ETV Bharat / bharat

কা বলৱৎ কৰি লোকসভা নিৰ্বাচনৰ ৰণক্ষেত্ৰত নামিব গেৰুৱা দল ! - protest against CAA

Citizenship amendment act 2019: নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বলৱৎ কৰাৰ বাবে উঠি-পৰি লাগিছে বিজেপি চৰকাৰ ৷ যিকোনো প্ৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে CAA বলৱৎ কৰাৰ প্ৰচূৰ সম্ভাৱনা ৷

CAA rules
Lok Sabha Elections
author img

By ANI

Published : Jan 3, 2024, 3:25 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী: হাজাৰ প্ৰতিবাদ, হাজাৰ শ্ল’গান তথা বিক্ষোভকো আওকাণ কৰি নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলৱৎ কৰিবলৈ বদ্ধপৰিক্কৰ হৈ আছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ ৷ এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে লোকসভা নিৰ্বাচনৰ পূৰ্বেই এই আইন বলৱৎ কৰিব চৰকাৰে ৷ গেৰুৱা চৰকাৰখনে 2019 চনতে উচ্চ আৰু নিম্ন দুয়োখন সদনতে গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ তাৰে পিচতে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ প্ৰদান কৰাত ই আইনত পৰিণত হয় ৷

নাগৰিকত্ব সংশোধনী আইনে পাঁচখন চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা নিৰ্যাতনৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা অমুছলমান প্ৰব্ৰজনকাৰীক ভাৰতীয় নাগৰিকত্ব লাভৰ সুবিধা দিব ৷ মুছলমানৰ বাহিৰে হিন্দু, শিখ, জৈন, বৌদ্ধ আৰু অন্যান্য ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব প্ৰদানৰ বাবে ৰূপায়ন কৰা হৈছে এই আইন ৷ 2019 চনৰ ডিচেম্বৰ মাহতে আইনত পৰিণত হোৱা নাগৰিকত্ব সংশোধনী আইন ৰূপায়নৰ বাবে চাৰি বছৰৰো অধিক সময়ৰ প্ৰয়োজন হ’ল ৷ কিয়নো ইয়াৰ সৈতে জড়িত নিয়ম সমূহ সঠিকভাৱে মূল্যায়ন কৰাটো অতি গুৰুত্বপূৰ্ণ ৷
প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ 2019 চনৰ নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিবলৈ যে প্ৰতিশ্ৰুতিবদ্ধ সেয়া ইতিমধ্যেই স্পষ্ট হৈ পৰিছে । 2023 চনৰ 27 ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে দৃঢ়তাৰে কৈছিল যে CAA ৰূপায়ণ বন্ধ কৰিব নোৱাৰি যিহেতু ই দেশৰ আইন হিচাপে পৰিগণিত হৈছে ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বিষয়ত জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগো উত্থাপন কৰিছিল । ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত অমুছলমান সংখ্যালঘু ১৪১৪ জন ব্যক্তিক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: মিজোৰামৰ মুখ্যমন্ত্ৰীৰ দিল্লী কাৰ্যসূচী; সীমান্ত সমস্যাই অগ্ৰাধিকাৰ পোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.