নেশ্যেনেল ডেস্ক, 13 নৱেম্বৰ: আজৱ দেশৰ গজৱ কাণ্ড ৷ প্ৰায় প্ৰতিদিনেই দেশত সংঘটিত বহু আজৱ কাণ্ড ৷ তাৰ মাজতে এনে কিছুমান আজৱ কাণ্ড তথা অদ্ভুত কাণ্ডও সংঘটিত হয় যিবোৰ কাণ্ডই আমাক কেতিয়াবা যদি হাঁহিৰ খোৰাক যোগায়, আন কেতিয়াবা আকৌ আমাক ভাবিবলৈ বাধ্য কৰায় যে কি কি নহয় এই পৃথিৱীখনত ৷
এইবাৰ পুনৰ সংঘটিত হৈছে তেনে এক আজৱ কাণ্ড ৷ যি ঘটনাৰ বিষয়ে পঢ়িলে আপুনিও হতবাক হ’ব ৷ এতিয়া আহিছো মূল কথালৈ ৷ ঘটনাৰ স্থান ৰাজস্থানৰ বেহৰ কোহৰানা গাঁও (Strange Occurrence in Alwar) ৷ দেওবাৰে অঞ্চলটোৰ কোহৰানা গাঁৱত পোহৰলৈ আহিছে এক অদ্ভুত গোচৰ । বলবীৰ নামৰ এজন ব্যক্তিয়ে থানাত ৰুজু কৰিছে এটা অদ্ভুত গোচৰ ৷ লোকজনৰ দাবী ঘৰৰ ওপৰেৰে পাৰ হৈ যোৱা হেলিকপ্টাৰৰ প্ৰচণ্ড শব্দৰ বাবেই ঘৰত বান্ধি থোৱা ম’হটোৰ মৃত্যু হৈছে (Buffalo Death due to Loud Noise)।
উল্লেখ্য যে, ইতিমধ্যেই গাঁওবাসীয়ে এই বিষয়ে স্থানীয় আৰক্ষীক অৱগত কৰিছে । ব্যক্তিজনৰ অভিযোগ হেলিকপ্টাৰখনৰ পাইলটৰ গাফিলতিৰ বাবেই ম’হটোৰ মৃত্যু হৈছে (Behror Buffalo Death Case) ৷ এই বুলি অভিযোগ তুলি বেহৰৰ থানাত এজাহাৰ (FIR) পঞ্জীয়ন কৰিবলৈ আবেদন জনাইছে ভুক্তভোগীয়ে (Application Against Helicopter Pilot)।
গাঁওবাসীয়ে জনোৱা মতে, দেওবাৰে অঞ্চলটোত বিধায়ক বলজিৎ যাদৱৰ সমৰ্থকসকলৰ হৈ ধন্যবাদ জ্ঞাপন যাত্ৰাৰ সময়ত হেলিকপ্টাৰৰে বেহৰৰৰ প্ৰতিখন গাঁৱত ফুলৰ বৰষুণৰ কৰি বিধায়ক বলজিৎ যাদৱে ৰাজনৈতিক শক্তি প্ৰদৰ্শন কৰিছিল (Loud Sound of Helicopter) । ভুক্তভোগী বলবীৰে জনোৱা মতে, দেওবাৰে বেহৰৰ অঞ্চলত ফুলৰ বৰষুণ দি থকাৰ সময়তে এখন হেলিকপ্টাৰে বাৰে বাৰে ঘূৰি ফুৰিছিল গাঁওখনত (MLA Baljeet Yadav Political Power ) ।
হেলিকপ্টাৰখন বেহৰৰৰ কোহৰানা গাঁৱৰ ওপৰেৰে পাৰ হৈ যোৱাৰ লগে লগে সেই সময়ছোৱাত ঘৰৰ ভিতৰত বান্ধি থোৱা ম’হটোৱে ভয় খাই মৃত্যুমুখত পৰে । তেওঁ অভিযোগ কৰে যে হেলিকপ্টাৰখনে গাঁৱৰ পৰা প্ৰায় ১০ ফুট উচ্চতাৰ পৰা ফুলৰ বৰষুণ কৰিছিল (Noise Pollution in India) ।
বিধায়ক বলজিৎ যাদৱৰ সমৰ্থকে অঞ্চলটোত হেলিকপ্টাৰখনে ফুলৰ বৰষুণ দি থকা বুলি আৰক্ষী থানাত দিয়া এজাহাৰ পত্ৰত ভুক্তভোগী বলবীৰে উল্লেখ কৰে (Flower Rain in Every Village of Behror)। হেলিকপ্টাৰখনৰ পাইলটৰ অৱহেলাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ ভুক্তভোগীৰ । ম’হটোৰ মূল্য প্ৰায় ডেৰ লাখ টকা আছিল বুলি উল্লেখ কৰে বলবীৰে । গাফিলতিৰ বাবে পাইলটৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিবলৈ দাবী জনাইছে ভুক্তভোগীয়ে । ইফালে গাঁওবাসীয়েও এই বিষয়ে ক্ষোভ প্ৰকাশ কৰিছে । গাঁওবাসীয়ে কয় যে প্ৰশাসনে বলবীৰৰ ম’হটো ঘূৰাই দিব লাগে, নহ’লে ম’হৰ সংখ্যাৰ সমান টকা দিব লাগে (Buffalo Died due to Loud Sound)।
লগতে পঢ়ক: Strange incident in Jorhat: বৰহোলাত সংঘটিত হৈছে এক আজৱ কাণ্ড