নিউজ ডেস্ক, 21 জুনঃ যোগ শব্দটো আহিছে সংস্কৃত শব্দ যুগৰ পৰা ৷ যাৰ অৰ্থ হ'ল সংযুক্ত কৰা বা একত্ৰিত কৰা ৷ অৰ্থাৎ যোগ হৈছে এনে এক মাধ্যম যাৰ জৰিয়তে দেহ,মন,মানুহ আৰু প্ৰকৃতিৰ মাজত সংযোগ স্থাপনৰ চেষ্টা কৰা হয় ৷ যোগ হৈছে সুস্থভাৱে জীয়াই থকাৰ এটি কলা ৷ এই কলাৰ হাজাৰ বছৰ পূৰ্বে সূচনা কৰা হৈছিল ৷ সিন্ধু সভ্যতাৰ বেদ-উপনিষদ সৰ্বত্ৰে যোগৰ বিষয়ে উল্লেখ আছে ৷
পুৰাণ কথা
কেবাখনো ধৰ্ম গ্ৰন্থত শিৱক আদি যোগী বা যোগ গুৰু বুলি কোৱা হয় ৷ কথিতত আছে যে হাজাৰ বছৰ আগতে হিমালয়ৰ কান্তি সৰোবৰৰ উপত্যকাত সপ্তঋষিৰ মাজত যোগৰ জৰিয়তে শিৱই জ্ঞানৰ সঞ্চাৰ কৰিছিল ৷
পূৰ্ব বৈদিক যুগ (3000 খ্ৰীষ্টপূৰ্বৰ পূৰ্বে)
যোগাভ্যাসৰ ক্ষেত্ৰত হৰপ্পা আৰু মহেঞ্জদাৰোৰ নিদৰ্শন পোৱাৰ লগতে বিভিন্ন যোগমুদ্ৰাৰ ছবিও পোৱা গৈছে ৷ যদিও ইয়াৰ লিখিত কোনো প্ৰমাণ নাই ৷
বৈদিক যুগ ( খ্ৰীষ্টপূৰ্ব 3000- খীষ্ট্ৰপূৰ্ব 800)
খ্ৰীষ্টপূৰ্ব 27 শতিকাত সিন্ধু সভ্যতাৰ জৰিয়তে যোগৰ আৰম্ভণি হৈছিল ৷ সেই সময়ৰ কিছু প্ৰত্নতাত্ত্বিক নিদৰ্শনৰ লগতে জীৱাশ্মসমূহত মানুহক নান মুদ্ৰাত ধ্যানমগ্ন হৈ থকা দেখা গৈছে ৷ তাৰোপৰি বৈদিক যুগত ধৰ্মীয় অনুষ্ঠানটো যোগাভ্যাস কৰা দেখা পোৱা গৈছিল ৷ 1500 খ্ৰীষ্টপূৰ্বত ঋকবেদত যোগৰ উল্লেখ কৰা আছে ৷ 1200-1000 খ্ৰীষ্টপূৰ্বত অথৰ্ব বেদত যোগ, শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণৰ কথা উল্লেখ কৰা আছে ৷
উপনিষদৰ যুগ (খ্ৰীষ্টপূৰ্ব 800- খ্ৰীষ্টপূৰ্ব 500)
যোগ সম্পৰ্কে বেদত যি বিষয়ে উল্লেখ কৰা হৈছিল, উপনিষদত তাৰ বিস্তাৰিত বৰ্ণনা পোৱা গৈছে ৷ 108 খন উপনিষদৰ মাজত 20 খন যোগ উপনিষদ আছে ৷ য'ত যোগৰ ধৰণ, নিয়মাৱলী, যোগৰ সময় , শ্বাসপ্ৰশ্বাসৰ নীতি নিয়মৰ বিষয়ে উল্লেখ কৰা হৈছে ৷
লগতে পঢ়কঃ যোগাভ্যাসেৰে জীৱন সলনি কৰা ৰাজস্থানৰ শিৱভাগৱনক সন্মান প্ৰদান
খ্ৰীষ্টপূৰ্ব 500-250 খ্ৰীষ্টপূৰ্ব
এই সময়ছোৱাত বুদ্ধ আৰু জৈন ধৰ্মৰ যোগ সাধনাৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ মহাবীৰ আৰু গৌতম বুদ্ধৰ ধৰ্মদৰ্শনত যি মুক্তিৰ বিষয়ে কোৱা হৈছে তাত যোগ বিষয়েও উল্লেখ আছে ৷ পৰৱৰ্তী সময়ত, ভাগৱত গীতাটো নানা ধৰণৰ যোগৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ যি সময়ত কুৰুক্ষেত্ৰৰ যুদ্ধত শ্ৰী কৃষ্ণই অৰ্জুনক কৰ্ম যোগ, ভক্তি যোগ আৰু জ্ঞান যোগ আৰু ৰাজ যোগৰ বিষয়ে অৱগত কৰিছিল ৷ কৃষ্ণই কৈছিল যে, সমস্ত যোগ উচ্চত ৷ অৰ্থাৎ যদি কোনো ব্যক্তি নম্ৰতা আৰু নিষ্ঠাৰে বাস্তবতাক বিছাৰে তেন্তে তেওঁ উচ্চ মাৰ্গৰ চেতনা লাভ কৰে ৷ মনৰ মাজত থকা একাগ্ৰতাই যোগৰ লক্ষণ ৷
পতঞ্জলিৰ যুগ (খ্ৰীষ্টপূৰ্ব 200)
মহাভাৰতটো যোগৰ উল্লেখ কৰা আছে ৷ সেয়ে মহৰ্ষি পতঞ্জলিক যোগচৰ্চাৰ জনক বুলি কোৱা হয় ৷ প্ৰথমে তেৱেঁই সুনিৰ্দিষ্ট পদ্ধতিতি যোগাভ্যাস আৰম্ভ কৰিছিল ৷ মহৰ্ষি জনাই তেওঁ উলিওৱা যোগাসনসমূহৰ অৰ্থসমূহো বিশ্লেষণ কৰিছে ৷ তেওঁ 195 টা যোগসূত্ৰক একত্ৰিত কৰি এটা সংক্ষিপ্ত আকাৰ দিছে ৷ ইয়াক পতঞ্জলি যোগ দৰ্শনত ৰাজ যোগ বুলি অভিহিত কৰা হৈছে ৷ ইয়াৰ মুঠ আঠটা শাখা আছে ক্ৰমে ইয়ম্ (সামাজিক বিধি), নিয়ম (ব্যক্তিগত বিধি), আসন (শাৰীৰিক ভংগী), প্রাণায়াম (শ্বাস-প্রশ্বাসৰ বিধি), প্রত্যাহাৰ (চেতনাক দূৰৈত ৰখা), ধাৰণ (মনসংযোগ), ধ্যান ও সমাধি ।
খ্ৰীষ্টপূৰ্ব 200 ৰ পৰৱৰ্তি সময়
এই সময়ছোৱাত বহু সাধু-সন্যাশী আৰু দাৰ্শনিকে যোগভ্যাসত ভাগ লৈছিল ৷ ইয়াৰ মাজত শংকৰাচাৰ্য অন্যতম ৷ ৰাজ যোগ, কৰ্ম যোগৰ সৈতে জ্ঞান যোগৰ বিষয়েও কোৱা হৈছে ৷
আধুনিক যুগ (1700 খ্ৰীষ্টাব্দ-1900 খ্ৰীষ্টাব্দ)
বিশেষকৈ 1863 চনৰ পাছৰ ফালে যোগে আন্তঃৰ্জাতিক স্তৰত পৰিচয় লাভ কৰে ৷ এই ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে স্বামী বিবেকানন্দই ৷ ছিকাগোৰ ধৰ্ম মহাসন্মিলনত স্বামী বিবেকানন্দই সমগ্ৰ পৃথিৱীকে যোগৰ কাষ চপাই আনে ৷ আনহাতে, মহর্ষি মহেশ, পৰমহংস যোগানন্দ, ৰামন মহর্ষি সহ অনেকে পাশ্চাত্যৰ দেশতো যোগৰ প্ৰচাৰ কৰে ৷
বিংশ আৰু একবিংশ শতিকাৰ লগে লগে দেশৰ লগতে বিদেশতো যোগ জনপ্ৰিয় হৈ পৰে ৷ ইয়াৰ পূৰ্বে টি কে কৃষ্ণমাচার্যৰ তিনিজন শিষ্যই দেশ বিদেশত যোগৰ প্ৰচাৰ চলায় ৷ বৰ্তমান যোগৰ ক্ৰমবিকাশ আৰু প্ৰচাৰৰ ক্ষেত্ৰত স্বামী ৰামদেৱে উল্লেখযোগ্য ভূমিকা পালন কৰিছে ৷
2015 চনৰ 21 জুনৰ পৰা আন্তঃৰ্জাতিক যোগ দিৱস পালন কৰা হয় ৷ এইবেলি ষষ্ঠবৰ্ষ ৷ 2014 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 21 জুনক আন্তঃৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাব ৰাখিছিল ৷ 21 জুন দিনটো বছৰৰ আটাইতকৈ সৰ্বোচ্চ দীঘল দিন ৷