ETV Bharat / bharat

Row over Nijjar killing: কানাডা ভাৰতৰ মাজৰ সম্পৰ্ক বৰ্তি থকাটো অতি গুৰুত্বপূৰ্ণ; জাষ্টিন ট্ৰুডো

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 1:57 PM IST

"কানাডা ভাৰতৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ ভাৰতবৰ্ষ ক্ৰমবৰ্ধমান অৰ্থনৈতিক শক্তি আৰু গুৰুত্বপূৰ্ণ ভূ-ৰাজনৈতিক ক্ষেত্ৰ ৷" কানাডা আৰু ভাৰতৰ মাজত মতানৈক্য অব্যাহত থকাৰ সময়তে এই তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ ৷

Row over Nijjar killing
প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ: খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ পিচতে ক্ৰমাৎ অৱনমিত হৈছে কনাডা আৰু ভাৰতৰ সম্পৰ্ক ৷ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই সন্দৰ্ভত কয় যে কানাডা ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাটো “অতি গুৰুতৰ” ৷ কাৰণ ভাৰতবৰ্ষ ক্ৰমবৰ্ধমান অৰ্থনৈতিক শক্তি আৰু গুৰুত্বপূৰ্ণ ভূ-ৰাজনৈতিক ক্ষেত্ৰ ৷ অৱশ্যে নিজ্জাৰৰ হত্যাকাৰীৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত নতুন দিল্লীয়ে অটোৱাৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, 18 জুনত ব্ৰিটিছ কলম্বিয়াত খালিস্তানী উগ্ৰপন্থী নিজ্জাৰক হত্যা কৰাৰ ক্ষেত্ৰত ভাৰতীয় এজেণ্ট জড়িত থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছতে ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্ক বেয়াৰ ফাললৈ ধাৱমান হয় । ভাৰতে 2020 চনত নিজ্জাৰক সন্ত্ৰাসবাদী হিচাপে ঘোষিত কৰিছিল । ভাৰতে এই অভিযোগক “অৰ্থহীন” আৰু “প্ৰৰোচিত” বুলি ক্ষোভ প্ৰকাশ কৰে ।

ট্ৰুডোৱে কয় যে ভাৰতৰ বিৰুদ্ধে বিশ্বাসযোগ্য অভিযোগ উত্থাপন হোৱাৰ পিছতো কানাডা ইয়াৰ সৈতে অধিক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি দ্য নেশ্যনেল পোষ্ট কাকতত প্ৰকাশ পাইছে । মণ্ট্ৰিয়েলত এখন সংবাদমেলত ভাষণ দি ট্ৰুডোৱে কয় যে বিশ্ব মঞ্চত ভাৰতৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি কানাডা আৰু ইয়াৰ মিত্ৰ দেশসমূহে ভাৰতৰ সৈতে গঠনমূলক আৰু গুৰুত্বসহকাৰে যোগাযোগ অব্যাহত ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ ভাবে ।

ভাৰত চৰকাৰৰ এজেণ্টে কানাডাৰ মাটিত এজন কানাডাৰ নাগৰিকক হত্যা কৰা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিচতে বিভিন্ন দেশে ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল আৰু কানাডাক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছিল ৷ আনহাতে নিউইৰ্য়কত অনুষ্ঠিত এক অনুষ্ঠানত এংশগ্ৰহণ কৰি বিদেশ মন্ত্ৰী জয়শংকৰে কানাডা চৰকাৰক উত্থাপিত অভিযোগ সন্দৰ্ভত যাৱতীয় তথ্য পাতি মুকলি কৰি দিবলৈ হুংকাৰ প্ৰদান কৰিছিল ৷

লগতে পঢ়ক: Khalistani Nijjar killing: হিন্দু ফ’বিয়াৰ সন্মুখত মৌনতা অৱলম্বন ঘৃণাজনিত অপৰাধৰ প্ৰতি সমৰ্থনৰ সদৃশ; অধ্যাপক ইন্দু বিশ্বনাথন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.