ETV Bharat / bharat

Sanatan Dharma controversy : মুজাফৰপুৰ আদালতত উদয়ানিধিৰ বিৰুদ্ধে গোচৰ ৰুজু - Complaint filed against Tamil Nadu CM son

সনাতন ধৰ্মৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ পাছতে তামিলনাডুৰ মন্ত্ৰী উদয়ানিধিৰ বিৰুদ্ধে বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত আছে ।মুজাফৰপুৰৰ অধিবক্তা সুনীল কুমাৰ ওজাই আদালতত উদয়ানিধিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ।

Sanatan Dharma controversy
মুজাফৰপুৰ আদালতত উদয়ানিধিৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 5:22 PM IST

নেশ্যনেল ডেস্ক,৪ ছেপ্টেম্বৰ : বিপদত তামিলনাডু মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ পুত্ৰ উদয়ানিধি ষ্টেলিন । ইখনৰ পাছত সিখন এজাহাৰ দাখিল মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে । সনাতন ধৰ্ম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ পাছতে ষ্টেলিনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে দেশৰ বিভিন্ন দল-সংগঠন । মুজাফৰপুৰৰ অধিবক্তা সুনীল কুমাৰ ওজাই মুজাফৰপুৰ অসামৰিক আদালতত উধায়ানিধিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । অধিবক্তাগৰাকীয়ে অভিযোগ কৰিছে যে তামিলনাডুৰ মন্ত্ৰী উদয়ানিধিৰ সনাতন ধৰ্ম সন্দৰ্ভত বিতৰ্কিত মন্তব্যই সমগ্ৰ দেশৰ হিন্দুসকলৰ আৱেগক আঘাত কৰিছে ।

তেওঁ কৈছে যে উদয়ানিধিৰ এই মন্তব্যই সমগ্ৰ দেশতে হিন্দু আৰু সনাতন ধৰ্মত বিশ্বাস কৰা কোটি কোটি লোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিছে । তেওঁৰ মতে মন্ত্ৰীগৰাকীয়ে ৰাজনৈতিক লাভৰ উদ্দেশ্যে এনে ধৰণৰ মন্তব্য দিছে । এনে পৰিস্থিতিত, অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা উচিত বুলিও তেওঁ দাবী কৰে । আদালতে ইতিমধ্যে অভিযোগটো গ্ৰহণ কৰিছে । আদালতত বিষয়টোক লৈ ১৪ ছেপ্টেম্বৰত শুনানি হ'ব ।

উল্লেখ্য যে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ তথা ৰাজ্যখনৰ মন্ত্ৰী উদয়ানিধিয়ে শেহতীয়াকৈ সনাতন ধৰ্মক মেলেৰিয়া, ডেংগু, ক'ৰণাৰ দৰে ৰোগৰ সৈতে তুলনা কৰি কৈছিল যে ইয়াক নিৰ্মূল কৰিব লাগে । তেওঁ কৈছিল যে এনে ধৰণৰ বিষয়ৰ বিৰোধিতা কৰা উচিত নহয় ইয়াক নিৰ্মূল কৰা উচিত । মন্ত্ৰীগৰাকীৰ এই মন্তব্যই সমগ্ৰ দেশতে ৰাজনৈতিক মহলত হুলস্থূলৰ সৃষ্টি কৰিছে ।

বিজেপি দলৰ বিভিন্ন নেতাই তামিলনাডুৰ মন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰিছে । আনহাতে ডিএমকে দলটোকো সমালোচনা কৰিছে । সমান্তৰালকৈ বিৰোধী মিত্ৰজোঁট INDIAকো বহুতো নেতাই টাৰ্গেট কৰি লৈছে ।

লগতে পঢ়ক :Speaking for India podcast: তামিলনাডুত 'দ্ৰাবিড় মডেল'ৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ষ্টেলিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.