ETV Bharat / bharat

Uric Acid Solution: উচ্চ ইউৰিক এচিডৰ বাবে মহৌষধ আপোনাৰ পাকঘৰত থকা এইবিধ মছলা

author img

By

Published : Apr 10, 2023, 11:35 AM IST

উচ্চ ইউৰিক এচিড এনেকুৱা এটা সমস্যা যাৰ ফলত আপোনাৰ শৰীৰত গাউট (Gout), বৃক্ক আৰু গাঁঠিৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি কৰে । ইয়াৰ উপৰিও ভৰি ফুলাও ইউৰিক এচিড বেছি হোৱাৰ লক্ষণ হ’ব পাৰে (Turmeric For Uric Acid)। এনে পৰিস্থিতিত পাকঘৰত উপলব্ধ হালধি আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ।

Can turmeric help in controlling high uric acid levels?
উচ্চ ইউৰিক এচিডৰ বাবে মহৌষধ আপোনাৰ পাকঘৰত থকা এইবিধ মছলা

উচ্চ ইউৰিক এচিড এনেকুৱা সমস্যা যাৰ ফলত আপোনাৰ শৰীৰত গাউট, বৃক্ক আৰু গাঁঠিৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হয় (High uric acid)। ইয়াৰ উপৰিও ভৰি ফুলাৰ সমস্যা ইউৰিক এচিড বেছি হোৱাৰ লক্ষণ হ’ব পাৰে(Uric Acid Solution)।

এনে পৰিস্থিতিত পাকঘৰত উপলব্ধ হালধি মছলা আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে । হালধিত এনে বহু গুণ আছে যিবোৰ শৰীৰত বৃদ্ধি পোৱা ইউৰিক এচিড হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে । ইয়াৰ লগতে বৃদ্ধি পোৱা ইউৰিক এচিড কমোৱাৰ বাবে বহুতো সহজ ঘৰুৱা উপায় চেষ্টা কৰিব পাৰে ।

সেইবাবেই আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ইউৰিক এচিড কমোৱাৰ কিছুমান ঘৰুৱা উপায়, গতিকে আহকচোন জানো (Uric Acid Home Remedies) ইউৰিক এচিড হ্ৰাস কৰাৰ কিছুমান ঘৰুৱা উপায়....

হালধিয়ে কেনেকৈ ইউৰিক এচিড হ্ৰাস কৰে(Turmeric To Reduce Uric Acid)

হালধি এনেকুৱা বনৌষধি যি প্ৰতিটো ভাৰতীয় পাকঘৰত সহজে উপলব্ধ । হালধিত এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবায়টিক গুণ আছে যিয়ে আপোনাক সুস্থ কৰি ৰাখে । ইয়াৰ লগতে হালধিত কাৰকুমিন নামৰ এবিধ উপাদান পোৱা যায় যিয়ে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে । সেইবাবেই হালধিৰ গাখীৰে আপোনাৰ শৰীৰত ইউৰিক এচিড কমোৱাত সহায় কৰে । ইচ্ছা কৰিলে গাখীৰত হালধিৰ লগতে এচিকুট জালুক দিও খাব পাৰে (Uric Acid Solution)।

ইউৰিক এচিড (Uric Acid Home Remedies) কমোৱাৰ বাবে এই ঘৰুৱা উপায়সমূহ ব্যৱহাৰ কৰি চাওক-

  • যদি আপুনি দৈনিক নিয়মিতভাৱে পানী খায়, তেন্তে আপোনাৰ শৰীৰত থকা বিষাক্ত পদাৰ্থ আৰু ইউৰিক এচিড ফিল্টাৰ হৈ যায় (Health Tips)।
  • এনে পৰিস্থিতিত মিঠা আৰু যোগ কৰা চেনিৰে ভৰা বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে । ইয়াৰ বাবেই ডায়েবেটিছ হোৱাৰ আশংকাও থাকে ।
  • গ্ৰীণ টি সেৱনে আপোনাৰ শৰীৰত ইউৰিক এচিড হ্ৰাস কৰাত সহায় কৰে । সেইবাবেই ৰাতিপুৱা আৰু গধূলি গ্ৰীণ টি একাপ খাব (Uric Acid Home Remedies)।
  • ইউৰিক এচিড কম কৰিবলৈ সেউজীয়া শাক-পাচলি, বীন, মচুৰ দাইল, পিণ্টো বীন আৰু সূৰ্যমুখীৰ গুটি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে ।
  • উচ্চ আঁহযুক্ত যেনে ওটচ, আপেল আৰু অমিতা আদি ইউৰিক এচিড হ্ৰাস কৰাত খুবেই লাভদায়ক ।
  • ইউৰিক এচিড হ্ৰাস কৰিবলৈ কমলা, নেমু আৰু জামু আদি ভিটামিন C সমৃদ্ধ বস্তুও খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব (Uric Acid Control)।

লগতে পঢ়ক: Sugarcane Juice For Diabetes: ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰস খোৱাটো নিৰাপদ নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.