ETV Bharat / bharat

দুদিনীয়া ভ্ৰমণসূচীৰে গোৱাত জে পি নাড্ডা - বিজেপি

দুদিনীয়া ভ্ৰমণসমূচীৰে গোৱাত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী জে পি নাড্ডা ৷ গোৱাৰ উপস্থিত হৈ ৰাজ্যিক মন্ত্ৰী, দলৰ বিধায়ক আৰু অন্যান্য মূল কৰ্মীসকলৰ সৈতে কেইবাখনো বৈঠকত উপস্থিত থাকিব বুলি আশা কৰা হৈছে নাড্ডা । ইফালে গোৱাৰ বিজেপি দলৰ বিভিন্ন শাখাৰ সভাপতি তথা মুুৰব্বীসকলৰ সৈতেও বৈঠকত মিলিত হ'ব বুলি আশা কৰা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।

BJP president JP Nadda
দুদিনীয়া ভ্ৰমণসূচীৰে গোৱাত জে পি নাড্ডা
author img

By

Published : Jul 24, 2021, 9:03 PM IST

নেশ্যনেল ডেস্ক, ২৪ জুলাই : ২০২২ চনৰ আৰম্ভণিতে গোৱাৰ বিধানসভা নিৰ্বাচন (Goa Assembly Election) অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে । যাৰ বাবে এতিয়া গোৱালৈ ইজনৰ পিছত সিজন কেন্দ্ৰীয় নেতাৰ আগমন ঘটিছে । বিৰোধী কংগ্ৰেছে অহা নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে । আনহাতে শাসকীয় বিজেপি দলেও গোৱাত পুনৰ ৰাজত্ব কৰাৰ আশাত বন্দী হৈ আছে ।

পূৰ্বতকৈ অধিক আসন লাভৰ আশাত আছে বিজেপি (BJP) । যাৰবাবে বিজেপিৰ কেইবাজনো কেন্দ্ৰীয় নেতাই শেহতীয়াকৈ গোৱাত উপস্থিত হৈছে । এইবাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও (National President J P Nadda) শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে গোৱাত উপস্থিত হয় । এই সময়চোৱাত দলৰ নেতাসকলক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ।

বিজেপি নেতাগৰাকী গোৱাত উপস্থিত হোৱাৰ লগে লগে তেওঁক বিশাল আদৰণি জনায় দলীয় নেতাসকলে । গোৱা বিজেপিৰ সভাপতি সদানন্দ তানাভাদে (Sadanand Tanavade), মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত (Pramod Sawant) আৰু অন্যান্য কৰ্মকৰ্তাসকলে দাবলিম বিমানবন্দৰত উপস্থিত হৈ বিপুল আদৰণি জনাই নাড্ডাক ।

ইয়াৰ পিছতে নেতাগৰাকী পানাজীস্থিত দলৰ কাৰ্যালয়লৈ যায় । য'ত তেওঁ ৰাজ্যিক মন্ত্ৰী, দলৰ বিধায়ক আৰু অন্যান্য মূল কৰ্মীসকলৰ সৈতে কেইবাখনো বৈঠকত উপস্থিত থাকিব বুলি আশা কৰা হৈছে । ইফালে গোৱাৰ বিজেপি দলৰ বিভিন্ন শাখাৰ সভাপতি তথা মুৰব্বীসকলৰ সৈতেও বৈঠকত মিলিত হ'ব বুলি আশা কৰা হৈছে ।

আনহাতে, দলটোৰ স্থানীয় সূত্ৰই প্ৰকাশ কৰা মতে, নাড্ডাই দেওবাৰে উত্তৰ গোৱাৰ মংগেশী মন্দিৰ (Shree Mangesh temple) পৰিদৰ্শন কৰিব । তাৰ পিছত তেওঁ কুণ্ডইৰ তাপোভূমিত সদগুৰু ব্রহ্মেশানন্দাচার্য ( Sadguru Brahmeshanandacharya) স্বামীৰ সৈতে এক বৃক্ষ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । তেওঁ পানাজীৰ ডন বস্কো হাইস্কুলৰ এটা টীকাকৰণ কেন্দ্ৰও পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে তেওঁৰ ভ্ৰমণ সমাপ্ত কৰাৰ পূৰ্বে এক সংবাদমেলো সম্বোধন কৰিব ।

লগতে পঢ়ক :উত্তৰ-পূৱৰ আঠ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.