে । বিশেষ কথাটো হ’ল যে নিঅ’ মোশ্বনে তেওঁলোক সকলোৰে বাবে বৈদ্যুতিক চালিত বাহন নিৰ্মাণ কৰিছে"- সাংসদ তেজস্বী সূৰ্যই জানিবলৈ দিয়ে ।
বাংগালুৰু দক্ষিণৰ সাংসদ তেজস্বী সূৰ্যই হুইলচেয়াৰ-অনুকূল (চেয়াৰ ফ্ৰেণ্ডলি) বিশ্ৰামস্থান প্ৰসংগত কয় যে, বাংগালুৰুৰ ট্ৰেফিক-জাম, বৰষুণ আৰু বতৰৰ পৰিস্থিতি স্বত্বেও কেইমিনিটমানৰ ভিতৰতে সময়মতে গ্ৰাহকক অৰ্ডাৰ ডেলিভাৰী কৰা খাদ্য বিতৰণ কৰ্মীসকলৰ কাম প্ৰশংসনীয় । ইলেক্ট্ৰিক হুইল চেয়াৰৰ জৰিয়তে চলাচল কৰা, অৰ্ডাৰ লোৱা আৰু গ্ৰাহকক সময়মতে খাদ্য যোগান ধৰা এই শ্ৰমিকসকল সঁচাকৈয়ে আমাৰ সকলোৰে বাবে এক প্ৰেৰণা । এনে লোকক জিৰণি লোৱাৰ সুযোগ দিয়াটো বিশেষ বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে ।
উক্ত অনুষ্ঠানত ভাষণ দি হুইল চেয়াৰত খাদ্য ডেলিভাৰী কৰা ধৰ্মেশে কয় যে, ‘১৫ বছৰ আগতে মই এটা দুৰ্ঘটনাৰ সন্মুখীন হৈছিলো আৰু তাৰ পিচত হুইলচেয়াৰ ব্যৱহাৰ কৰি ইফালে সিফালে ঘূৰি ফুৰিছিলো । জ’মেটোৱে মোক চাকৰি এটা দিছে । প্ৰতিদিনে মই ২০ টা ডেলিভাৰী কৰো । যিকোনো হোটেল, শৌচাগাৰৰ ওচৰত আমাৰ বাহনখন ৰখাই আজৰি সময়ত বিৰতি লোৱাটো আমাৰ বাবে এক সমস্যা । এনে ৰেষ্টিং পইণ্ট নিৰ্মাণৰ লগে লগে মোৰ দৰে বহু খাদ্য ডেলিভাৰী কৰ্মীয়ে ফোন আৰু ইলেক্ট্ৰিক বাহন চাৰ্জ কৰিব পাৰিব’ ।
লগতে পঢ়ক : কেৰালাৰ ছাত্ৰীসকলে নিৰ্মাণ কৰা উলিওৱা প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ISRO ক হস্তান্তৰ