ETV Bharat / bharat

বিজেপিয়ে 'খেল ৰত্ন বঁটা'ৰ নাম কিয় সলনি কৰিলে ? - বিজপিক ক্ষুৰধাৰ সমালোচনা

আজিৰে পৰা "ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা"ক "মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা" হিচাপে নামকৰণ কৰা হৈছে । এই সন্দৰ্ভত অশোক পাটনায়কে প্ৰশ্ন উত্থাপন কৰিছে যে, কিয় বিজেপি চৰকাৰে খেল ৰত্ন বঁটাৰ নাম সলনি কৰিলে ? বৰ্ষাকালীন অধিৱেশনৰ সমাপ্তিৰ সময় চমু চাপি অহাৰ সময়ত চৰকাৰে এই ঘোষণা কৰিছে । আশ্চৰ্যজনকভাৱে, কংগ্ৰেছৰ শাসনকালত অথবা বিজেপিয়েও ইয়াৰ পূৰ্বে কেতিয়াও ভাৰত ৰত্ন বঁটাৰে কিংবদন্তি হকী খেলুৱৈ ধ্যান চান্দক সন্মান জনোৱাৰ কথা ভবা নাছিল ।

BJP Govt renamed Rajiv Gandhi Khel Ratna to Major Dhyan Chand Khel Ratna Award
মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিক্ৰিয়া
author img

By

Published : Aug 6, 2021, 9:21 PM IST

নেশ্যনেল ডেস্ক, ৬ আগষ্ট : ভাৰতীয় জনতা পাৰ্টী(BJP)ৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্ত প্ৰায়েই আন ৰাজনৈতিক দলৰ নেতৃত্বৰ বাবে মূৰৰ কামোৰণি হৈ পৰে । যি সময়ত বৰ্ষাকালীন অধিৱেশন অন্ত পৰাৰ পৰ্যায় পাইছেহি আৰু অলিম্পিকত ভাৰতৰ প্ৰদৰ্শনৰ শেহতীয়া ইতিহাসৰ পৰিপ্ৰেক্ষিতত টকিঅ' অলিম্পিক(Tokyo Olympic)ত ভাৰতৰ প্ৰদৰ্শন ইমান হতাশাজনক নাছিল, সেই সময়ত বিজেপি চৰকাৰে খেল ৰত্ন বঁটাৰ নাম সলনি কৰিছে ।

অশোক পাটনায়কে উল্লেখ কৰা মতে, আজিৰে পৰা "ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা"ক "মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা" হিচাপে নামকৰণ কৰা হৈছে ৷ এয়া বিৰোধীক প্ৰতিহত কৰিবলৈ কম বিকল্প নহয় । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে টুইটযোগে জনাইছে যে, ভাৰতৰ বিভিন্ন প্ৰান্তৰ নাগৰিকৰ পৰা খেল ৰত্ন বঁটাৰ নাম সলনি কৰি মেজৰ ধ্যান চান্দৰ নামেৰে খেল ৰত্ন বঁটাৰ নামকৰণ কৰিবলৈ তেওঁক বহু অনুৰোধ কৰি আহিছিল ।

তেওঁলোকে আগবঢ়োৱা মতামতৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে ধন্যবাদ জনায় । দেশৰ জনতাৰ অনুভূতিৰ প্ৰতি সন্মান জনাই খেল ৰত্ন বঁটাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হিচাপে নামকৰণ কৰা হৈছে বুলি তেওঁ ঘোষণা কৰে । আনহাতে, ক্ৰীড়াক বাদ দি যদি ৰাজনৈতিক দিশৰ পৰা লক্ষ্য কৰা যায়, তেন্তে, বিজেপিয়ে এই সিদ্ধান্তৰ জৰিয়তে কংগ্ৰেছক মোক্ষম আঘাত হানিছে । কিন্তু মোডী নেতৃত্বাধীন চৰকাৰে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া সঁচাকৈয়ে আশ্চৰ্যকৰ ।

বিজেপি চৰকাৰে যদি মেজৰ ধ্যান চান্দৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব বিচাৰিছিল, তেন্তে চৰকাৰে ৰাজীৱ গান্ধী খেল ৰত্নৰ সৈতে মেজৰ ধ্যান চান্দৰ নামতো আন এটা বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিলেহেঁতেন । কিন্তু ৰাজনৈতিক ভাষাত সেই সিদ্ধান্ত অতি সৰল আৰু আদৰ্শগত হ'লহেতেন, যি কেতিয়াও বাস্তৱ হ'ব নোৱাৰে ।

প্ৰত্যাশিতভাৱে, পুনৰ নামকৰণৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত কংগ্ৰেছ নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজপিক ক্ষুৰধাৰ সমালোচনা কৰিছে । ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ নাম পৰিৱৰ্তন কৰি বিজেপিয়ে "ক্ৰীড়া বঁটাক লৈ ৰাজনীতি কৰিছে বুলিও অভিযোগ তুলিছে কংগ্ৰেছে । অলিম্পিয়ান আৰু ৰাজস্থানৰ কংগ্ৰেছ বিধায়ক কৃষ্ণ পুনিয়াই মোডী চৰকাৰক ক্ৰীড়া বঁটা লৈ ৰাজনীতি কৰাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰিছে ।

লগতে পঢ়ক : ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হিচাপে নামাকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.