ETV Bharat / bharat

Billkis Bano gangrape case : বিজেপি নেতাৰ সৈতে একেখন মঞ্চত বিলকিছ বানুৰ ধৰ্ষণকাৰী - Billkis Bano gangrape convicts

বিগত বছৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা বিলকিছ বানু দলবদ্ধ ধৰ্ষণকাণ্ডৰ অভিযুক্ত এতিয়া কাষ চাপিছে বিজেপিৰ (Billkis Bano gangrape accused with BJP)। একেখন মঞ্চতে বিজেপি সাংসদ আৰু বিধায়কৰ সৈতে ফটো উঠিছে বিলকিছ বানুৰ ধৰ্ষণকাৰীয়ে । ফটো ভাইৰেল হোৱাৰ পাচতে বিৰোধীয়ে তীব্ৰ আক্ৰমণ কৰিছে চৰকাৰক ।

Billkis Bano gangrape case
বিজেপি নেতাৰ সৈতে একেখন মঞ্চত ধৰ্ষণৰ অভিযুক্ত
author img

By

Published : Mar 27, 2023, 1:38 PM IST

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ : মুকলি আকাশৰ তলত বিলকিছ বানু দলবদ্ধ ধৰ্ষণকাণ্ডৰ গোচৰৰ অপৰাধী (Billkis Bano gangrape case)। বিজেপি সাংসদ আৰু বিধায়কৰ সৈতে একেলগে একেখন মঞ্চতে দেখা গৈছে ধৰ্ষণকাণ্ডৰ এজন অপৰাধীক । শনিবাৰে গুজৰাট চৰকাৰৰ এক অনুষ্ঠানত মঞ্চত দেখা গৈছে ২০০২ চনৰ গুজৰাটৰ হিংসাত্মক ঘটনাৰ সময়ত সংঘটিত বিলকিছ বানো দলবদ্ধ ধৰ্ষণকাণ্ডৰ এজন ধৰ্ষণকাৰীক (Rapist share stage with BJP leader)।

গুজৰাট নিৰ্বাচনৰ পূৰ্বে যোৱা বছৰ স্বাধীনতা দিৱসত ধৰ্ষণকাণ্ডৰ ১১ গৰাকী অভিযুক্তক মুক্তি দিয়া হৈছিল । ইফালে ইয়াক প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানি সোমবাৰে উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হ'ব । উচ্চতম ন্যায়ালয়ত শুনানি হোৱাৰ দুদিন পূৰ্বে ধৰ্ষণৰ অভিযুক্তক বিজেপি নেতাৰ সৈতে একেখন মঞ্চত দেখাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

  • આજરોજ પૂર્વ કેન્દ્રીય મંત્રી અને દાહોદ સાંસદ શ્રી @jsbhabhor સાહેબ દ્વારા કડાણા ડેમ બલ્ક પાઈપલાઈન આધારિત લીમખેડા જૂથ પાણી પુરવઠા યોજનાનું અંદાજીત રકમ ૧૦૧.૮૯ કરોડના કામોનું ભૂમિપૂજન લીમખેડા ખાતે કરવામાં આવ્યું..#shaileshbhabhor #MLAGujarat #limkheda #BJPGujarat #Dahod #bjp pic.twitter.com/qd790S1pzq

    — Shailesh Bhabhor (@ssbhabhor) March 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অনুষ্ঠানটো আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দাহোদৰ সাংসদ যশোৱন্ত সিং ভাভোৰেৰ লিমখেদা গোট পানী যোগান আঁচনিৰ অধীনত পাইপলাইনৰ আধাৰশিলা স্থাপন । তেওঁৰ ভাতৃ শৈলেশ ভাভোৰৰ লগতে লিমখেদাৰ বিধায়কসকলো আছিল মঞ্চত । তেওঁলোকৰ সৈতে বিলকিছ বানু ধৰ্ষণৰ ১১ গৰাকী দোষীৰ ভিতৰত অন্যতম শৈলেশ চিমানলাল ভট্টক মঞ্চত দেখা গৈছে (Billkis Bano rape case accused with BJP leader)।

ইতিমধ্যে অভিযুক্তজন থকা ফটো এখন ভাইৰেল হৈ পৰিছে । লগে লগে বিভিন্নজনে ফটোখনৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ফটোখনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টিএমচিৰ সাংসদ মহুৱা মৈত্ৰাই টুইটযোগে কয় যে, তেওঁ এই দানৱবোৰক পুনৰ কাৰাগাৰত থকাটো চাব বিচাৰে । আনহাতে ন্যায়ৰ উপহাস কৰা এই চৰকাৰখনকো ৰাইজে ওফৰোৱাটো বিচাৰে (Mahua Moitra slams BJP govt)।

  • Bilkis Bano's Rapist Shares Stage With Gujarat's BJP MP, MLA.

    I want to see these monsters back in jail & the key thrown away. And I want this satanic government that applauds this travesty of justice voted out. I want India to reclaim her moral compass. pic.twitter.com/noaoz1c7ZW

    — Mahua Moitra (@MahuaMoitra) March 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, বিলকিছ বানু ধৰ্ষণকাণ্ডৰ ১১ গৰাকী অভিযুক্তক ২০০৮ চনত যাৱজীৱন কাৰাদণ্ড দিয়া হৈছিল (Billkis Bano gangrape convicts)। তেওঁলোকৰ বিৰুদ্ধে বিলকিছ বানুৰ পৰিয়ালৰ ৭ গৰাকী সদস্যৰ লগতে তিনি বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

অৱশ্যে বিগত বছৰ ধৰ্ষণকাৰীসকলৰ মুক্তিৰ পাছত টিএমচিৰ মহুৱা মৈত্ৰা আৰু চিপিএম পলিটব্যুৰো সদস্য সুভাষিনী আলীৰ দৰে বিৰোধী নেতাসকলে তেওঁলোকৰ মুক্তিক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতত কেইবাটাও আবেদন দাখিল কৰিছিল । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে ২২ মাৰ্চত বিষয়টো জৰুৰী তালিকাভুক্তৰ বাবে নিৰ্দেশ দিছিল আৰু বিলকিছ বানুক আশ্বাস দিয়া হৈছিল যে এখন নতুন বিচাৰপীঠ গঠন কৰা হ'ব ।

উল্লেখ্য যে গুজৰাট চৰকাৰে অভিযুক্তসকলক তেওঁলোকৰ আৱেদনৰ ভিত্তিত আৰু এটা পেনেল গঠন কৰাৰ পাছত মুকলি কৰি দিয়া হৈছিল । অভিযুক্তসকলৰ বিজেপিৰ সৈতে ভাল সম্পৰ্ক থকা বুলি সেই সময়ত ব্যাপক চৰ্চা হৈছিল ।

লগতে পঢ়ক :Amritpal wanted poster : নেপাল সীমান্তত অমৃতপালৰ ৱাণ্টেড পোষ্টাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.