ETV Bharat / bharat

ছত্তীশগড় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, ৯ বিজেপি বিধায়কৰ শপত গ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 2:38 PM IST

ছত্তীশগড়ত নতুনকৈ ৯ গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে (Nine BJP MLA sworn in as ministers)। তাৰ ভিতৰত কেইবাগৰাকী অভিজ্ঞ নেতাও আছে । নতুন মন্ত্ৰীসভাৰ ওপৰত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে ।

Chhattisgarh Cabinet Expansion
ছত্তীগড় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, ৯ বিজেপি বিধায়কৰ শপত গ্ৰহণ

নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ : ছত্তীশগড়ৰ বিষ্ণু দেও সাই চৰকাৰৰ ৯ গৰাকী মন্ত্ৰীয়ে পদ আৰু গোপনীয়তাৰ শপত লয় । তাৰ ভিতৰত এগৰাকী মন্ত্ৰী সাধাৰণ শ্ৰেণীৰ, তিনিগৰাকী অ'বিচিৰ, দুগৰাকী অনুসূচীত জাতিৰ আৰু এগৰাকী অনুসূচীত জনজাতি শ্ৰেণীৰ । মন্ত্ৰী হিচাপে শপত লোৱা বিধায়কসকল হৈছে ব্ৰজমোহন আগৰৱালা, ৰামভিচাৰ নেতাম, দয়ালদাস বাঘেল, কেদাৰ কাশ্যপ, টংকৰাম বাৰ্মা, শ্যাম বিহাৰী জয়ছোৱাল, অ'পি চৌধুৰী, লখনলাল দেৱাংগন আৰু লক্ষ্মী ৰাজৱাড়ে ।

১. ব্ৰজমোহন আগৰৱালা : আগৰৱালাই ৰায়পুৰ দক্ষিণ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে । ব্ৰজমোহন আগৰৱালা অবিভক্ত মধ্য প্ৰদেশৰ সময়ৰ পৰাই এই আসনখনত বিধায়ক হৈ আছে । ব্ৰজমোহন আগৰৱালা ১৯৯০ চনত অবিভক্ত মধ্য প্ৰদেশত প্ৰথমবাৰৰ বাবে বিধায়ক হৈছিল । ইয়াৰ পাছত, তেওঁ ১৯৯৩ আৰু ১৯৯৮ চনতো অবিভক্ত মধ্য প্ৰদেশত বিধায়ক হৈছিল । তাৰ পাছত ব্ৰজমোহন আগৰৱালাই ২০০৩, ২০০৮, ২০১৩, ২০১৮ আৰু ২০২৩ চনত একেৰাহে ৫ টা নিৰ্বাচনত জয়লাভ কৰে ।

২. ৰামভিচাৰ নেতাম : ১৯৯০ চনত নেতামে শিক্ষকৰ চাকৰিৰ পৰা পদত্যাগ কৰে আৰু তেতিয়াৰ পাল বিধানসভা আসনৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দিতা কৰে । নেতামে সেই নিৰ্বাচনত জয়ী হৈছিল । ইয়াৰ পাছত তেওঁ ১৯৯৩, ১৯৯৮, ২০০৩, ২০০৮ চনত বিধানসভা নিৰ্বাচনত জয়ী হৈছিল । ৰামভিচাৰ নেতাম ২০০৪ চনত প্ৰথমবাৰৰ বাবে জনজাতীয় কল্যাণ বিভাগ আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হৈছিল । ২০০৫ চনৰ পৰা ২০০৮ চনলৈ তেওঁ গৃহ, কাৰাগাৰ আৰু ৰাজহ বিভাগৰ মন্ত্ৰী আছিল । ২০১৩ চনলৈকে তেওঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, আইনকে ধৰি কেইবাটাও বিভাগৰ মন্ত্ৰী আছিল । তেওঁ ২০১৬ চনৰ পৰা ২০২২ চনলৈ ছত্তীশগড়ৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল ।

৩. দয়ালদাস বাঘেল : দয়ালদাস বাঘেল নৱাগড় ব্লকৰ সম্বলপুৰৰ ওচৰৰ কুনৰা গাঁৱৰ বাসিন্দা । কৃষক পৰিয়ালৰ সন্তান আছিল দয়ালদাস । তেওঁ ১৯৭৬ চনত বিজেপিত যোগদান কৰিছিল । দয়ালদাসে ১৯৯৮ আৰু ২০১৮ ৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল । তেওঁ ২০০৩, ২০০৮ আৰু ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল । নৱাগড় বিধানসভা সমষ্টিটো অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ।

৪. কেদাৰ কাশ্যপ : কেদাৰ কাশ্যপ চতুৰ্থবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে । ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ নাৰায়ণপুৰ আসনৰ পৰা ১৯,১৮৮ টা ভোটৰ ব্যৱধানত জয়ী হয় ।

৫. শ্যাম বিহাৰী জয়ছোৱাল : শ্যাম বিহাৰী দ্বিতীয়বাৰৰ বাবে বিধায়ক হৈছে । ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ মনেন্দ্ৰগড় আসনৰ পৰা ১১,৮৮০ টা ভোটত জয়ী হয় । ২০১০ চনত তেওঁ জনপদ পঞ্চায়তৰ উপ-সভাপতি হিচাপে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল ।

৬. অ'পি চৌধুৰী : অ'পি চৌধুৰী ছত্তীশগড় বিজেপিৰ সাধাৰণ সম্পাদক আছিল । তেওঁ ২০০৫ চনৰ বেচৰ প্ৰাক্তন আইএএছ বিষয়া আছিল । তেওঁ ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত ছত্তীশগড়ৰ খাৰচিয়া আসনৰ পৰা পৰাজিত হৈছিল । তেওঁ ২০২৩ চনৰ নিৰ্বাচনত ৰায়গড় আসনৰ পৰা ৬৪ হাজাৰতকৈও অধিক ভোটত জয়ী হয় । মাওবাদী প্ৰভাৱিত অঞ্চলত উৎকৃষ্ট কামৰ বাবে তেওঁ জনপ্ৰিয় ।

৭. টংকৰাম বাৰ্মা : ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ বালোদা বজাৰ আসনৰ পৰা ১৪,৭৪৬ টা ভোটৰ ব্যৱধানত জয়ী হয় । তেওঁ পঞ্চায়তৰ জৰিয়তে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল ।

৮. লখনলাল দেৱাংগন : লখনলাল দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে । ইয়াৰ পূৰ্বে তেওঁ বিজেপি চৰকাৰৰ সংসদীয় সচিব আছিল । শেহতীয়া বিধানসভা নিৰ্বাচনত তেওঁ কোৰবা আসনৰ পৰা ২৫,৬২৯ টা ভোটৰ ব্যৱধানত জয়ী হয় ।

৯. লক্ষ্মী ৰাজৱাড়ে : লক্ষ্মী ৰাজৱাড়ে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে । শেহতীয়া বিধানসভা নিৰ্বাচনত ভাটগাঁও আসনখনৰ পৰা ৪৩,৯৬২ টা ভোটৰ ব্যৱধানত তেওঁ জয়ী হয় ।

লগতে পঢ়ক :ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত সঞ্জয় সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.