ETV Bharat / bharat

Meghalaya polls result: চৰকাৰ গঠনৰ বাবে সহায় বিচাৰি অমিত শ্বাহলৈ চাংমাৰ ফোন ! - ইউনাইটেড ডেমক্ৰেটিক পাৰ্টী

ওলোমা চৰকাৰ গঠনৰ দিশে মেঘালয় বিধানসভা ৷ কোনো এটা দলেই লাভ নকৰিলে সংখ্যা গৰিষ্ঠতা ৷ চৰকাৰ গঠন কৰিবলৈ শাসকীয় এনপিপি দলক প্ৰয়োজন অতিৰিক্ত 5 খন আসনৰ ৷ সহায় বিচাৰি অমিত শ্বাহলৈ ফোন কনৰাড চাংমাৰ ৷ হিমন্ত বিশ্ব শৰ্মাৰ টুইট (CM Sangma calls Amit Shah) ৷

Meghalaya polls result
সহায় বিচাৰি শ্বাহলৈ চাংমাৰ ফোন
author img

By

Published : Mar 2, 2023, 8:26 PM IST

3 states live results" class="align-text-top noRightClick twitterSection" data="
3 states live results">
3 states live results

3 states live results" class="align-text-top noRightClick twitterSection" data="
3 states live results">
3 states live results

নিউজডেস্ক, 2 মাৰ্চ: মেঘালয় বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰায় সমাপ্ত হৈছে ৷ যোৱা 27 ফেব্ৰুৱাৰীত মেঘালয়ৰ 59 টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ ছ’হিয়ং সমষ্টিৰ ইউডিপি প্ৰাৰ্থী তথা প্ৰাক্তন গৃহমন্ত্ৰী এইছ ডি আৰ লিংডোৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত নিৰ্বাচন স্থগিত ৰখা হয় ৷ বৰ্তমানলৈকে ঘোষিত ফলাফল অনুসৰি মেঘালয়ত শাসনাধিষ্ঠিত এনপিপি দলে 24 খন আসনত জয়লাভ কৰিছে আৰু দুখন আসনত অগ্ৰগতি লৈ আছে (Meghalaya assembly election result update) ৷

এই নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছে দুখন আসন ৷ ইউনাইটেড ডেমক্ৰেটিক পাৰ্টীয়ে লাভ কৰিছে 11 খন আসন ৷ ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছে 5 খন, বিজেপি, এইছ এছ পি ডি পি, নিৰ্দলীয়, পিডিএফে দুখনকৈ আসনত জয়লাভ কৰিছে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছে 5 খন আৰু ভিপিপিয়ে 4 খন আসনত জয়লাভ কৰিছে (Meghalaya election result 2023) ৷

লগতে পঢ়ক: Meghalaya assembly poll updates: নিৰ্বাচনৰ ফলাফল ঘোষণা সম্পূৰ্ণ হোৱাৰ পাচতহে মিত্ৰতাৰ চিন্তা কৰিব চাংমাই

নিৰ্বাচনী ফলাফল ঘোষণাৰ মাজতে চৰ্চালৈ অহা বিষয়টো হৈছে, যিহেতু কোনো এটা দলেই মেঘালয়ত সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে, এই ক্ষেত্ৰত মিত্ৰতা কাৰ কাৰ মাজত হ’ব ? অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে, কনৰাড চাংমাই ইতিমধ্যে মিত্ৰতা বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে যোগাযোগ কৰিছে ৷ ‘‘মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহজীক ফোন কৰিছে আৰু নতুন চৰকাৰ গঠনৰ বাবে সহায় আৰু আশীৰ্বাদ বিচাৰিছে ৷’’ টুইটযোগে এই কথা কয় ড৹ শৰ্মাই (CM Sangma calls Amit Shah) ৷

তেওঁ লগতে কয় যে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই মেঘালয়ৰ বিজেপি দলক এনপিপিক পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে সহায় কৰিবলৈ আহ্বান জনাইছে ৷ নিজৰ টুইটত হিমন্ত বিশ্ব শৰ্মাই কয় ‘‘আদৰণীয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা জীয়ে মেঘালয় ৰাজ্যিক বিজেপিক এনপিপি দলক চৰকাৰ গঠনত সহায় কৰিবলৈ উপদেশ দিছে ৷’’ (JP Nadda on Meghalaya election result)

লগতে পঢ়ক: Big defeat of CPIM in Tripura: টিপ্ৰা মঠাৰ গাত চিপিআইএমৰ পৰাজয়ৰ দোষ জাপিলে হান্নান মোল্লাহে

ইয়াৰ পূৰ্বে কনৰাড চাংমাই সাংবাদিকৰ আগত মিত্ৰতাৰ প্ৰসংগত চৰ্চিত হোৱা খবৰ সন্দৰ্ভত নস্যাৎ কৰিছিল ৷ নিৰ্বাচনী ফলাফল সম্পূৰ্ণ হোৱাৰ পিচতহে মিত্ৰতাৰ বিষয়ে আলোচনা হ’ব বুলি তেওঁ সদৰী কৰে ৷ তেওঁ কয়, ‘‘আমি মেঘালয়ৰ ৰাইজক আমাক ভোটদান কৰাৰ বাবে ধন্যবাদ জনাইছোঁ ৷ চৰকাৰ গঠনৰ বাবে আমাৰ কেইখনমান আসন কমি আছে ৷ গতিকে ভোট গণনা সম্পূৰ্ণ হোৱাৰ পাচত আমি পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভ সিদ্ধান্ত গ্ৰহণ কৰিম ৷’’ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দক্ষিণ তুৰা সমষ্টিৰ পৰা জয়লাভ কৰিছে ৷ তেওঁ লাভ কৰে 10,090 টা ভোট ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.