ETV Bharat / bharat

Centre Delhi ordinance Row : কেজৰিৱালক সমৰ্থন জনাব ষ্টেলিনে

author img

By

Published : Jun 1, 2023, 7:15 PM IST

চেন্নাইত ষ্টেলিন আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ লগত লৈ এক সংবাদমেল সম্বোধন কৰি কেজৰিৱালে কয় যে কেন্দ্ৰৰ বিৰুদ্ধে তেওঁৰ যুঁজ ষ্টেলিনৰ সমৰ্থনে শক্তিশালী কৰিছে । কিয়নো ইয়াৰ দ্বাৰা আন বিৰোধী দলসমূহকো সমস্বৰে 'অত্যাচাৰী বিজেপি'ৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰিব (Centre ordinance row in Delhi) ।

Centre Delhi ordinance Row
Centre Delhi ordinance Row

নিউজ ডেস্ক, ১ জুন : দিল্লী সন্দৰ্ভত নতুন অধ্যাদেশক লৈ কেন্দ্ৰ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত বিবাদ চলি আছে (Kejriwal Centre conflict over ordinance) । তাৰে মাজতে কেজৰিৱালে কয় যে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে দিল্লী চৰকাৰৰ অধিকাৰ 'দমন' কৰিব বিচৰা কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে আপ চৰকাৰৰ যুঁজক ডিএমকেয়ে সমৰ্থন আগবঢ়াইছে (DMK will support AAP on Centre ordinance) ।

চেন্নাইত ষ্টেলিন আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে এক সংবাদমেল সম্বোধন কৰি কেজৰিৱালে কয় যে কেন্দ্ৰৰ বিৰুদ্ধে তেওঁৰ চৰকাৰৰ যুঁজ ষ্টেলিনৰ সমৰ্থনৰ দ্বাৰা শক্তিশালী হৈছে । কিয়নো এই সমৰ্থনে আন বিৰোধী দলসমূহকো সমস্বৰে 'অত্যাচাৰী বিজেপি'ৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰিব (Tamil Nadu CM MK Stalin supports AAP) ।

"বিজেপি চৰকাৰে ১৯ মে'ত উচ্চতম ন্যায়ালয়ৰ আদেশ প্ৰত্যাহাৰ কৰিছে । যি আদেশত চৰকাৰখন সূচাৰুৰূপে চলাবলৈ কেইবাটাও বিষয়ৰ ওপৰত নিয়ন্ত্ৰণ প্ৰয়োগ কৰাৰ ক্ষমতা আপ চৰকাৰক দিছিল । বিজেপি নেতৃত্বাধীন চৰকাৰৰ পদক্ষেপ অগণতান্ত্ৰিক, অভূতপূৰ্ব আৰু ই ফেডাৰেলিজমক আঘাত কৰিছে । মই বিচাৰোঁ যে সকলো সমভাবাপন্ন বিজেপিবিৰোধী দলে কেন্দ্ৰৰ স্বেচ্ছাচাৰী অধ্যাদেশৰ বিৰোধিতা কৰক ।" কেজৰিৱালে কয় ।

আনহাতে, ডিএমকেয়ে আপক জনোৱা সমৰ্থন সন্দৰ্ভত ষ্টেলিনে কয়, "মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে উপ-ৰাজ্যপালৰ জৰিয়তে দিল্লী কেন্দ্ৰীয়শাসিত অঞ্চল আৰু আপ চৰকাৰক হেঁচা প্ৰয়োগ কৰি আছে । বিজেপি চৰকাৰে এখন অধ্যাদেশ আনিবলৈ চেষ্টা কৰি আছে আৰু ডিএমকেয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিব । আমি আন নেতাসকলৰ মতামতৰ ওপৰতো আলোচনা কৰোঁ আৰু মই সকলো নেতাক অৰবিন্দ কেজৰিৱালক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছোঁ ।"

দিল্লীৰ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তেওঁ আশাবাদী যে কংগ্ৰেছেও এই যুঁজত আপক সমৰ্থন কৰিব । কিয়নো তেওঁ এই অধ্যাদেশৰ প্ৰতি কংগ্ৰেছৰ বিৰোধিতাৰ কোনো কাৰণ দেখা নাই । তেওঁ লগতে বিজেপিবিৰোধী সকলো দলক একত্ৰিত কৰি ৰাজ্যসভাত ভোটৰ জৰিয়তে বিজেপিক পৰাস্ত কৰিবলৈ আহ্বান জনায় । কিয়নো ৰাজ্যসভা বিজেপি নেতৃত্বাধীন চৰকাৰৰ সংখ্যাগৰিষ্ঠতা নাই ।

"অধ্যাদেশৰ বিষয়ত ৰাজ্যসভাত বিজেপিৰ পৰাজয়ৰ অৰ্থ হৈছে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দলটোৰ মোক্ষম আঘাত । ই আগন্তুক বছৰৰ লোকসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় চিহ্নিত কৰিব ।" তেওঁ লগতে কয় । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে, কেজৰিৱালৰ সংবাদমেলৰ কেইঘণ্টামান পূৰ্বে কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতে কয় যে তেওঁ দিল্লী চৰকাৰৰ বিৰুদ্ধে কেন্দ্ৰৰ অধ্যাদেশক সমৰ্থন কৰে । দীক্ষিতে কয় যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অৱগত যে যদি তেওঁ ভিজিলেন্স বিভাগৰ নিয়ন্ত্ৰণ নাপায় তেন্তে তেওঁক কমেও ৮-১০ বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব ।

লগতে পঢ়ক :Wrestlers Protest : প্ৰতিবাদী মল্লযোদ্ধাৰ সমৰ্থনত উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত মহাপঞ্চায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.