ETV Bharat / bharat

পৰম্পৰা ভংগ কৰি দুৰ্গা পূজাৰ পুৰোহিত ৰূপান্তৰিত মহিলা - Transgender Priestess

পৰিধানত শাৰী । আৰতিৰ থালত সজোৱা আছে ফুল-প্রদীপ । পৰম ভক্তিভাৱেৰে আৰতি কৰিছে এগৰাকী মহিলাই । তেওঁ হৈছে এগৰাকী পুৰোহিতো । পিছে এইগৰাকী পুৰোহিত জন্মসূত্ৰে মহিলা নহয় ৷ পৰৱর্তী সময়তহে তেওঁ মহিলাৰ ৰূপ লৈছে (Transgender Priestess) ৷

puja
puja
author img

By

Published : Sep 27, 2022, 11:02 AM IST

নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : মহীষমৰ্দিনী, অসুৰনাশিনী দেৱী দুৰ্গা ইতিমধ্যে ধৰালৈ নামিছে । ১ অক্টোবৰত দেৱীৰ বোধনেৰে জাগ্ৰত হ'ব আদ্যশক্তি দুৰ্গা দেৱী । ইতিমধ্যে শাৰদীয় দুৰ্গা পূজাৰ উৎসাহ-উদ্দীপনাৰে উখলমাখল পৰিৱেশ চৌদিশে । শৰত কালৰ এই মনোমোহা পৰিৱেশত দুৰ্গা পূজাৰ ৰঙেৰে ৰঙীয়াল হৈ পৰিছে পূজা মণ্ডপসমূহো (Durga Puja 2022) ।

লগতে চলিছে দুৰ্গা দেৱীৰ বন্দনাৰ ব্যাপক আয়োজন । ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে দেৱী দুৰ্গাক অনাদি কালৰে পৰা পূজা-অৰ্চনা কৰি অহা হৈছে । তাৰ মাজতো অৱশ্যে মাজে-সময়ে কিছু পৰম্পৰাৰ ব্যতিক্ৰম হোৱা পৰিলক্ষিত হয় । প্ৰচলিত প্ৰথাৰ পৰিধি ভেদি নতুনত্বৰ সোৱাদ দিবলৈ চেষ্টা কৰে বিভিন্ন পূজা আয়োজকে । আজিৰ প্ৰতিবেদনত পশ্চিমবংগৰ এগৰাকী ব্যতিক্ৰমী পুৰোহিতৰ বিষয়ে আলোচনা কৰা হৈছে ।

পৰিধানত শাৰী । আৰতিৰ থালত সজোৱা আছে ফুল-প্রদীপ । পৰম ভক্তিভাৱেৰে আৰতি কৰিছে এগৰাকী মহিলাই । তেওঁ হৈছে এগৰাকী পুৰোহিতো । পিছে এইগৰাকী পুৰোহিত জন্মসূত্ৰে মহিলা নহয় ৷ পৰৱর্তী সময়তহে তেওঁ মহিলাৰ ৰূপ লৈছে ৷ এক কথাত ক'বলৈ গ'লে নৱজন্ম হৈছে ৰূপান্তৰকামী বৈশালী দাসৰ ৷ বৰ্তমান তেওঁ ৰূপান্তৰিত মহিলা ৷ লগতে বহুদিন ধৰি তেওঁ পূজাত পৌৰোহিত্য কৰি আহিছে (Transgender Priestess) ।

পৰম্পৰা ভংগ কৰি দুৰ্গা পূজাৰ পুৰোহিত ৰূপান্তৰিত মহিলা

ছুপ্রিম কোর্টে ৰূপান্তৰকামী তথা ৰূপান্তৰিতসকলক স্বীকৃতি দিলেও সমাজে পিছে এতিয়াও তেওঁলোকক সঁচা অৰ্থত মনে-প্ৰাণে গ্ৰহণ কৰিব পৰা নাই । ৰাস্তাই-ঘাটে, বিভিন্ন সময়ত তেওঁলোক ঠাট্টা-মস্কৰা তথা লাঞ্ছনা-গঞ্জনাৰ চিকাৰ হ'বলগা হয় ৷ কিন্তু সৰুৰে পৰাই বৈশালীৰ পূজা-অর্চনাৰ ফালে ধাউতি আছিল । ইচ্ছা আছিল পূজাত পৌৰোহিত্য কৰাৰ ।

কিন্তু পৰম্পৰাগত পূজাত তেওঁক পুৰোহিত হিচাবে মানিব কোনে ? সেয়ে নিজৰ সমাজৰ অর্ধনাৰীশ্বৰৰ পূজা আৰম্ভ কৰে তেওঁ । বিগত চাৰি বছৰ ধৰি পৰম নিষ্ঠাৰে তেওঁ এই পূজা কৰি আহিছে । বৰ্তমান তেওঁ দুর্গা পূজাৰ লগতে অন্যান্য পূজাও কৰে (transgender woman priestess performing Durga Puja)৷

পশ্চিমবংগতো বাদেই দেশৰ ভিতৰতো সম্ভৱত তেৱেঁই প্রথম ৰূপান্তৰিত মহিলা, যিয়ে পুৰোহিতৰ কাম কৰে । তেওঁ এই পথ গ্ৰহণ কৰা সন্দৰ্ভত বৈশালীৰ ভাষাতে, "দুর্গা পূজাৰ লগতে মই শীতলা পূজা আৰু মনসা পূজাও কৰোঁ । ভবানীপুৰত মই প্রতিষ্ঠা কৰা এটি মন্দিৰো আছে য'ত প্রধান পুৰোহিতো ময়েই । বহু মানুহ আহে উক্ত মন্দিৰটোলৈ ।"

তেওঁ লগতে কয়, "সৰুতে দেখিছিলোঁ আমাৰ মাতৃয়ে কেনে ভক্তিভাৱেৰে শীতলা পূজা কৰে । তেতিয়াৰে পৰাই মোৰো ইচ্ছা আছিল যে ময়ো এদিন মাৰ দৰে পূজা কৰিম । মই মোৰ মাৰ পৰা সকলো পূজাৰ নিয়ম-কানুন শিকিছোঁ । 16 বছৰ বয়সৰ পৰাই মই বিভিন্ন স্থানত শীতলা পূজা আৰু মনসা পূজা কৰিছোঁ ।" কেৱল সেয়াই নহয়, বৈশালীৰ এটি যাত্রাপাৰ্টীও আছে । উক্ত দলটো লৈ তেওঁ ৰাজ্যখনৰ বিভিন্ন স্থানলৈ গৈ যাত্রাপাৰ্টীও কৰে ৷

লগতে পঢ়ক :দুৰ্গা পূজাৰ প্ৰাকক্ষণত অবৈধ সুৰাৰ বিৰুদ্ধে মৰাণহাট আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.