ETV Bharat / bharat

ক'ভিড ৰোগীক সকলো প্ৰকাৰে সহায়ৰ বাবে সাজু হৈছে দিল্লীৰ বিজেপি

author img

By

Published : Apr 17, 2021, 9:59 AM IST

হোম কোৱাৰেণ্টাইনত থকা ক’ভিড ৰোগী সকলক সহায়ৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লীৰ বিজেপিয়ে ৷ ক'ভিড ৰোগী সকলক মোডী-কিটৰ অধীনত অক্সিমিটাৰ, ঔষধ, অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান হ'ব বুলি সদৰি কৰিছে দিল্লী বিজেপিৰ মুৰব্বী আদেশ গুপ্তাই ৷

ক'ভিড ৰোগীক সকলো প্ৰকাৰে সহায়ৰ বাবে সাজু হৈছে দিল্লীৰ বিজেপি
ক'ভিড ৰোগীক সকলো প্ৰকাৰে সহায়ৰ বাবে সাজু হৈছে দিল্লীৰ বিজেপি

নিউজ ডেস্ক, 17 এপ্ৰিল : হোম কোৱাৰেণ্টাইনত থকা ক’ভিড ৰোগী সকলক অক্সিমিটাৰ, ঔষধ আৰু খাদ্যবস্তুৰ লগতে বিশেষভাৱে প্ৰয়োজনীয় বিভিন্ন ধৰণৰ সামগ্ৰী যোগান ধৰা সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিৰ দিল্লীৰ সমিতিয়ে ৷ এই উপলক্ষে দিল্লীৰ বিজেপিয়ে ক'ভিডৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰা সন্দৰ্ভত এক বৈঠক আয়োজন কৰে ৷

এই বৈঠকতে হোম কোৱাৰেণ্টাইনত থকা দিল্লীৰ ক'ভিড ৰোগী সকলক মোডী-কিটৰ অধীনত অক্সিমিটাৰ, ঔষধ, অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদানৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ তদুপৰি কোৱাৰেণ্টাইন চেণ্টাৰ সমূহত ছেনিটাজ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈঠকৰ পাচতে এই কথা সদৰি কৰে বিজেপিৰ দিল্লীৰ সমিতিৰ মুৰব্বী আদেশ গুপ্তাই ৷

গুপ্তাই কয়, ক'ভিড আক্ৰান্তৰ সংখ্যা ৰোধ কৰিবৰ বাবে দিল্লী চৰকাৰক সকলো প্ৰকাৰে সহায় কৰিবলৈ সাজু আছে বিজেপি ৷ মোডি-কিটৰ অধীনত দিল্লী সকলো পৰ্যায় লোককে সহায় কৰিব বাবে দিল্লীৰ বিজেপিয়ে লক্ষ্য বান্ধি লৈছে বুলি আদেশ গুপ্তাই মন্তব্য প্ৰকাশ কৰে ৷

উল্লেখ্য যোৱা 24 ঘণ্টাত দিল্লীত ক'ৰণাত আক্ৰান্ত সংখ্যা হৈছে 19,486 গৰাকী ৷ ইয়াৰ বিপৰীতে মৃত্যুৰ সংখ্যা হৈছে 141 গৰাকী ৷

লগতে পঢ়ক: পশ্চিম বংগৰ 45 টা সমষ্টিত আজি পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.