ETV Bharat / bharat

২.৬২ লাখ কোটি টকাতকৈও অধিক কৰ ঘূৰাই দিছে চি.বি.ডি.টি. এ - কৰ্পোৰেট

বিত্ত মন্ত্ৰালয়ৰ মতে, যোৱা বিত্তীয় বৰ্ষত, কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ড চমুকৈ চি.বি.ডি.টি. য়ে ২.৩৮ কোটিতকৈ অধিক কৰদাতাক ২.৬২ লাখ কোটি টকাতকৈও অধিক কৰ ঘূৰাই দিছে।

CBDT issues tax refunds of more than Rs 2.62 lakh crore
২.৬২ লাখ কোটি টকাতকৈও অধিক কৰ ঘূৰাই দিছে চি.বি.ডি.টি. য়ে
author img

By

Published : Apr 2, 2021, 12:06 PM IST

নেশ্যনেল ডেক্স, 2 এপ্ৰিল: যোৱা বিত্তীয় বৰ্ষত, কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড চমুকৈ চি.বি.ডি.টি. য়ে ২.৩৮ কোটিতকৈ অধিক কৰদাতাক ২.৬২ লাখ কোটি টকাতকৈও অধিক কৰ ঘূৰাই দিছে, বিত্ত মন্ত্ৰালয়ে বৃহস্পতিবাৰে এইদৰে কয় । আয়কৰ বিভাগে ২০১৯-২০ বৰ্ষত জাৰি কৰা ১.৮৩ লাখ কোটিতকৈ অধিক কৰ ৰিফাণ্ডতকৈ এই বেলিৰ কৰ ৰিফাণ্ডৰ পৰিমাণ ৪৩.২% অধিক ।

বিত্ত মন্ত্ৰালয়ে কৈছিল যে, বিশ্বব্যাপী ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুর্ভাৱৰ বাবে যোৱা বিত্তীয় বৰ্ষটো অত্য়ন্ত প্ৰত্যাহ্বানজনক আছিল আৰু কৰদাতাসকলক তাৎক্ষণিক সকাহ দিয়াৰ বাবেই, বেছিভাগ ক্ষেত্ৰতেই কৰ ৰিফাণ্ড জাৰী কৰা হৈছে । শেহতীয়া চৰকাৰী তথ্য অনুসৰি, কৰ্প’ৰেট কৰদাতাসকলকেই বেছিভাগ ৰিফাণ্ড জাৰি কৰিছে । ৩.৪৬ লাখৰো অধিক কৰ্প’ৰেট কৰদাতাই ১.৭৪ লাখ কোটি টকাতকৈ অধিক কৰ ৰিফাণ্ড লাভ কৰিছে যি মুঠ কৰ পৰিশোধৰ পৰিমাণৰ দুই-তৃতীয়াংশতকৈ অধিক ।

আনহাতে, হিন্দু অবিভক্ত পৰিয়াল (HUF), অংশীদাৰী আৰু স্বত্বাধিকাৰীকে ধৰি 2.34 কোটিতকৈও অধিক ব্যক্তিগত কৰদাতাই 87,749 কোটি টকাৰ কৰ ৰিফাণ্ড লাভ কৰিছে, যি যোৱা বছৰ জাৰি কৰা মুঠ ৰিফাণ্ড 2.62 লাখ কোটি টকাৰ এক তৃতীয়াংশতকৈ কম । বিত্ত মন্ত্ৰালয়ে কয়, "মহামাৰীৰ ফলত হোৱা অৰ্থনৈতিক পৰিণাম সহজ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা লৈ অহাটো সময়ে সময়ে চৰকাৰৰ প্ৰচেষ্টা হৈ আহিছে আৰু ইয়াৰ সৈতে সংগতি ৰাখিয়েই চি.বি.ডি.টি.য়ে শীঘ্ৰে স্থগিত হৈ থকা ৰিফাণ্ড সমূহ জাৰি কৰিছে," বিত্ত মন্ত্ৰালয়ে এনেদৰে কয়।

লগতে পঢ়ক: মহাৰাণা প্ৰতাপ বিমানবন্দৰত উপস্থিত দুই বিৰোধী নেতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.