ETV Bharat / bharat

ত্ৰিপুৰাত বিসম্বাদী বিজেপি বিধায়ক উপস্থিত হোৱাৰ পূৰ্বে বাতিল ৰক্তদান শিবিৰ

author img

By

Published : Jan 13, 2022, 1:57 PM IST

চাব্ৰুমৰ এমএমডি মহাবিদ্যালয়ত উপস্থিত বিজেপিৰ বিসম্বাদী বিধায়ক সুদীপ ৰয় বৰ্মন আৰু তেওঁৰ ঘনিষ্ঠ বিধায়ক আশীষ সাহা । তেওঁলোকে অংশগ্ৰহণ কৰিবলগীয়া ৰক্তদান শিবিৰ বাতিল (MDD college blood donation camp cancelled)। ৰাজনৈতিক সিদ্ধান্তৰ ভুল স্বীকাৰ সুদীপ ৰয়ৰ ।

MDD college blood donation camp
ত্ৰিপুৰাত বিসম্বাদী বিজেপি বিধায়ক উপস্থিত হোৱাৰ পূৰ্বে বাতিল ৰক্তদান শিবিৰ

আগৰতলা, ১৩ জানুৱাৰী : ত্ৰিপুৰাৰ বিসম্বাদী নেতা তথা শেহতীয়াকৈ বিজেপি দল ত্যাগ কৰা বিধায়ক সুদীপ ৰয় বৰ্মন আৰু তেওঁৰ ঘনিষ্ঠ বিধায়ক আশীষ সাহাক লৈ ৰাজ্যখনত ব্যাপক চৰ্চা হৈ আছে । এনে চৰ্চাৰ মাজতে সুদীপ বৰ্মনৰ এক মন্তব্যই ৰাজ্যখনত তোলপাৰ লগাইছে । সুদীপ ৰয়ৰ মতে তেওঁলোকে ভুল কৰিছে আৰু সম্প্ৰতি তেওঁলোকে ভুলৰ সংশোধনৰ বাবে চেষ্টা চলাই আছে । দক্ষিণ জিলাৰ অন্তৰ্গত চাব্ৰুমৰ এমএমডি মহাবিদ্যালয়ত উপস্থিত হৈ এই মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

দুয়োগৰাকী বিতৰ্কিত বিধায়ক মহাবিদ্যালয়খনৰ এক ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰাৰ কথা আছিল । কিন্তু নাটকীয়ভাৱে তেওঁলোকে অহাৰ পূৰ্বে ৰক্তদান শিবিৰ বাতিল কৰা হয় (MDD college blood donation camp cancelled) । ৰক্তদান শিবিৰ হঠাৎ বাতিল কৰাকলৈও ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

মহাবিদ্যালয়খনত উপস্থিত হোৱা ৰাইজ আৰু শিক্ষাৰ্থীসকলক সুদীপ ৰয়ে নিজৰ ৰাজনৈতিক সিদ্ধান্তৰ ভুল স্বীকাৰ কৰি কয় যে ভুল মানুহৰ জীৱনৰ অংশ । কিন্তু জীৱনৰ উদ্দেশ্যে হ'ব লাগে ভুলবোৰ শুধৰণি কৰা । সেয়ে তেওঁ ভুলৰ শুধৰণি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

ইফালে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ মতে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে তেওঁলোকে ৰক্তদান শিবিৰৰ আয়োজন কৰিছিল । এই কাৰ্যসূচীত সুদীপ ৰয় বৰ্মন আৰু বিধায়ক আশীষ সাহাক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল । দুয়োগৰাকী বিসম্বাদী নেতা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি খবৰ পোৱাৰ পাছতে মহাবিদ্যালয় কৰ্তৃপক্ষই ৰক্তদান শিবিৰৰ অনুমতি বাতিল কৰি প্ৰেক্ষাগৃহটো বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । একেদৰে, তেজ সংগ্ৰহৰ বাবে আহিবলগীয়া ৰক্ত সঞ্চাৰণ পৰিষদৰ দলটোৱেও আয়োজকসকলক তেওঁলোকৰ কাৰ্যসূচীত উপস্থিত থাকিব নোৱাৰাৰ বিষয়ে অৱগত কৰিছে ।

আয়োজকৰ মতে ৰক্তদান শিবিৰে কি সমস্যাৰ সৃষ্টি কৰিছে তেওঁলোকে নাজানে । কেইদিনমান পূৰ্বৰে পৰা তেওঁলোকে ভৱনটো আটক ধুনীয়াকৈ সজাইছে । আনকি মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপক সকলোৱেও এই অনুষ্ঠানৰ বিষয়ে জানিছিল । কিন্তু হঠাৎ কিয় এই অনুষ্ঠান বাতিল কৰা হ'ল তাক লৈ তেওঁলোকো আচৰিত হৈছে ।

লগতে পঢ়ক : Manipur Pre Poll Violence : কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ বাসগৃহৰ সমীপত দুটাকৈ আইইডি বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.