ETV Bharat / bharat

পিয়ুয গোৱেলৰে সাক্ষাৎ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ

শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী পিয়ুয গোৱেলক নতুন দিল্লীত সাক্ষাৎ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ । ভাৰতীয় খাদ্য নিগমৰ কেন্দ্ৰীয় পুলৰ অধীনত ক্ৰয় কৰা অনুমোদিত ২৪ লাখ টন ধান ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে দাবী জনায় ।

author img

By

Published : Feb 6, 2021, 10:15 AM IST

পিয়ুয গোৱেলৰে সাক্ষাৎ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ
পিয়ুয গোৱেলৰে সাক্ষাৎ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰী: কৃষি আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ । কৃষকৰ ফচলৰ কষ্টোপাৰ্জিত ধনৰ বাবে শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী পিয়ুয গোৱেলক নতুন দিল্লীত সাক্ষাৎ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ । ভাৰতীয় খাদ্য নিগমৰ কেন্দ্ৰীয় পুলৰ অধীনত অনুমোদিত ২৪ লাখ টন ধান ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে দাবী জনায় । 'যি আশা লৈ পিয়ুয গোৱেলৰ ওচৰত আহিছিলো সেয়া পূৰণ নহ'ল । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৬ নিযুত মেট্ৰিক টন ধান ক্ৰয়ৰ অনুমতি প্ৰদান কৰিছে । গোৱেলে আমাৰ দাবী নস্যাৎ কৰিছে । কিয়নো ৰাজীৱ গান্ধী কৃষক ন্যায় যোঁজনাৰ অধীনত ৰাজ্যখনত শস্য উৎপাদনৰ বাবে পুঁজি প্ৰদান কৰি অহাৰ বাবে আমাৰ দাবী নস্যাৎ কৰিছে' বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এইদৰে কয় ভূপেশ বাঘেলে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,যিদৰে মোডী চৰকাৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ পুঁজি প্ৰদান কৰি আহিছে ঠিক সেইদৰে তেওঁলোকেও ৰাজীৱ গান্ধী কৃষক ন্যায় যোঁজনাৰ অধীনত পুঁজি প্ৰদান কৰি আহিছে । ভাৰতীয় খাদ্য নিগমৰ অধীনত কেন্দ্ৰই অতিশীঘ্ৰে ৪০ লাখ মেট্ৰিক টন চাউল ক্ৰয়ৰ অনুমতি প্ৰদান কৰিব লাগে কিয়নো বিকেন্দ্ৰীভূত ক্ৰয় আঁচনিৰ অধীনত খাৰিফ ব্যৱসায়িক বৰ্ষত ছত্তীশগড়ত ২০.৫৩ লাখ কৃষকৰ পৰা ৯২ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছিল । আনহাতে ভাৰত চৰকাৰে ২০২০-২১ বৰ্ষত খাদ্য নিগমৰ অধীনত কেন্দ্ৰই মাত্ৰ ২৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ খাদ্য বিভাগক অনুমতি প্ৰদান কৰিছে । লগতে ৰাজ্যখনৰ ৰাজহুৱা বিতৰণ প্ৰণালীৰ বাবে ২০ লাখ মেট্ৰিক টন ধানৰ প্ৰয়োজন হ'ব আৰু ইয়াৰোপৰি ৩০ লাখ মেট্ৰিক টন ধান অসামৰিক যোগান নিগমে মজুত কৰিব বুলি কয় বাঘেলে । সমগ্ৰ বিষয় সন্দৰ্ভত পৰৱৰ্তী বৈঠক ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিব বুলি জনায় বাঘেলে ।

লগতে পঢ়ক:জে পি নাড্ডাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব কেৰালা আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.