ETV Bharat / bharat

অযোধ্যাত উপস্থিত যোগী আদিত্যনাথ - অযোধ্যাত উপস্থিত যোগী আদিত্যনাথ

অযোধ্যা আৰু বাৰাণসী ভ্ৰমণত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ অযোধ্যাত চলি থকা বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যে অযোধ্যাত উপস্থিত মন্ত্ৰী গৰাকী ৷ উন্নয়নমূলক কাম কাজৰ সমীক্ষা কৰাৰ উদ্দেশ্যে ৰামকথা সংগ্ৰহালয়ত মন্ত্ৰী গৰাকীৰ বৈঠক ৷

cm yogi adityanath visit ayodhya
cm yogi adityanath visit ayodhya
author img

By

Published : Feb 7, 2021, 5:40 PM IST

নেচনেল ডেস্ক, 7 ফেব্ৰুৱাৰী: উন্নয়নমূলক কাম কাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ অযোধ্যাত উপস্থিত হৈছে ৷ দেওবাৰে দিনৰ প্ৰায় 11 বজাত মুখ্যমন্ত্ৰী গৰাকী অযোধ্যাত উপস্থিত হয় ৷ জানিব পৰা মতে তেওঁ ৰামলীলা আৰু হনুমানগঢ়ীৰ দৰ্শন কৰাৰ পাছতে ৰামমন্দিৰ নিৰ্মাণ কাৰ্য প্ৰদৰ্শন কৰি অযোধ্যাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান লোৱাৰ বাবে এক বৈঠকত বহিব ৷

cm yogi adityanath visit ayodhya
মন্ত্ৰী গৰাকীৰ আগমণক লৈ অযোধ্যাত কটকটীয়া নিৰাপত্তা

জানিব পৰা মতে মন্ত্ৰী গৰাকীয়ে প্ৰায় চাৰি ঘন্টাৰ সময়সূচী লৈ অযোধ্যাত উপস্থিত হয় ৷ অযোধ্যাত সকলো কাম সমাপন হোৱাৰ পাছতে মন্ত্ৰী গৰাকী বাৰাণসীলৈ বুলি ৰাওনা হ'ব ৷ মন্ত্ৰী গৰাকীৰ আগমণক লৈ অযোধ্যাত নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি গঢ়ি তোলা পৰিলক্ষিত হয় ৷

মন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাস্তা সমূহ পৰিস্কাৰ কৰাৰ লগতে অযোধ্যা ধাম সম্পূৰ্ণৰূপে চীল কৰি ৰখা পৰিলক্ষিত হয় ৷ মন্ত্ৰী গৰাকীয়ে সকলো উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ খতিয়ান ল'ব বুলি অৱগত হোৱাৰ পাছতে ৰামকথা পাৰ্কৰ বিস্তাৰকৰণ, ৰামকথা গেলেৰী, আধুনিক বাছ ষ্টেণ্ড, ৰাস্তা আৰু ফুটপাথৰ নৱীকৰণ ইত্যাদি কাম অধিক দ্ৰুত গতিত আগবঢ়া বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক:গুজৰাট চৰকাৰক সমালোচনা মনীষ চিচোদিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.