ETV Bharat / bharat

জৰুৰীকালীন চিকিৎসা সাহায্য লৈ দিল্লীত উপস্থিত ইংলেণ্ডৰ বিমান - British Airways

দেশজুৰি কৰ'ণাৰ সংকট কালত অক্সিজেন চিলিণ্ডাৰ আৰু কনচেণ্ট্ৰেটৰকে ধৰি অন্যান্য জৰুৰীকালীন চিকিৎসা সাহায্য কঢ়িয়াই অনা এখন বয়িং ৭৭৭-২০০ বিমান দিল্লীত উপস্থিত হয় ।

British Airways flies aircraft with emergency aid to Delhi
জৰুৰীকালীন চিকিৎসা সাহায্য লৈ ভাৰতত উপস্থিত ইংলেণ্ডৰ বিমান
author img

By

Published : May 6, 2021, 4:29 PM IST

নেশ্যনেল ডেস্ক,৬ মে': দেশজুৰি কৰ'ণাৰ সংকটকালত অক্সিজেন চিলিণ্ডাৰ আৰু কনচেণ্ট্ৰেটৰকে ধৰি অন্যান্য জৰুৰীকালীন চিকিৎসা সাহায্য কঢ়িয়াই অনা এখন ব’য়িং ৭৭৭-২০০ বিমান দিল্লীত উপস্থিত হোৱা বুলি বৃহস্পতিবাৰে জনায় ব্ৰিটিছ বিমান কৰ্তৃপক্ষই ।

মহামাৰীৰ সময়ত আন্তৰ্জাতিক একত্ৰিত এয়াৰলাইনছ গ্ৰুপ (আইএজি কাৰ্গো), ব্ৰিটিছ বিমান কৰ্তৃপক্ষই ইংলেণ্ড আৰু ভাৰতৰ মাজত এক গুৰুত্বপূৰ্ণ বিমান সংযোগ বজাই ৰাখিছে । পাৰ্যমানে বিমানযোগে সহায় কৰি আহিছে । এই বিমান সেৱা এক বিশেষ চাৰ্টাৰৰ জৰিয়তে কৰা হৈছিল । জানিব পৰা অনুসৰি, ইয়াক দুয়োটা কোম্পানীয়ে সম্পূৰ্ণৰূপে পুঁজি যোগান ধৰিছিল । ব্ৰিটিছ বিমান কৰ্তৃপক্ষই দুৰ্যোগ জৰুৰীকালীন সমিতি (ডিইচি) ৰ সৈতে মিলিত হৈ কাম কৰি আছে বুলি জনায় ব্ৰিটিছ বিমান কৰ্তৃপক্ষই ।

উল্লেখ্য যে, কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভাৰতক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰিছে । ইয়াৰ সংক্ৰমণ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ লগতে সম্প্ৰতি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ভাৰত । ভাৰতৰ এই সংকটকালত সহায়ৰ বাবে বিশ্বৰ কেইবাখনো দেশ আগবাঢ়ি আহিছে । ভাৰতক সহায় আগবঢ়োৱাৰ বাবে ঘোষণা কৰা আগশাৰীৰ দেশবোৰৰ ভিতৰত আছে আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, জাৰ্মানী, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, বেলজিয়াম, ৰোমানিয়া, লাক্সেমবাৰ্গ, ছিংগাপুৰ, পৰ্তুগাল, চুইডেন, নিউজিলেণ্ড, কুৱেইট আৰু মৰিচাছ । ইয়াৰে অধিসংখ্যকে ইতিমধ্যে ভাৰতলৈ চিকিৎসা সামগ্ৰী যোগান ধৰিছে ।

লগতে পঢ়ক: তেলেংগানাত অক্সিজেনৰ অভাৱত 9 গৰাকী ক’ভিড ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.