ETV Bharat / bharat

Chandrayaan3 mission : চন্দ্ৰযান-৩ৰ পঞ্চম কক্ষপথ সফলতাৰে পৰিৱৰ্তন কৰালে ইছৰোৱে - Indian Space Research Organisation

ইছৰোৱে চন্দ্ৰযান-৩ মহাকাশযানৰ পঞ্চম কক্ষপথ পৰিৱৰ্তন সফলতাৰে সম্পাদন কৰে ।

Chandrayaan3 mission
Chandrayaan3 mission
author img

By

Published : Jul 25, 2023, 6:01 PM IST

নিউজ ডেস্ক, ২৫ জুলাই : ইছৰোৱে মঙলবাৰে ইছৰো টেলিমেট্ৰি, ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্কৰ (ISRO Telemetry, Tracking and Command Network, ISTRAC) পৰা চন্দ্ৰযান-৩ মহাকাশযানৰ পঞ্চম কক্ষপথ পৰিৱৰ্তনৰ কৌশল (Earth-bound perigee firing) সফলতাৰে সম্পাদন কৰে ।

"মহাকাশযানখনে ১২৭৬০৯ কিলোমিটাৰ X ২৩৬ কিলোমিটাৰ কক্ষপথ লাভ কৰিব বুলি আশা কৰা হৈছে । পৰ্যবেক্ষণৰ পিছত লাভ কৰা কক্ষপথটো নিশ্চিত কৰা হ'ব ।" ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয়ে এই কথা জনাইছে । আনহাতে, ১৪ জুলাইত চন্দ্ৰযান-৩ অভিযান আৰম্ভ কৰা ইছৰোৱে লগতে কয়, "পৰৱৰ্তী বিস্ফোৰণ, ট্ৰেন্সলুনাৰ ইঞ্জেকচন (TransLunar Injection, TLI) ভাৰতীয় সময়মতে ১ আগষ্টৰ মাজনিশা ১২ বজাৰ পৰা পুৱা ১ বজাৰ ভিতৰত পৰিকল্পনা কৰা হৈছে ।"

  • Chandrayaan-3 Mission:

    The orbit-raising maneuver (Earth-bound perigee firing) is performed successfully from ISTRAC/ISRO, Bengaluru.

    The spacecraft is expected to attain an orbit of 127609 km x 236 km. The achieved orbit will be confirmed after the observations.

    The next… pic.twitter.com/LYb4XBMaU3

    — ISRO (@isro) July 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইছৰোৰ এগৰাকী বিষয়াই পিটিআইৰ আগত কয় যে টিএলআইৰ পিছত চন্দ্ৰযান-৩ মহাকাশযানখন পৃথিৱীৰ কক্ষপথৰ পৰা ওলাই যাব আৰু এনে এটা পথ অনুসৰণ কৰিব যিয়ে চন্দ্ৰযানক চন্দ্ৰৰ ওচৰলৈ লৈ যাব । অৰ্থাৎ মহাকাশযানখনে টিএলআই কৌশল অনুসৰণ কৰি পৃথিৱীৰ কক্ষপথ এৰি যোৱাৰ পিছত ১ আগষ্টত চন্দ্ৰৰ ফালে যাত্ৰা আৰম্ভ কৰিব, যিয়ে যানখনক 'চন্দ্ৰ স্থানান্তৰৰ পথ'ত ৰাখিব । ইছৰোৱে জনোৱা মতে, চন্দ্ৰযানে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত লেণ্ডাৰৰ মসৃণ অতৰণৰ চেষ্টা কৰিব ।

উল্লেখ্য যে চন্দ্ৰযান-3ৰ প্ৰাথমিক উদ্দেশ্য হৈছে চন্দ্ৰপৃষ্ঠত এক সুৰক্ষিত আৰু মসৃণ অৱতৰণ নিশ্চিত কৰা আৰু অৱতৰণ স্থান অন্বেষণ কৰিবলৈ এটা ৰ'ভাৰ স্থাপন কৰা । এই অভিযানৰ জৰিয়তে ভাৰতে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ইয়াৰ প্ৰযুক্তিগত দক্ষতা বৃদ্ধি কৰিব বিচাৰে আৰু চন্দ্ৰৰ ভূ-বিজ্ঞান, খনিজ বিজ্ঞান আৰু পৃষ্ঠৰ যৌগ সম্পৰ্কে মূল্যৱান বৈজ্ঞানিক তথ্য সংগ্ৰহ কৰিব বিচাৰে ।

মহাকাশত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ অধীনত চন্দ্রযান-৩ৰ গতি লাহে লাহে বৃদ্ধি কৰাৰ বাবে মুঠ পাঁচটা কক্ষপথ পৰিৱর্তনৰ পৰিকল্পনা কৰিছিল ইছৰোৱে । ইতিমধ্যে এই সকলোকেইটা পৰিৱৰ্তনেই সফলভাৱে সম্পন্ন হৈছে । ইয়াৰ পূৰ্বে ১৫ জুলাই, ১৬ জুলাই, ১৮ জুলাই আৰু ২০ জুলাইত কক্ষপথ পৰিৱর্তন কৰিছে চন্দ্রযান-৩-এ । এই পর্যন্ত মহাকাশত চন্দ্রযান-৩ৰ যাত্রা নির্বিঘ্নে চলি আছে । সকলো ঠিকে থাকিলে অহা ২৩ বা ২৪ আগষ্টত চন্দ্ৰত উপস্থিত হ'ব চন্দ্রযান-৩ ।

আনহাতে, ইছৰোৰ এই অভিযান সফল হ'লে ছোভিয়েট ইউনিয়ন, আমেৰিকা আৰু চীনৰ পিছতেই চন্দ্র অভিযানত সাফল্যৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব ভাৰতে । বিশ্বৰ চতুর্থ দেশ হিচাপে ভাৰতে চন্দ্ৰত মহাকাশযান অৱতৰণ কৰাব ।

উল্লেখ্য, যোৱা ১৪ জুলাইত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ লঞ্চিং পেডৰ পৰা সফল উৎক্ষেপণ কৰা হয় চন্দ্রযান-৩ । যদি চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্রযান-৩ৰ পৰা লেণ্ডাৰ বিক্রমে সফলতাৰে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিব পাৰে আৰু তাৰ পিছত ৰ'ভাৰ প্রজ্ঞানক সঠিকভাৱে অৱতৰণ কৰাব পাৰে, তেন্তে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসত এক নতুন পৃষ্ঠা সংযোজিত হ'ব ।

লগতে পঢ়ক :PSLV to Orbit Singaporean satellites : ৩০ জুলাইত পিএছএলভিয়ে উৎক্ষেপণ কৰিব ছিংগাপুৰৰ ৭ উপগ্ৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.