নিউজ ডেস্ক, 1 জুলাই : হায়দৰাবাদত শনিবাৰৰ পৰা আৰম্ভ হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ দুদিনীয়া বৈঠক (BJP national executive meeting in Hyderabad)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ সকলো অধিবেশনত অংশগ্ৰহণ কৰিব বুলি শুকুৰবাৰে দলৰ এগৰাকী শীৰ্ষ নেতাই প্ৰকাশ কৰিছে । ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘে কয় যে, হায়দৰাবাদত ১৮ বছৰৰ পাছত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক অনুষ্ঠিত হৈ আছে । ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ পূৰ্বে শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হয় সাধাৰণ সম্পাদকৰ বৈঠক (PM Modi will attend BJP national executive meeting)।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সাধাৰণ সম্পাদকৰ বৈঠকৰ অধ্যক্ষতা কৰে । কাইলৈ পুৱা দলৰ ভবিষ্যত কৌশল সম্পৰ্কে আলোচনা কৰিবলৈ ৰাষ্ট্ৰীয় বিষয়ববীয়া সকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব ৷ এই বৈঠকত ৩৪০ জন প্ৰতিনিধি উপস্থিত থাকিব, য'ত আছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী আদি ৷ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো অংশগ্ৰহণ কৰিব এই বৈঠকত । সন্ধিয়া আৰম্ভ হ’ব ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক ।
প্ৰধানমন্ত্ৰী মোদী সকলো অধিবেশনত উপস্থিত থাকিব আৰু কৰ্মীসকলৰ লগত থাকিব বুলি শুকুৰবাৰে চুঘে কয় । ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক সমাপ্তিৰ পিছত ৩ জুলাই সন্ধিয়া হায়দৰাবাদৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এই উদ্দেশ্য অনুষ্ঠিত হ’ব লগীয়া ‘বিজয় সংকল্প ৰেলী’ত তেলেংগানাই অংশগ্ৰহণ কৰিব বুলি চুঘে কয় (BJP NEC meeting after 18 years )।
তেওঁ আৰু কয় যে, বৈঠকৰ পূৰ্বে ১১৯ জন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যক এটাকৈ বিধানসভা সমষ্টি নিযুক্তিত দিয়া হয় আৰু সেই বিশেষ বিধান সভা সমষ্টিৰ স্থল সমস্যা বুজিবলৈ দুদিন বা ৪৮ ঘণ্টা মানুহ আৰু দলীয় কেডাৰৰ সৈতে সময় কটায় । এই জ্যেষ্ঠ নেতাসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি, প্ৰাক্তন ৰাজ্যিক সভাপতি । তেওঁলোকে নিজ নিজ বিধানসভা সমষ্টিত সাতখন বৈঠক অনুষ্ঠিত কৰে (BJP national executive meet)।
দলটোৱে হায়দৰাবাদত থকা বিভিন্ন গোটৰ লোকৰ ১৪খন সভাও অনুষ্ঠিত কৰিছে য’ত সেই বিশেষ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ নেতাই ভাষণ দিব । চুঘে লগতে কয় যে, নিজামৰ দ্বাৰা কৰা ‘অত্যাচাৰ’ আৰু তেলেংগানা গঠনৰ বাবে বিজেপিৰ অৱদান আৰু সংগ্ৰাম প্ৰদৰ্শনৰ বাবে সভাস্থলীত এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয় ।
বিজেপিৰ তেলেংগানা ইউনিটে টি আৰ এছ চৰকাৰৰ বিৰুদ্ধে ‘কাউণ্টডাউন ৱাচ’ স্থাপন কৰি দলীয় কার্যালয়ত ‘জনবিৰোধী ৰাজ্য চৰকাৰ’ৰ প্রস্থানৰ বাবে বাকী থকা দিন আৰু ঘণ্টাৰ সংখ্যা প্রদর্শন কৰে ৷ "আজি টি আৰ এছ চৰকাৰৰ ৫২২ দিন বাকী আৰু ৩ জুলাইত প্ৰধানমন্ত্ৰীৰ সমাৱেশৰ পিছত ৫২০ দিন হ'ব । সকলোৱে জানে কোনে ৰাজ্য চৰকাৰ চলাই আছে । মুখ্যমন্ত্ৰীৰ জীয়ৰী, পুত্ৰ আৰু জোঁৱায়েকে চলাই আছে চৰকাৰক’’ এই দাবী চুঘৰ ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এই ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ বাবে হায়দৰাবাদলৈ আহিছে ৷
লগতে পঢ়ক : আপুনি সমগ্ৰ দেশৰ ওচৰত ক্ষমা বিচাৰিব লাগে : নুপূৰ শৰ্মাক ভৰ্ৎসনা কৰি উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ