ETV Bharat / bharat

সীমান্তত অবৈধ নিচাযুক্ত সামগ্ৰী বনাম BSF - আন্তঃৰাজ্যিক সীমান্ত

ত্ৰিপুৰাত বিএছএফে ৩২ লাখ টকাৰ গাঞ্জা আৰু নিষিদ্ধ সামগ্ৰী জব্দ কৰে ৷ দেশৰ সীমান্তৰ লগতে আন্তঃৰাজ্যিক সীমান্তটো বিএছএফে অব্যাহত ৰাখিছে অভিযান ৷

BSF in Tripura seized cannabis and contraband of Rs 32 lakh
সীমান্তত অবৈধ নিচাযুক্ত সামগ্ৰী বনাম BSF
author img

By

Published : Nov 11, 2021, 9:54 PM IST

আগৰতলা, 11 নবেম্বৰ : বিএছএফে ত্ৰিপুৰাত দেশৰ সীমা সুৰক্ষিত কৰাৰ উপৰিও আন্তঃৰাজ্যিক সীমান্তত নিচাযুক্ত সামগ্ৰী ৰপ্তানি নিয়ন্ত্ৰণত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷ এনে সামগ্ৰীৰ বজাৰ ধ্বংস কৰাৰ বাবে নিয়মীয়াকৈ বিশেষ অভিযান চলাই আহিছে বিএছএফে ৷ নাৰ্কোটিক্স চিণ্ডিকেটৰ জঘন্য অভিপ্ৰায় নিষ্ক্ৰিয় কৰাত সফলো হৈছে বিএছএফ । বুধবাৰে মাজনিশা এনে এটা অভিযানত বিএছএফৰ সৈন্যই বিভিন্ন চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে সফল অভিযান চলায় ৷

এই অভিযানত অন্যান্য নিষিদ্ধ সামগ্ৰীৰ উপৰিও ১৮৮.৪ কিলোগ্ৰাম গাঞ্জা, ১১৪ বটল ফেনচেডাইল / এস্কুফ চিৰাপ সফলতাৰে জব্দ কৰে ৷ ইয়াৰ লগতে ৩২,০৫.২৯১ টকাৰ মূল্যৰ ১০ টা গৰুৰ মুৰ উদ্ধাৰ কৰে । বিএছ এফে নিৰ্দিষ্ট চোৰাংচোৱা ইনপুটৰ ব্যৱহাৰ কৰি, চেপাহিজালা জিলাৰ অন্তৰ্গত বাগভেৰা বনাঞ্চলৰ সাধাৰণ এলেকাত এক বিশেষ তালাচী চলাই এই সামগ্ৰী সমূহ উদ্ধাৰ কৰে ৷

ঘটনাস্থলীত জব্দ কৰা গাঞ্জাসমূহ পৰৱৰ্তী কাৰ্যপন্থাৰ বাবে আগৰতলাৰ কাষ্টম বিভাগক হস্তান্তৰ কৰা হয় ৷ ত্ৰিপুৰা ৰাজ্যখনত ড্ৰাগছৰ সংশয় দূৰ কৰিবলৈ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিভিন্ন অভিযানৰ সময়ত বিভিন্ন নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ বিএছএফ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ বিজেপিৰ প্ৰবীণ নেতা সুব্ৰমণিয়ম স্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.