নেশ্যনেল ডেস্ক,১ মে': সমগ্ৰ দেশে কৰ'ণাসৃষ্ট সংকটৰে যুঁজ দি থকাৰ সময়তে কেন্দ্ৰই ৰাজ্যসমূহলৈ ৮,৮৭৩ কোটি টকা আৱণ্টন দিছে । ২০২১-২২ বৰ্ষৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় অংশৰ প্ৰথম কিস্তি হিচাপে এই ধনৰাশি আগবঢ়োৱা হৈছে । এই পুঁজি ক'ভিড-১৯ মহামাৰীৰে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনোৱা মতে, বিত্ত মন্ত্ৰালয়ৰ অধীনত ব্যয় বিভাগে এক বিশেষ ব্যৱস্থা হিচাপে স্বাভাৱিক সময়সূচীৰ পূৰ্বেই এই পুঁজি আৱণ্টন দিছে । চৰকাৰী সূত্ৰই জনোৱা মতে, ৮,৮৭৩.৬ কোটি টকা ৰাজ্যবোৰৰ বাবে আৱণ্টন দিয়া হৈছে ।
সাধাৰণতে, বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ প্ৰথম কিস্তি জুন মাহত আৱণ্টন দিয়া হয় । যি কি নহওঁক, এই সংকটৰ সময়ত স্বাভাৱিক প্ৰক্ৰিয়া শিথিল কৰি ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা কেৱল আগতীয়াকৈ ধন মোকলাই দিয়াই নহয়, বিগত বৰ্ষত আৱণ্টিত ধন ব্যৱহাৰৰ খতিয়ান ৰাজ্যসমূহে দাখিল নকৰাকৈয়ে এইবাৰ পুঁজি আৱণ্টন দিয়া হৈছে ।
বৰ্তমান মোকোলাই দিয়া পুঁজিৰ ভিতৰত ৫০ শতাংশ অৰ্থাৎ ৪,৪৩৬.৮ কোটি টকা ৰাজ্যসমূহে মহামাৰীৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ।
এই ধনৰাশি ৰাজ্যবোৰে চিকিৎসালয়ত অক্সিজেনৰ মজুতকৰণ, ভেণ্টিলেটৰ, বায়ু বিশুদ্ধিকৰণ, এম্বুলেঞ্চ সেৱা উন্নীত কৰা, ক'ভিড-১৯ চিকিৎসালয় স্থাপন কৰা, ক'ভিড সেৱা কেন্দ্ৰ স্থাপন কৰা, থাৰ্মেল স্কেনাৰ ক্ৰয়, ব্যক্তিগত সুৰক্ষা সঁজুলি, পৰীক্ষাগাৰ, পৰীক্ষা সঁজুলি, কণ্টেইনমেণ্ট জ'ন আদিত ব্যয় কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: ভেজাল ৰেমডিচিবিৰ বিক্ৰি কৰি দুজন গ্ৰেপ্তাৰ