ETV Bharat / bharat

Congress Bharat Jodo Yatra : কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ ১০০ দিন সম্পূৰ্ণ

author img

By

Published : Dec 16, 2022, 12:11 PM IST

ৰাহুল গান্ধীৰ নেতৃত্বত ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই ১০০ দিন সম্পূৰ্ণ কৰিলে (Bharat Jodo Yatra completes 100 days)। সম্প্ৰতি দলটো ৰাজস্থানত আছে । হিমাচলৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়েও ৰাজস্থানত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিছে ।

Congress Bharat Jodo Yatra
কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ ১০০ দিন সম্পূৰ্ণ

নেশ্যনেল ডেস্ক,১৬ ডিচেম্বৰ : ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা । ইতিমধ্যে এই যাত্ৰাৰ ১০০ দিন সম্পূৰ্ণ হ'ল (Bharat Jodo Yatra completes 100 days)। কংগ্ৰেছৰ দলটো ৰাজস্থানত আছে । শুকুৰবাৰে পুৱাই দলটোৱে ৰাজস্থানৰ দৌচাৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰে । যাত্ৰাৰ ১০০ দিন হোৱাৰ লগে লগে দলটোৰ বহু জ্যেষ্ঠ নেতা আৰু কৰ্মীয়েও ভাৰত জোড়ো যাত্ৰাৰ দলটোত অংশগ্ৰহণ কৰে (Bharat Jodo Yatra in Rajasthan)।

৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা শুকুৰবাৰে ৰাজস্থানত ১২ দিনত ভৰি দিয়ে । সাংসদ ৰাহুল গান্ধীয়ে দলৰ নেতা আৰু কৰ্মীসকলৰ সৈতে পুৱা প্ৰায় ৬ বজাত দৌছাৰ মীনা উচ্চ ন্যায়ালয়ৰ পৰা পদযাত্ৰা আৰম্ভ কৰে আৰু গিৰিৰাজ ধৰণ মন্দিৰত বিৰতি লোৱাৰ কথা আছে । ৰাহুল গান্ধীয়ে জয়পুৰৰ কংগ্ৰেছ কাৰ্যালয়ত বিয়লি প্ৰায় ৪ বজাত এখন সংবাদমেল সম্বোধন কৰিব । দলটোৱে ভাৰত জোড়ো যাত্ৰাৰ ১০০ দিন উদযাপন কৰিবলৈ সন্ধিয়া প্ৰায় ৭ বজাত এলবাৰ্ট হলত জয়পুৰত এক বিশেষ অনুষ্ঠানৰো পৰিকল্পনা কৰিছে ।

হিমাচল প্ৰদেশৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু আৰু উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে বৃহস্পতিবাৰে নিশা দিল্লীৰ পৰা ৰাজস্থানত উপস্থিত হৈ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰে (Himachal CM joins Bharat Jodo Yatra)। দুয়োগৰাকী সৈতে কংগ্ৰেছ হিমাচল প্ৰদেশৰ ভাৰপ্ৰাপ্ত ৰাজীৱ শুক্লাও উপস্থিত হয় ।

উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাৰ দলটোৱে ৪ ডিচেম্বৰত ৰাজস্থানত প্ৰৱেশ কৰিছিল । ২১ ডিচেম্বৰত হাৰিয়ানাত প্ৰৱেশ কৰাৰ পূৰ্বে এই দলটোৱে ১৭ দিনত প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । ৭ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা ৩,৫৭০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পাছত কাশ্মীৰত সমাপ্ত হ'ব ।

উল্লেখ্য যে ২০২৩ চনৰ জানুৱাৰীত সমাপ্ত হ'ব কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা । এই কাৰ্যসূচীত জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰাৰ পাছতে কংগ্ৰেছে আন এক গণ সম্পৰ্ক কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে । দেশজুৰি এইবাৰ কংগ্ৰেছে আৰম্ভ কৰিব 'হাথ চে হাথ জোড়ো' কাৰ্যসূচী (Congress to start hath se hath Jodo yatra)।

লগতে পঢ়ক :Congress hath se hath Jodo yatra : এইবাৰ কংগ্ৰেছৰ হাথ চে হাথ জোড়ো যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.