ETV Bharat / bharat

Controversial comment on BJP:কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সুৰজেৱালাৰ বিৰুদ্ধে গোচৰ - ৰণদীপ সুৰজেৱালাৰ বিৰুদ্ধে গোচৰ

কংগ্ৰেছ সাংসদ ৰণদীপ সুৰজেৱালাই বিজেপি কৰ্মী আৰু সমৰ্থক দানৱ কৰা মন্তব্য়ৰ পিচতেই দিল্লীৰ ৰোহিণী আৰক্ষী থানাত তেওঁ বিৰুদ্ধে তৰা হৈছে গোচৰ । সুৰজেৱালাৰ বিৰুদ্ধে কোটি কোটি বিজেপি সমৰ্থকক আঘাত কৰাৰ অভিযোগ তুলি গোচৰ তৰা হৈছে ।

Congress MP Randeep Surjewala
কংগ্ৰেছ সাংসদ ৰণদীপ সুৰজেৱালা
author img

By

Published : Aug 18, 2023, 8:41 PM IST

নেশ্য়নেল ডেস্ক, ১৮ আগষ্ট: হাৰিয়ানাৰ কাইথালত এক ৰাজহুৱা ৰেলীৰ সময়ত বিজেপি কৰ্মী আৰু সমৰ্থকসকলক "দানৱ" বুলি অভিহিত কৰা বাবে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ সাংসদ ৰণদীপ সুৰজেৱালাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে । তেওঁ বিৰুদ্ধে দিল্লীৰ ৰোহিণী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ।

দিল্লীৰ ৰোহিণী আৰক্ষী থানাত ৰণদীপ সুৰজেৱালাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ পত্ৰত বিজেপি কৰ্মী সঞ্জয় গুপ্তাই কয় যে ১৪ আগষ্টত ৰণদীপ সুৰজেৱালাই কাইথালত ৰাজহুৱাভাৱে তেওঁৰ ভাষণৰ সময়ত অশালীন ভাষা ব্যৱহাৰ কৰিছিল । কংগ্ৰেছ নেতাগৰাকীয় কৈছিল যে যিসকলে বিজেপিক ভোট দিয়ে বা যিসকল ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক তেওঁলোক পৈশাচিক প্ৰৱণতা থকা ব্যক্তি ।

লগতে পঢ়ক:BJP Zila Panchayat Members Conference : বিজেপিৰ জিলা পঞ্চায়ত সদস্যসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

সঞ্জয় গুপ্তাই অভিযোগ পত্ৰ কয়,"সুৰজেৱালাৰ বক্তব্যই মোৰ আৰু কোটি কোটি বিজেপি সমৰ্থকৰ মৰ্যাদাক আঘাত কৰিছে। "অভিযোগকাৰীয়ে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ সাংসদ ৰণদীপ সুৰজেৱালাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । সঞ্জয় গুপ্তাই কয় যে ৰণদীপ সুৰজেৱালাৰ এই মন্তব্যই সমাজত বৈষম্যৰ সৃষ্টি কৰিছে । সেয়েহে প্ৰয়োজনীয় ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি ৰণদীপ সুৰজেৱালাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত ।

Congress MP Randeep Surjewala
কংগ্ৰেছ সাংসদ ৰণদীপ সুৰজেৱালা

লগতে পঢ়ক:Buxar crime news : চকলেটৰ প্ৰলোভনেৰে অসৎ কামনা চৰিতাৰ্থ; ভুক্তভোগী পৰিয়ালক ভীতি প্ৰদৰ্শন অভিযুক্তৰ

কংগ্ৰেছ সাংসদ ৰণদীপ সুৰজেৱালাৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ইপিনে, কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জৰুৰীকালীন অৱস্থাৰ পৰা আজিলৈকে জনসাধাৰণে দেখিছে কোন ৰাক্ষস । তেওঁ কয় যে এই মন্তব্য়ই কংগ্ৰেছৰ অহংকাৰৰ মানসিকতা প্ৰদৰ্শন কৰিছে। কংগ্ৰেছে এই মন্তব্যৰ বাবে চৰ্তহীন ক্ষমা বিচাৰিব লাগে বুলি দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ।

লগতে পঢ়ক:Disaster in Uttarakhand : ধাৰাসাৰ বৰষুণত বিধ্বস্ত পথ; গৰ্ভৱতী মহিলাক কান্ধত তুলি নিলে চিকিৎসালয়লৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.