ETV Bharat / bharat

Women Reservation bill: মহিলা সংৰক্ষণ বিধেয়কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ - Bihar Police

মহিলা সংৰক্ষণ বিধেয়কক আদৰণি জনাইছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । অনুসূচিত জাতি-জনজাতিৰ, পিচপৰা আৰু অতি পিচপৰা জাতিৰ মহিলাৰ বাবে সংৰক্ষণৰ পোষকতা মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Women Reservation bill
মহিলা সংৰক্ষণ বিধেয়কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 9:49 PM IST

নিউজ ডেস্ক,19 ছেপ্টেম্বৰ : মঙলবাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন প্ৰদান কৰাৰ লগে লগে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজনৈতিক দলসমূহৰ নেতাই ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ মহিলা সংৰক্ষণ বিধেয়ক আদৰণি জনাই টুইটযোগে তেওঁ কয় যে, আমি পূৰ্বৰ পৰা মহিলা সবলীকৰণৰ সন্দৰ্ভত মাত মাতি আহিছো ৷ সেই স্বৰূপে আমি বিহাৰত বহুতো ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছোঁ । 2006 চনৰ পৰা আমি পঞ্চায়ত নিৰ্বাচনত মহিলাৰ বাবে 50 শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিলো ৷ 2007 চনৰ পৰা পৌৰ নিগমত 50 শতাংশ মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে ৷

  • We welcome the introduction of the Women's Reservation Bill in the Parliament. We have been advocating and taking initiatives to ensure women's empowerment for a long time and have taken many historic steps in Bihar.
    We gave 50% reservation to women in Panchayati Raj Institutions…

    — Nitish Kumar (@NitishKumar) September 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, সংসদত মহিলাৰ বাবে আসন সংৰক্ষণৰ জৰিয়তে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ দৰে পিচপৰা আৰু আটাইতকৈ পিচপৰা শ্ৰেণীৰ মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা থাকিব বুলি বিশ্বাস কৰোঁ ৷ আনহাতে জাতিগত লোকপিয়ল অনুষ্ঠিত কৰি পিচপৰা আৰু আটাইতকৈ পিচপৰা শ্ৰেণীৰ মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী কৰিব পাৰিলেহেঁতেন ৷

উত্থাপিত বিধেয়কখনত উল্লেখ কৰা অনুসৰি ‘‘প্ৰথমে লোকপিয়ল কৰা হ’ব, তাৰ পিচত সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ’ব । ইয়াৰ পিচতহে প্ৰস্তাৱিত বিধেয়কখনৰ নীতিসমূহ বলবৎ হ’ব। ইয়াৰ বাবে শীঘ্ৰে লোকপিয়লৰ কাম সম্পূৰ্ণ হ’ব লাগে । লোকপিয়ল 2021 চনতেই কৰিব লাগিছিল ৷ কিন্তু এতিয়াও লোকপিয়ল হোৱা নাই । লোকপিয়লৰ সমান্তৰালকৈ জাতিগত লোকপিয়লও কৰিব লাগে ৷ তেতিয়াহে মহিলাসকলে ইয়াৰ প্ৰকৃত সুবিধা লাভ কৰিব’’ বুলি টুইট যোগে সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয় যে 2006 চনৰ পৰা প্ৰাথমিক শিক্ষক নিয়োগত মহিলাক 50 শতাংশ সংৰক্ষণ আৰু 2016 চনৰ পৰা সকলো চৰকাৰী চাকৰিত মহিলাক 35 শতাংশ সংৰক্ষণ দিয়া হৈছে । 2013 চনৰ পৰা বিহাৰ আৰক্ষীতো মহিলাসকলক 35 শতাংশ সংৰক্ষণ দিয়া হৈছে । আজি বিহাৰ আৰক্ষীত মহিলা আৰক্ষীৰ অংশগ্ৰহণ দেশৰ ভিতৰতে সৰ্বাধিক বুলি উল্লেখ্য কৰে ৷

লগতে পঢ়ক:Womens Reservation Bill : অৱশেষত বাস্তৱায়িত হ'ল নাৰী সংৰক্ষণ বিধেয়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.