ETV Bharat / bharat

শৌচালয়ৰ অভাৱত লঘোণে থকা গাঁওখনৰ মহিলাসকল

সম্পূৰ্ণ অনাময় আৰু স্বচ্ছতাৰ কথা কোৱা নৰেন্দ্ৰ মোডীৰ বিজেপি চৰকাৰৰ শাসনকালত অতিকে শোচনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে দেশৰ মহিলাসকল ৷ যিটো সময়ত মহিলাসকলৰ বাবে ৰন্ধন গেছকে ধৰি অন্যান্য সুবিধা তথা শেহতীয়াকৈ ভাৰত-কি-লক্ষ্মী নামে আঁচনি গ্ৰহণ কৰা হৈছে, তেনেসময়তে বিজেপি শাসিত ৰাজ্যত লঘোণে থাকিবলগা হৈছে মহিলাসকল ৷ উত্তৰ প্ৰদেশৰ হাৰদৈত সংঘটিত হৈছে এই ঘটনা ৷

শৌচালয়ৰ অভাৱত লঘোণে থকা গাঁৱখনৰ মহিলাসকল
author img

By

Published : Oct 26, 2019, 4:14 PM IST

Updated : Oct 26, 2019, 4:22 PM IST

নিউজ ডেস্ক, 26 অক্টোবৰঃ আজিৰ দিনত শৌচালয়ৰ অভাৱত লঘোণে থকাটো নিশ্চয়কৈ শুনিবলৈ আচহুৱা লাগিব পাৰে ৷ কিন্তু এনে ঘটনাই সংঘটিত হৈছে বিজেপি শাসিত উত্তৰ প্ৰদেশৰ হাৰদৈ জিলাত ৷ জিলাখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবকা সাথ সবকা বিকাশ নীতি, সম্পূৰ্ণ অনাময় আৰু মহিলাৰ বাবে থকা অন্যান্য সকলো আঁচনি এতিয়া ধোৱাচাঙত উঠিছে ৷ যাৰবাবে জিলাখনৰ গুৰগুজ্জা নামৰ গাঁৱখনৰ মহিলাসকলে এক অনন্য পন্থা অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰিছে ৷

জিলা দণ্ডাধীশ গজেন্দ্ৰ কুমাৰৰ ভাষ্য

লগতে পঢ়কঃ নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন খগেন শৰ্মাৰ শেষকৃত্য

ইটিভি ভাৰতৰ হাতত আহি পৰিছে এই তথ্য ৷ হাৰদৈ জিলাখনৰ গুৰগুজ্জা গাঁৱখনৰ প্ৰায় শতাধিক মহিলাই লঘোণে থাকে ৷ মহিলাসকল লঘোণে থকাৰ একমাত্ৰ কাৰণ হৈছে গাঁৱখনত শৌচালয়ৰ অভাৱ ৷ আনহাতে,পৰিৱেশ আৰু স্বাস্থ্যৰ প্ৰতি সংবেদনশীল গাঁৱখনৰ মহিলাসকলে বিগত দিনসমূহত অনাময় ব্যৱস্থাৰ বাবেই মুকলিত শৌচ কৰাৰ পৰাও বিৰত আছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিয়াগোম চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গাঁৱখনৰ মহিলাসকলে চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে চৰকাৰী ধনৰ অপচয় কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

গাঁৱখনৰ অধিকাংশই শ্ৰমিক হোৱাৰ বাবে নিজৰ এটা বাসগৃহকে ধৰি শৌচালয় নিৰ্মাণ কৰিবলৈ আৰ্থিকভাৱে সক্ষম নহয় ৷ সম্পূৰ্ণৰূপে চৰকাৰী আঁচনিৰ ওপৰত নিৰ্ভৰশীল গাঁৱবাসীয়ে চৰকাৰী প্ৰতিনিধিক বাৰম্বাৰ আবেদন জনোৱাৰ পিচটো আজিলৈ সুফল লাভ কৰা নাই ৷ আনহাতে চৰকাৰী গৃহ-নিৰ্মাণ আঁচনিৰ অধীনত পাবলগীয়া সুবিধাৰো অপচয় কৰাৰ অভিযোগ উত্থাপন কৰে গাঁৱবাসীয়ে ৷ চৰকাৰী গৃহ-নিৰ্মাণ আঁচনিৰ অধীনত পাবলগীয়া সম্পূৰ্ণ ধনৰ বিপৰীতে চৰকাৰী বিষয়াই মাত্ৰ 2500টকাকৈ প্ৰদান কৰি বাকীখিনি কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে ৷

লগতে পঢ়কঃ চৰকাৰী প্ৰহসনত পৰিণত বৰপেটাৰ আতচবাজী গাঁও

ঘটনা সন্দৰ্ভত জিলা দণ্ডাধীশ গজেন্দ্ৰ কুমাৰে অভিযোগ লাভ কৰা বুলি ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে ৷ পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টোৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে হিতাধিকাৰীসকলক তেওঁলোকৰ সাহায্য প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

Intro:Body:

শৌচালয়ৰ অভাৱত লঘোণে থকা গাঁৱখনৰ মহিলাসকল 

সম্পূৰ্ণ অনাময় আৰু স্বচ্ছতাৰ কথা কোৱা নৰেন্দ্ৰ মোডীৰ বিজেপি চৰকাৰৰ শাসনকালত অতিকে শোচনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে দেশৰ মহিলাসকল ৷ যিটো সময়ত মহিলাসকলৰ বাবে ৰন্ধনগেছকে ধৰি অন্যান্য সুবিধা তথা শেহতীয়াকৈ ভাৰত-কি-লক্ষ্মী নামে আঁচনি গ্ৰহণ কৰা হৈছে, তেনেসময়তে বিজেপি শাসিত ৰাজ্যত লঘোণে থাকিবলগা হৈছে মহিলাসকল ৷ উত্তৰ প্ৰদেশৰ হাৰদৈত সংঘটিত হৈছে এই ঘটনা ৷ 

নিউজ ডেস্ক, 26 অক্টোবৰঃ আজিৰ দিনত শৌচালয়ৰ অভাৱত লঘোণে থকাটো নিশ্চয়কৈ শুনিবলৈ আচহুৱা লাগিব পাৰে ৷ কিন্তু এনে ঘটনাই সংঘটিত হৈছে বিজেপি শাসিত উত্তৰ প্ৰদেশৰ হাৰদৈ জিলাত ৷ জিলাখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবকা সাথ সবকা বিকাশ নীতি, সম্পূৰ্ণ অনাময় আৰু মহিলাৰ বাবে থকা অন্যান্য সকলো আঁচনি এতিয়া ধোৱাচাঙত উঠিছে ৷ যাৰবাবে জিলাখনৰ গুৰগুজ্জা নামৰ গাঁৱখনৰ মহিলাসকলে এক অনন্য পন্থা অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰিছে ৷ 

ইটিভি ভাৰতৰ হাতত আহি পৰিছে এই তথ্য ৷ হাৰদৈ জিলাখনৰ গুৰগুজ্জা গাঁৱখনৰ প্ৰায় শতাধিক মহিলাই লঘোণে থাকে ৷ মহিলাসকল লঘোণে থকাৰ একমাত্ৰ কাৰণ হৈছে গাঁৱখনত শৌচালয়ৰ অভাৱ ৷ আনহাতে, পৰিৱেশ আৰু স্বাস্থ্যৰ প্ৰতি সংবেদনশীল গাঁৱখনৰ মহিলাসকলে বিগত দিনসমূহত অনাময় ব্যৱস্থাৰ বাবেই মুকলিত শৌচ কৰাৰ পৰাও বিৰত আছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিয়াগোম চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গাঁৱখনৰ মহিলাসকলে চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে চৰকাৰী ধনৰ অপচয় কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ 

গাঁৱখনৰ অধিকাংশই শ্ৰমিক হোৱাৰ বাবে নিজৰ এটা বাসগৃহকে ধৰি শৌচালয় নিৰ্মাণ কৰিবলৈ আৰ্থিকভাৱে সক্ষম নহয় ৷ সম্পূৰ্ণৰূপে চৰকাৰী আঁচনিৰ ওপৰত নিৰ্ভৰশীল গাঁৱবাসীয়ে চৰকাৰী প্ৰতিনিধিক বাৰম্বাৰ আবেদন জনোৱাৰ পিচটো আজিলৈ সুফল লাভ কৰা নাই ৷ আনহাতে চৰকাৰী গৃহ-নিৰ্মাণ আঁচনিৰ অধীনত পাবলগীয়া সুবিধাৰো অপচয় কৰাৰ অভিযোগ উত্থাপন কৰে গাঁৱবাসীয়ে ৷ চৰকাৰী গৃহ-নিৰ্মাণ আঁচনিৰ অধীনত পাবলগীয়া সম্পূৰ্ণ ধনৰ বিপৰীতে চৰকাৰী বিষয়াই মাত্ৰ 2500টকাকৈ প্ৰদান কৰি বাকীখিনি ধন শৰাধ কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে ৷ 

ঘটনা সন্দৰ্ভত জিলা দণ্ডাধীশ গজেন্দ্ৰ কুমাৰে অভিযোগ লাভ কৰা বুলি ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে ৷ পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টোৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে হিতাধিকাৰীসকলক তেওঁলোকৰ সাহাৰ্য প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

Conclusion:
Last Updated : Oct 26, 2019, 4:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.