ETV Bharat / bharat

Delhi CM boycotts NITI Aayog meeting : নীতি আয়োগৰ বৈঠক বৰ্জন অৰবিন্দ কেজৰিৱালৰ

author img

By

Published : May 26, 2023, 9:32 PM IST

কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে কেজৰিৱালৰ অভিযান অব্যাহত আছে (Kejriwal on Centre ordinance)। ইতিমধ্যে বিৰোধীৰ সমৰ্থন বিচাৰি কেজৰিৱালে বিভিন্ন ৰাজ্য ভ্ৰমণ কৰিছে । তাৰ মাজতে ইয়াৰ প্ৰতিবাদ স্বৰূপে কেজৰিৱালে বৰ্জন কৰিছে নীতি আয়োগৰ বৈঠক ।

Delhi CM boycotts NITI Aayog meeting
নীতি আয়োগৰ বৈঠক বৰ্জন অৰবিন্দ কেজৰিৱালৰ

নেশ্যনেল ডেস্ক,২৬ মে': নীতি আয়োগৰ বৈঠকত উপস্থিত নাথাকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Kejriwal boycotts NITI Aayog meeting)। কেজৰিৱালে নীতি আয়োগৰ বৈঠক বৰ্জন কৰিব । কেন্দ্ৰীয় চৰকাৰৰ অধ্যাদেশৰ প্ৰতিবাদত তেওঁ ইয়াক বৰ্জন কৰিব । এই সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখিছে । য'ত তেওঁ কৈছে যে যদি প্ৰধানমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ৰ আদেশ পালন নকৰে, তেনেহ'লে মানুহ ন্যায়ৰ বাবে ক'লৈ যাব । অ-বিজেপি চৰকাৰক কাম কৰিবলৈ অনুমতি দিবলৈ তেওঁ প্ৰধানমন্ত্ৰীক দাবী জনায় ।

পত্ৰখনত তেওঁ লিখিছে যে প্ৰধানমন্ত্ৰীয়ে শনিবাৰে নীতি আয়োগৰ এখন বৈঠকৰ আহ্বান কৰিছে । নীতি আয়োগৰ উদ্দেশ্য হৈছে ভাৰতৰ দৃষ্টিভংগী প্ৰস্তুত কৰাৰ লগতে সহযোগিতামূলক ফেডাৰেলিজমৰ প্ৰচাৰ কৰা । যোৱা কেইবছৰ মানত যিধৰণে গণতন্ত্ৰক আক্ৰমণ কৰা হৈছে, অ-বিজেপি চৰকাৰবোৰক উৎখাত কৰা হৈছে বা তেওঁলোকক কাম কৰিবলৈ দিয়া হোৱা নাই । এয়া ভাৰতৰ দৃষ্টিভংগী বা সহযোগিতামূলক ফেডাৰেলিজম নহয় ।

কেজৰিৱালৰ অভিযোগ অনুসৰি যোৱা কেইবছৰমানৰ পৰা সমগ্ৰ দেশতে এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যে যদি মানুহে যিকোনো ৰাজ্যত এখন অ-বিজেপি দলৰ চৰকাৰ গঠন কৰে, ইয়াক সহ্য কৰা নহয় (Kejriwal letter to PM Modi)।

কেজৰিৱালে অভিযোগ কৰা মতে কেতিয়াবা যদি বিধায়ক ক্ৰয় কৰি এখন অ-বিজেপি চৰকাৰ উৎখাত কৰা হয় নহ'লে ইডি আৰু চিবিআইৰ ভয় দেখুৱাই চৰকাৰখন উৎখাত কৰা হয় । ৮ বছৰৰ যুঁজৰ অন্তত দিল্লীৰ লোকসকলে উচ্চতম ন্যায়ালয়ৰ যুদ্ধত জয়ী হৈছিল আৰু ন্যায় পাইছিল । কিন্তু মাত্ৰ ৮ দিনৰ ভিতৰতে প্ৰধানমন্ত্ৰীয়ে এখন অধ্যাদেশ পাচ কৰি উচ্চতম ন্যায়ালয়ৰ আদেশ প্ৰত্যাৱৰ্তন কৰিছে বুলিও তেওঁ অভিযোগ কৰিছে (Kejriwal slams BJP)।

মুখ্যমন্ত্ৰী কেজৰিৱালে পত্ৰৰ জৰিয়তে এইটোও কৈছে যে দিল্লী চৰকাৰৰ কোনো বিষয়াই যদি কাম কৰিব নোৱাৰে । যদি চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব নোৱাৰে, তেন্তে চৰকাৰে কেনেদৰে কাম কৰিব ? ৰাইজে প্ৰশ্ন কৰিছে যে যদি প্ৰধানমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ৰ আজ্ঞা পালন নকৰে, তেন্তে লোকসকলে ক'ত ন্যায় বিচাৰিব । যেতিয়া সংবিধান আৰু গণতন্ত্ৰক এনেদৰে অৱজ্ঞা কৰা হয়, নীতি আয়োগৰ বৈঠকত উপস্থিত থকাৰ কোনো অৰ্থ নাই বুলিও তেওঁ উল্লেখ কৰে । ইফালে কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰৰ অধ্যাদেশৰ বিৰুদ্ধে সমৰ্থনৰ বাবে ২৩ মে'ৰ পৰা ২৫ মে'ৰ ভিতৰত মমতা বেনাৰ্জী, শৰদ পাৱাৰ আৰু উদ্ধৱ ঠাকৰেক সাক্ষাৎ কৰিছে ।

লগতে পঢ়ক :Centre ordinance row : সমৰ্থন বিচাৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ কাষ চাপিছে কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.