মিজোৰাম,24 ডিচেম্বৰ: সমগ্ৰ বিশ্বৰ লগতে মিজোৰামতো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বৰদিনৰ ৷ সাজু হৈছে প্ৰতিগৰাকী খ্ৰীষ্টানধৰ্মী লোক ৷ ৰাজ্যখনত বৰদিন উদযাপনৰ বাবে পূৰ্বৰ দৰে নাই কোনো জাক-জমকতা নাই কোনো আড়ম্বৰপূৰ্ণতা ৷ মিজোৰামত এইবেলি বৰদিন পালন কৰা হ’ব অনলাইনৰ জৰিয়তে ৷ ইয়াৰ বাবে সাজু হৈ উঠিছে গীৰ্জাসমূহ ৷ গীৰ্জাসমূহত থকা ইউ টিউব চেনেলৰ জৰিয়তে বৰদিনৰ পুৱা প্ৰচাৰ কৰা হ’ব কেৰলৰ বাণী ৷ কৰ’ণা ভাইৰাছৰ বাবে মাথো আনুষ্ঠানিকতাহে ৰক্ষা কৰা হ’ব বৰদিনৰ ৷
বৰদিনক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে আইজলৰ ৰাজপথ ৷ সকলোকে দেখা গৈছে বৰদিনৰ বাবে বিভিন্ন সামগ্ৰী ক্ৰয় কৰা ৷ বৰদিন উপলক্ষে পৰিস্কাৰ-পৰিচ্ছন্ন কৰি তুলিছে ৰাজ্যখনৰ ভিন্ন স্থানত অৱস্থিত গীৰ্জাসমূহ ৷ মুঠতে কৰ’ণা সংক্ৰমণৰ মাজতে ব্যতিক্ৰমী ৰূপত এইবাৰ অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত পালন কৰা হ’ব বৰদিনৰ দিনটো ৷ সকলোকে ঘৰতে থাকি বৰদিন উদযাপন কৰিবলৈ আহ্বান জনাইছে গীৰ্জা কৰ্তৃপক্ষই ৷
লগতে চাওকঃ 24 ডিচেম্বৰঃ ৰাষ্ট্ৰীয় উপভোক্তা দিৱস, জানক আপোনাৰ অধিকাৰ