ETV Bharat / bharat

কৰ্তব্য পালনৰ বাবে সাজু দেশৰ বিমান কৰ্মী

author img

By

Published : May 25, 2020, 6:45 PM IST

সোমবাৰৰ পৰা আৰম্ভ ঘৰুৱা বিমানৰ চলাচল ৷ কৰ্তব্য পালনৰ বাবে সাজু দেশৰ বিমান কৰ্মী ৷ বিভিন্ন নিৰ্দেশাৱলীৰ অধীনত আৰম্ভ বিমান সেৱা ৷

সোমবাৰৰ পৰা আৰম্ভ ঘৰুৱা বিমানৰ চলাচল
কৰ্তব্য পালনৰ বাবে সাজু দেশৰ বিমান কৰ্মী

নেশ্যনেল ডেস্ক, 25 মে': সোমবাৰৰ পৰা ঘৰুৱা বিমানৰ চলাচল আৰম্ভ হোৱাৰ বাবে পুৱাৰ ভাগতে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ'ল বিমানকৰ্মীসকল ৷ সংবাদমাধ্যমক এগৰাকী বিমান কৰ্মী অমনদীপ কৌৰে কয়, "আমি অলপ চিন্তিত কিন্তু কৰ্তব্য প্ৰথমে আহে ৷ আমাক PPE কিট প্ৰদান কৰা হ'ব ৷"

আন এগৰাকী বিমান কৰ্মীয়ে কয় যে, কৰ'ণা ভাইৰাছৰ বাবে কৰ্মীসকলে পৰাপক্ষত যাত্ৰীৰ সৈতে কম সান্নিধ্যলৈ আহিব ৷ ঘৰুৱা বিমানৰ চলাচল সোমবাৰৰ পৰা আৰম্ভ হোৱাৰ লগে লগে বিমান বন্দৰসমূহৰ দোকান-পোহাৰসমূহো আৰম্ভ কৰা হৈছে ৷

অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিমবংগৰ বাহিৰে দেশৰ সকলো ৰাজ্যতে বিমানসেৱা মুকলি কৰা হৈছে ৷ উল্লেখ্য যে, লকডাউনৰ ফলত 25 মাৰ্চৰ পৰা সকলো ধৰণৰ বাণিজ্যিক বিমানৰ চলাচল বন্ধ কৰি ৰখা হৈছিল দেশত ৷

SOP অনুসৰি, যাত্ৰীসকলে সামাজিক দূৰত্ব মানি চলিব পৰাকৈ বিমানসমূহৰ আসনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে ৷ ইয়াৰোপৰি, যাত্ৰীসকলে বাধ্যতামূলক ভাৱে নিজৰ ফোনত আৰোগ্য সেঁতু এপ ডাউনলোড কৰি পঞ্জীয়ন কৰিব লাগিব ৷ ভিৰৰ পৰা যাত্ৰীসকলক ৰক্ষা কৰিবৰ বাবে বিকল্প চেক-ইন কাউন্টাৰৰ ব্যৱস্থাও কৰা হ'ব ৷ আনহাতে, বিমানকৰ্মীসকলক প্ৰদান কৰা হ'ব PPE কিট, ফেচ মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.