ETV Bharat / bharat

ত্ৰিপুৰাত বিজেপি আৰু টিপ্ৰা(TIPRA)ৰ কৰ্মীৰ তীব্ৰ সংঘৰ্ষ

author img

By

Published : May 18, 2021, 4:03 PM IST

ত্ৰিপুৰাৰ গোমতী জিলাত বিজেপি আৰু টিপ্ৰা(TIPRA)ৰ কৰ্মীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হয় । সোমবাৰে নতুনবজাৰত দুয়োটা দলৰ সংঘৰ্ষই ভয়ংকৰ ৰূপ লয় । এই সংঘৰ্ষৰ ফলত টিএছআৰ জোৱানসহ দহগৰাকীকৈ লোক আহত হয় । আৰক্ষীয়ে জনোৱা মতে স্থানীয় পঞ্চায়ত সমিতিৰ কমাণ্ড দখল কৰাকলৈ দুয়োটা ৰাজনৈতিক দলৰ মাজত দীৰ্ঘদিন ধৰি ক্ষমতা কেন্দ্ৰীক সংঘৰ্ষ চলি আছিল ।

BJP AND TIPRA CLASH IN TRIPURA
ত্ৰিপুৰাত বিজেপি আৰু টিআইপিআৰএ দলৰ কৰ্মীৰ তীব্ৰ সংঘৰ্ষ

নেশ্যনেল ডেস্ক,১৮ মে': ত্ৰিপুৰাৰ গোমতী জিলাত বিজেপি আৰু টিপ্ৰা(TIPRA)ৰ কৰ্মীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হয় । সোমবাৰে নতুনবজাৰত দুয়োটা দলৰ সংঘৰ্ষই ভয়ংকৰ ৰূপ লয় । এই সংঘৰ্ষৰ ফলত টিএছআৰ জোৱানসহ দহগৰাকীকৈ লোক আহত হয় । আৰক্ষীয়ে জনোৱা মতে স্থানীয় পঞ্চায়ত সমিতিৰ কমাণ্ড দখল কৰাকলৈ দুয়োটা ৰাজনৈতিক দলৰ মাজত দীৰ্ঘদিন ধৰি ক্ষমতা কেন্দ্ৰীক সংঘৰ্ষ চলি আছিল ।

উল্লেখ্য যে সোমবাৰে পুৱা পঞ্চায়ত সমিতি কাৰ্যালয় চৌহদত দুয়োটা দলৰ বৃহৎ সংখ্যক সমৰ্থক একত্ৰিত হোৱাৰ পিছত উত্তেজনা বৃদ্ধি পাবলৈ আৰম্ভ কৰে । সূত্ৰই জনোৱা মতে টিটিএএডিচি নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত চলি থকা সমস্যা সমাধানৰ বাবে এইখন এক গুৰুত্বপূৰ্ণ সভা হ'ব বুলি ধাৰণা কৰা হৈছিল ।

কিন্তু, দুয়োটা দলৰ সদস্যই এক সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ কথা স্বীকাৰ কৰা নাছিল যাৰ ফলত এক তীব্ৰ বিবাদৰ সৃষ্টি হৈছিল । পৰিস্থিতিৰ সুযোগ লৈ একাংশই শিল নিক্ষেপ কৰিছিল ।

আৰক্ষীয়ে সমৰ্থকসকলক ঘটনাস্থলীৰ পৰা ছত্ৰভঙ্গ দিয়াবলৈ সক্ষম হৈছিল যদিও অঞ্চলটোৰ কেইবাটাও ঠাইত আক্ৰমণৰ ঘটনা অব্যাহত থাকে । এই ঘটনাত কেইবাজনো টিআইপিআৰএ আৰু বিজেপি সমৰ্থক আহত হয় । স্থানীয় বিজেপি নেতৃত্বই আহত সমৰ্থকসকলক নতুনবজাৰ চিকিৎসালয়লৈ লৈ যায় ।

আনহাতে, টিআইপিআৰএ সমৰ্থকসকলেও আহত লোকসকলক লৈ চিকিৎসালয় অভিমুখে থকা অৱস্থাত বিজেপিৰ এটা দলে আশ্ৰমপাৰা অঞ্চলত তেওঁলোকৰ বাহনত আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপন কৰে টিআইপিআৰএ সমৰ্থকসকলে ।

ইফালে এই খবৰ বিয়পি পৰাৰ পিছতে বহু সংখ্যক টিআইপিআৰএ মৰ্থক প্ৰতিশোধ ল'বলৈ ঘটনাস্থলীত উপস্থিত হৈছিল । কিন্তু নতুনবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাপী দেববৰ্মা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু টিএছআৰ জোৱানসকলে লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে ।

এই ঘটনাত স্বপ্ন দাস নামৰ এগৰাকী টিএছআৰ জোৱান আহত হয় । আৰক্ষীয়ে জনোৱা মতে উন্নত চিকিৎসাৰ বাবে টিএছআৰ জোৱানসহ চাৰিজন লোকক গোমতী জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । বাকী সকলৰ বেছিভাগক প্ৰাথমিক চিকিৎসাৰ পিছত অব্যাহতি দিয়া হৈছে আৰু দুজন লোক এতিয়াও নতুনবজাৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে ।

পৰৱৰ্তী সময়ত গোমতীৰ আৰক্ষী অধীক্ষক সাস্বত কুমাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক সুদীপ পল আৰু এছডিপিঅ' প্ৰবীৰ পলৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলী পৰিদৰ্শন কৰে । লগতে যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ অঞ্চলটোত পৰ্যাপ্ত সংখ্যক টিএছআৰ আৰু আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক:মিজোৰামত ক'ভিডে প্ৰাণ ল'লে 26 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.