ETV Bharat / bharat

বিলকিছ বানু গোচৰ; আত্মসমৰ্পণৰ বাবে সময় বিচাৰি ৩ দোষীৰ ছুপ্ৰিমকোৰ্টত আবেদন - বিলকিছ বানু গোচৰ

Bilkis Bano case convicts : শীৰ্ষ আদালতে ৮ জানুৱাৰীত গোচৰটোৰ ১১ জন দোষীক গুজৰাট চৰকাৰৰ শাস্তি ৰেহাই দিয়াৰ সিদ্ধান্ত বাতিল কৰি ইয়াক অকৰ্তৃত্বশীল বুলি উল্লেখ কৰে । লগতে আটাইকেইজন দোষীক দুসপ্তাহৰ ভিতৰত কাৰাগাৰ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ কয় ।

বিলকিছ বানু গোচৰ
বিলকিছ বানু গোচৰ
author img

By PTI

Published : Jan 18, 2024, 12:51 PM IST

নিউজ ডেস্ক, ১৮ জানুৱাৰী : বিলকিছ বানু গোচৰৰ তিনি দোষীয়ে আত্মসমৰ্পণৰ বাবে অধিক সময় বিচাৰিছে । উচ্চতম ন্যায়ালয়ে ২০০২ চনত গুজৰাটত সংঘটিত হিংসাৰ সময়ত বিলকিছ বানুক দলবদ্ধ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ সাতজন সদস্যৰ হত্যাৰ গোচৰত অভিযুক্ত দোষীসকলৰ শাস্তি যোৱা বছৰ ৰাজ্য চৰকাৰে ৰেহাই দিয়ে ।

কিন্তু ইয়াৰ বিৰুদ্ধে বিলকিছ বানুৱে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত দেশৰ শীৰ্ষ ন্য়ায়ালয়ে আটাইকেইজনৰে মুক্তিৰ সিদ্ধান্ত নাকচ কৰি শীঘ্ৰে আত্মসমৰ্পণৰ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰে ভিতৰত এতিয়া তিনিজন দোষীয়ে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত আত্মসমৰ্পণৰ বাবে সময় বিচাৰি আবেদন কৰে ।

উল্লেখ্য, শীৰ্ষ আদালতে ৮ জানুৱাৰীত গোচৰটোৰ ১১ জন দোষীক গুজৰাট চৰকাৰৰ শাস্তি ৰেহাই দিয়াৰ সিদ্ধান্ত বাতিল কৰি ইয়াক অকৰ্তৃত্বশীল বুলি উল্লেখ কৰে ।

লগতে শীৰ্ষ ন্যায়ালয়ে আটাইকেইজন দোষীক দুসপ্তাহৰ ভিতৰত কাৰাগাৰ কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈও কয় । এতিয়া আত্মসমৰ্পণৰ বাবে অধিক সময় বিচৰা বিষয়টো বৃহস্পতিবাৰে ন্যায়াধীশ বি ভি নাগাৰাথানা আৰু সঞ্জয় কাৰোলৰ বিচাৰপীঠৰ সন্মুখত উত্থাপন কৰা হয় । তেওঁলোকে বিষয়টো সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ সন্মুখত আবেদন দাখিল কৰিবলৈ কয় ।

"তিনিজন দোষীয়ে আত্মসমৰ্পণ আৰু কাৰাগাৰত উপস্থিতি দিয়াৰ বাবে সময় বৃদ্ধিৰ বাবে আবেদন দাখিল কৰি । যিহেতু বিচাৰপীঠখন পুনৰ গঠন কৰিব লাগিব, ৰেজিষ্ট্ৰীয়ে দেওবাৰে সময় উকলি যোৱাৰ পৰা বিচাৰপীঠখন পুনৰ গঠনৰ বাবে মুখ্য ন্যায়াধীশৰ পৰা নিৰ্দেশ বিচাৰিব লাগিব ।" বিচাৰপীঠে কয় ।

উল্লেখ্য যে বিলকিছ বানু গোচৰত ১১ অপৰাধীক গুজৰাট চৰকাৰে মুকলি কৰি দিয়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত দেশজুৰি তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে। গুজৰাট চৰকাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে বিভিন্ন পক্ষই । আনহাতে, উচ্চতম ন্যায়ালয়ৰ ৰায়ক ন্যায় ব্যৱস্থাৰ জয় হিচাপে অভিহিত কৰিছে ।

লগতে পঢ়ক :অযোধ্য়াত বোমা বিস্ফোৰণৰ ভাবুকি, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.